Monday, February 2, 2015

ঘৰ জোঁৱাই (গল্প)

               ঘৰ জোঁৱাই
    চিৰিলাংছ’ ৰংহাংহেমত আৰু কেইদিন মানৰ পিছতে হ’ব আদাম-আছাৰ।ৰংহাংহেম আৰু গোটেই চুবুৰীতে আনন্দত উদুলি-মুদুলি।কাৰন সূদীৰ্ঘ ২০ বছৰৰ পিছত চুবুৰীতোত সম্পূৰ্ণ পৰম্পৰাগত ৰীতি-নীতিৰে এখন বিবাহ অনুষ্ঠিত হ’ব।কাৰেং আৰু হেমাৰি ৰংহাঙৰ প্ৰথমা কন্যা ছেৰদিহুনৰ বিবাহ হ’ব ছাৰমুক্ৰাঙৰ লগত।নতুন প্ৰজন্মই আদাম-আছাৰ বহুতেই দেখা নাই-কাৰণ আজিকালি প্ৰায় ভাগে প্ৰেমত পৰি ছোৱালি পলুৱাইহে আনে আৰু পিছত ল’ৰা-ছোৱালী ডাঙৰ হোৱাৰ পিছতহে বিবাহৰ ৰীতি-নিয়ম কৰি বিছাৰ চেপাচক সকাম কৰি বৈবাহিক সম্বন্ধটো সমাজৰ পৰা স্বীকৃতি লয়।যাক প্ৰচলিত ভাষাত বুঢ়া-বুঢ়ী বিয়া বুলি কোৱা হয়।
         কিন্তু বুঢ়া-বুঢ়ী বিয়াত আদাম-আছাৰৰ দৰে যি উদুলি-মুদুলি পৰিবেশ,ফুৰ্তি-আনন্দ,ৰং-তামাছা সেইতো নাই।সেয়ে ৰংহাংহেমত আদাম-আছাৰ হ’ব বুলি জানি চুবুৰীতোৰ ডেকা-গাভৰুৰ আৰু মহিলা সকলৰ গাত তত নাইকিয়া।বিয়াৰ কামত সকলোৱে উপজাচি লাগি ভাগি দিছে।বিয়াত কোনে কি কি ৰঙৰ আৰু ডিজাইনৰ পিনি-পেকক পিন্ধিব তাকে লৈ অন্তহীন আলোচনা গাভৰু আৰু মহিলা সকলৰ মাজত।
         বিয়াৰ দিনাখন যাতে দৰা পক্ষৰ মানুহ আৰু অভ্যাগত সকলৰ কোনো অসুবিধা নহয় আৰু শুশ্ৰুষা কাৰ্যত কোনো খুট যাতে নাথাকে তাৰ বাবে পৰিয়াল আৰু চুবুৰীয়া মানুহৰ মাজত দায়িত্ব ভগাই দিয়া হৈছে।
         চুবুৰিয়া হিচাপে মানাই আৰু ছাৰএতক দায়িত্ব দিয়া হৈছে আমন্ত্ৰিত অভ্যাগত সকলক আদাৰণি আৰু শুশ্ৰুষাৰ কামত তদাৰকি কৰাৰ।
         বিয়া ঘৰৰ উদুলি-মুদুলি পৰিবেশত হঠাতে পুৰণিকলীয়া চিনাকি বন্ধু-বান্ধবী,দূৰ-সম্পৰ্কীয় লোকক খন্তেকীয়া ভাবে লগ পালে বৰ ভাল লাগে।কিন্তু ছাৰএতে কুংৰিক এইখন বিয়া ঘৰত লগ পায় যাব বুলি সপোনতো ভবা নাছিল।তাইৰ গাভৰু কালৰ সেই চপলতা এতিয়াও বিদ্যমান।গাভৰু কালৰ সেই পাতল খীন শৰীৰটো কিছু মেদবহুল হৈছে আৰু এক তিৰোতা তিৰোতা ৰুপ লৈছে ছেহেৰাটো।
         মুখত সেই স্বভাবজাত এমোকোৰা হাঁহি লৈ তাই নিজে আগবাঢ়ি আহি ছাৰএতক মাত দিলে আৰু মানাইৰ লগতো চিনাকি হ’ল।হাঁহি মাতি তাই নিমিষতে এটা সহজ পৰিবেশ সৃষ্টি কৰি ললে।কুশলবাৰ্তা বিনিময় হোৱাৰ পিছত সিহঁতৰ  কেইটা সন্তান আৰু কিমান ডাঙৰ হৈছে খবৰ ললে তাই।ছাৰএতে কলে ‘মোৰ ল’ৰা ক্লাছ নাইনত আৰু ছোৱালীজনী ক্লাছ ফাইবত পঢ়ি আছে’।
         হঠাতে তাই হাঁহি হাঁহি ধেমেলিয়া ভাবে এটা কথা কৈ পেলালে-‘মোক বিয়া কৰোৱা হেতেন তোমাৰ ল’ৰাই এতিয়া কলেজ গৈ পালে হয়।তুমিতো আমাৰ পৰা পলাই ফুৰিছিলা তেতিয়া’।
         তাইৰ কথাত সকলোৱে হাঁহিলে।ছাৰএতেও অপ্ৰস্তুত হেঁতা হাঁহি মাৰিলে। মানাইক সি আৰ চকুৰে চালে-তাই তাক যি চাৱনি এটা দিলে সি বুজি পায় গল। কুংৰিৰ এই প্ৰগল্ভ স্বভাবৰ বাবে সি আগতেও আতৰি ফুৰিছিল আৰু ভয়ো কৰিছিল।তাই হানৰি মাহীৰ ছোৱালী কাজকৰ লগত নলেগলে লগা বান্ধবী।তাই বোলে প্ৰায়েই কাজকক কৈছিল-‘অ’ই তোৰ দাদা কি ল’ৰা নহয় নেকি-ছোৱালীবোৰৰ পৰা যে আঁতৰি ফুৰে।মোলৈতো ঘূৰিয়েই নাচায়।কৈ দিবি-ল’ৰা মানুহ ল’ৰাৰ দৰে থাকিব লাগে বুজিছ’।
         কুংৰি এতিয়া এজনী বিবাহিতা তিৰোতা।সিহঁতৰেই তিমুং ফৈদৰ মানুহ এজনৰ লগত বিয়া হৈছে।গতিকে কাৰবি পৰম্পৰাগত সম্বন্ধত তাই এতিয়া তাৰ তিপি মানে বৌৱেক আৰু সি তাইৰ দেওৰেক-‘কৰপ’হাই ’।নিয়ম মতে তাই তাক নাং বুলি সন্বোধন কৰিব পাৰে-সিও পাৰে।সিহঁতৰ মাজত এতিয়া সামাজিক নিয়ম শিথিল হৈ গৈছে।সিহঁতৰ সমাজত ককায়েকৰ মৃত্যুৰ পাচত ভায়েকৰ অৰ্থাৎ দেওৰেকৰ লগত বৈৱেকৰ পুনৰ বিবাহৰ এটা পৰম্পৰাগত ৰীতি আছে।সেয়ে কিছুমান তিৰোতা মানুহবোৰ ‘কৰপ’হাই’ৰ আগত নিলাজ হৈ পৰে।
         ৰাতি বিয়া শেষ হোৱাৰ পিছত ঘৰলৈ উভতাৰ পথতেই মানায়ে তাক জেৰা আৰম্ভ কৰি দিলে-‘এই কুংৰিজনীৰ লগত তোমাৰ কিমান দিনৰ চিনাকী?তাইৰ লগত তোমাৰ কি সম্বন্ধ?’ ইত্যাদি ইত্যাদি অজস্ৰ প্ৰশ্ন।‘মই জানো নহয় তোমাৰ সকলো কথা-তোমাৰ বিষয়ে যিবোৰ কথা শুনিছিলো তাৰ মানে সকলো সঁচা’—তাইৰ মুখৰ পৰা এ-কে-ফৰটি-ছেৱেনৰ গুলি ফুটা দি ফুটিছিল কথাবোৰ।আত্মপক্ষ সমৰ্থনত কিবা কব খুজিও সি ৰৈ গ’ল।কাৰণ সি মানাইৰ খংটো জানে-খাৰৰ তৰকাৰিৰ দৰে একেবাৰতে উতলি উথি জুইকুৰাক নিৰ্বাপিত কৰাৰ দৰে তাইৰ খংটোও অলপ পিচতে শাম কাতিব নিজে নিজে।
         কুংৰিয়ে ঠিকেই কৈছিল-সি এসময়ত ছোৱালীবোৰৰ পৰা আতৰি ফুৰিছিল-এক নিৰাপদ দূৰত্ব বজাই ৰাখিছিল।আচলতে সি বিয়া নকৰিব বুলিয়েই এসময়ত সিদ্ধান্ত লৈছিল।এটা ঘটনাই তাক এই সিদ্ধান্ত লবলৈ বাধ্য কৰাইছিল।লংকি দাদাই কলেজত পঢ়ি থাকোতেই প্ৰেমত পৰি ছোৱালী পলুৱাই আনিছিল।সিহঁতৰ সমাজত এয়া সচৰাচৰ ঘটনা।কিন্তু তাৰ মা-দেউতাকহঁতে এই ঘটনাত বিৰাট আঘাট পাইছিল।বিশেষকৈ তাৰ মাঁক।কাৰন তাৰ মায়ে লংকি দাদাৰ বাবে নিজৰ ভায়েকৰ ছোৱালীক ভাবি বোৱাৰী হিচাপে হনজেং কেকক সকাম কৰি হাতত সূঁতা বান্ধি থৈ আহিছিল তাহানিতে।সিহঁতৰ সমাজত মোমাইৰ ছোৱালীকেই আটাইতকৈ পচন্দৰ বোৱাৰী হিচাপে বিবেচনা কৰা হয়।পুৰণিকলিয়া চিন্তা-ধাৰাৰ তাৰ মাকে নিজৰ ভায়েকৰ ছোৱালীৰ বাহিৰে অন্য কাৰোবাক বোৱাৰি হিচাপে মানি লবলৈ টান পাইছিল।ফলত এই ঘটনাক লৈ সিহঁতৰ ঘৰত অশান্তি সৃষ্টি হৈছিল।তাৰ মাকৰ এটাই দুখ আৰু চিন্তা-‘দন প্লোতদুত প’’-অৰ্থাত মামাহঁতৰ পৰিয়ালৰ লগত থকা সাতামপুৰুষীয়া সম্বন্ধটো অন্ত পৰি যাব।তাৰ মা-দেউতাকহঁতে সকলো খং ক্ষোভ তাৰ ওপৰতে উজাৰি দিছিল।সিও তেওঁলোকৰ সন্দেহৰ আৱৰ্তত থাকি গ’ল।সেই তেতিয়াৰ পৰাই সি ছোৱালীবোৰৰ পৰা আতৰি ফুৰিছিল আৰু বিয়া নকৰো বুলি সিদ্ধান্ত লৈছিল।
         পঢ়াশুনা সমাপ্ত কৰিয়েই সি কৰ্মক্ষেত্ৰত সোমাই পৰিছিল আৰু চৰকাৰী চাকৰিৰ সূত্ৰে দিহিঙে দিপাঙে বদলি হৈ পাহাৰীয়া এই নতুন ঠাইখনত ভৰি দিছিলহি।ইয়াতেই সি লগ পাইছিল মানাইক-তাৰ সপোন কুঁৱৰীক।মানাই মানে জোন।মানাই সঁচাকৈয়ে ৰুপত সাইলাখ ‘মানাই’ৰ দৰেই আছিল।প্ৰথমে চিনাকি,তাৰ পিছত বন্ধুত্ব আৰু তাইৰ প্ৰেমত পৰি এদিন সি তাৰ ‘কনফাৰ্মড বেচেলৰ’ সিদ্ধান্তটো সলনি কৰিবলৈ বাধ্য হৈছিল।এদিন সি সঁচাকৈয়ে তাইক এই বুলি বিয়াৰ প্ৰস্তাৱ দি দিছিল-‘নেংপি নেংছ’ কাচিংকি’ৰ বাবে তোমালোকৰ ঘৰলৈ মা হঁতক পঠিয়াম নেকি?’ তাই হয়তো এই প্ৰশ্নটোৰ বাবে মনে মনে সাজু আছিল।তাই মাথো কলে-‘শুভ কামত বিলম্ব নকৰাই ভাল’।
         ‘নেংপি-নেংছ’ কাচিংকি’ কাৰবি পৰম্পৰাগত বিবাহৰ বাবে আলোচনাৰ প্ৰথম খোজ।ছাৰএৎহঁতৰ ঘৰত তাৰ মাকহঁতে বিবাহৰ আয়োজন কৰি পোৱা নাই।পৰিয়ালত পৰম্পৰা ৰীতি-নীতিৰ পুৰোধা মানুহগৰাকী হ’ল জেঠাই-নি কাদিং।গতিকে জেঠাইক মাতি পঠোৱা হ’ল পৰামৰ্শ লবৰ বাবে।জেঠাই-নি কাদিঙে কলে-‘ছোৱালীৰ পৰিয়ালটো ৰংখাং অঞ্চলৰ মানুহ।শুনিছো ৰংখাঙৰ ৰীতি নীতি আমাৰ লগত কিছু পৃথক আৰু কঠোৰ,তেওঁলোকে পৰম্পৰা ৰীতি নিয়মত আপোচ নকৰে হেনো’।জেঠাই কাদিঙৰ কথাই সিহঁতৰ পৰিয়ালক ভয় খোৱাই দিছিল।আদাম-আছাৰৰ সময়ত ৰীতি-নীতি নাজানিলে এক লজ্জাজনক পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব। লংকাম খুৰাৰ পৰা পৰামাৰ্শ লোৱা হ’ল-তেওঁৰ বিভিন্ন অঞ্চলৰ বিবাহ প্ৰথাৰ ওপৰত যথেষ্ট জ্ঞান আছে আৰু নিজেও এজন পূজাৰী-কুৰুছাৰ।মুঠতে সেইকেইদিন বিবাহৰ পৰম্পৰা ৰীতি নীতিৰ ওপৰত এক আলোচনা চক্ৰই চলি থাকিল।
         এদিন দিন বাৰ মিলাই তাৰ মাঁহতে জেঠাই-নি কাদিং,মাহী হানৰি আৰু পৰিয়ালৰ কেইজনীমান তিৰোতা মানুহক লৈ মানাই হতৰ ঘৰলৈ বিয়াৰ প্ৰস্তাৱ দিবলৈ নেংপি-নেংছ’ কাচিংকি বাবে গ’ল।লগত লৈ গ’ল তামোল-পান আৰু আৰাকৰ বটল মাননিৰ বাবে তাৰোপৰি কেইটামান বিলাতী মদৰ বটল-ৰীতি নিয়মত প্ৰয়োজন নাই যদিও আজি কালি প্ৰায়েই লৈ যোৱা হয়।মানাই হতৰ পৰিয়ালে কন্যাৰ মতামত জানিবৰ বাবে কেহাং আৰু কেহাং কেপাতিনি নিয়মৰ বাবে পুনৰ এদিন আহিবলৈ কৈ পঠালে।
         কেহাং আৰু কেহাং কেপাতিনি বিবাহ আলোচনাৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়।সেই দিনাখন পান তামোলৰ বান্তা লগতে তিতালাওৰ পাত্ৰ বংক্ৰকত হৰলাং আৰু হৰবঙত আৰাক মাননি হিচাপে লৈ ছোৱালীৰ ঘৰলৈ যাব লাগে। কিন্তু যিহেতুকে লৰা-ছোৱালীৰ মাজত ইতিমধ্যে প্ৰেম সম্পৰ্ক গঢ়ি উঠিছে গতিকে একেটা দিনতে এই সকাম কৰিব পৰা যাব বুলি সিদ্ধান্ত লোৱ হ’ল।
         এদিন তাৰ মাকহতে চামবুৰুকছ’ হৰ কেপি সকাম কৰি পূৰ্বপুৰুষ সকলক সুঁৱৰি আশীৰ্বাদ বিচাৰি পূজা এভাগ দিলে আৰু চাউলেৰে মদৰভাত বনাই থাপ সানি ঘৰতে হৰলাং আৰু আৰাক বনাবলৈ আৰম্ভ কৰিলে।জেঠাই কাদিঙে পাচ দিনৰ পিছত হৰলাঙৰ সোৱাদ লৈ খুব ভাল আৰু মিঠা হৈছে আৰু এয়া তিৰিম সকলে আশীৰ্বাদ দিয়াৰ কাৰনে বুলি কলে।
         পূৰ্ব নিৰ্দ্ধাৰিত দিনত সিহঁতৰ ঘৰৰ পৰা তাৰ মাকহঁতে তামোল-পানৰ বান্তা আৰু বংক্ৰকত হৰলাং আৰু আৰাকৰ বটলৰ মাননি হৰহাকত লৈ মানাই হঁতৰ ঘৰলৈ গ’ল।সেইদিনাখনেই মানাইক আনুষ্ঠানিক ভাবে বিয়াৰ প্ৰস্তাৱ দিয়া হ’ল আৰু কন্যাৰ অভিভাৱক পক্ষই দৰা ঘৰৰ পৰা নিয়া মাননি হৰলাং আৰু আৰাক গ্ৰহণ কৰিব লাগে নে নেলাগে মানাইক  পৰম্পৰা মতে আনুষ্ঠানিক ভাবে সোধা হ’ল।মানাই সন্মতি দিয়াৰ পিচত হৰলাং আৰু আৰাক ভগৱানক উচ্ছৰ্গা কৰি সকলোৱে খালে আৰু বিয়া হ’ব বুলি খাটাং কৰা হ’ল।তাৰ মাকহঁতে ঘৰৰ পৰা নিয়া পেকক আৰু সোনৰ আঙুঠি ছিম কিবি বুলি মানাইৰ হাতত দি আহিল।
        বিয়া খাটাং হ’ব বুলি জনাৰ পিছত পৰিয়ালৰ মানুহে বিয়াখনৰ দিন বাৰ সোনকালে থিক কৰিব লাগে বুলি ছাৰএতক জোৰ দিলে।গতিকে সি তাৰ মাক হঁতক এদিন আকৌ হৰবং হৰথে মদৰ মাননি আৰু বান্তা লৈ মানাই হতৰ ঘৰলৈ পঠিয়ালে আজ’আৰনি কেফা অৰ্থাৎ বিয়াৰ দিন বাৰ থিৰাং কৰা সকামটি সম্পন্ন কৰিবলৈ।সেইদিনা বিয়াৰ পৰম্পৰাৰ ৰীতি-নীতিৰ বিষয়ে বিতংভাবে আলোচনা কৰা হ’ল।আগৰ দুটা পৰ্যায় সুকলমে সম্পন্ন হৈছিল-কিন্তু এই তৃতীয় পৰ্যায়ত কিছু সমস্যাই দেখা দিলে।তাৰ দাদা-বৌৰ বিয়া আদাম-আছাৰৰ যোগেদি সম্পন্ন হোৱা নাছিল-গতিকে কিছুমান ৰীতি-নীতিৰ সকাম আধৰুৱা হৈ আছে।সেয়েহে সিহঁতৰ বিয়া আদাম-আছাৰ নিয়ম মতে সম্পন্ন কৰিব নোৱাৰিব।
         মানাইহঁতৰ ঘৰে কিন্তু সিহঁতৰ বিয়াখন আদাম-আছাৰ নিয়ম মতে হোৱাটো বিছাৰে।কাৰন এইটো তেওঁলোকৰ ডাঙৰ ছোৱালীৰ বিয়া আৰু পৰিয়ালত প্ৰথম বিয়া হ’ব।অন্যহাতে সিহঁতৰ পৰিয়ালত আদাম-আছাৰ মতে বিবাহ সম্পন্ন হলেও আকৌ পৰম্পৰা মতে বৰযাত্ৰী জেংতই জেংনি নিয়ম কৰাত বাধা আছে হেনো।মুঠতে এটাৰ পিচত আন এটা সমস্যাই দেখা দি আছে।বিভিন্ন আলোচনা-পৰামৰ্শৰ অন্তত সিদ্ধান্ত লোৱা হ’ল-বিবাহ আদাম-আছাৰ নিয়ম মতেই সম্পন্ন হ’ব কিন্তু কিছুমান পৰ্যায়ৰ ৰীতি-নীতি বাদ দিয়া হ’ব।গতিকে আদাম-আছাৰৰ দিনৰ বাবে জোন চাই দিন বাৰ ঠিক কৰা হ’ল-কাৰন ক্ললিন অৰ্থাৎ কৃষ্ণ পক্ষত কেপাংৰি সম্পন্ন নহয়।
         আদাম-আছাৰৰ দিন।ছাতৰ,চয় হংথৰ আৰু প’হ’ পিন্ধি ছাৰএৎ দৰা হৈ ওলাই যাবলৈ সাজু হ’ল।যাত্ৰাৰ আগতে মদ আৰু শুকান মাছেৰে তিৰিম কাংদুক সকাম কৰি পূৰ্বপুৰুষ সকলক স্মৰন কৰি আশীৰ্বাদ বিচৰা হ’ল।হৰবং হৰথে নিবৰ বাবে হৰহাক সাজু কৰা হ’ল-আৰু মদৰ কলহ হৰতেবুক এটাও লোৱা হ’ল।হৰহাক কঢ়িয়াই নিবৰ বাবে তাৰ বৰদেউতাকৰ ছোৱালী ছেৰজিলি আৰু ভাগিনী ৰুপ্তালিনক মাতি অনা হৈছে।বিয়া নাম গাবলৈ লুঞ্চেপ’ হেমাই খুৰাক লৈ অনা হ’ল গাৱৰ পৰা।বিয়া নাম লুঞ্চেপ’ গায়ক সকলেহে দৰা-কইনাৰ বাপেকৰ হৈ গায় দিয়াৰ নিয়ম।
         কইনাৰ ঘৰত সূৰ্য্যাস্তৰ আগে আগে দৰা গৈ পাব লাগে-গতিকে সিহঁতে গধূলি সময় মিলাই যাত্ৰা আৰম্ভ কৰিলে যাতে কইনাৰ ঘৰত সূৰ্য্যাস্তৰ আগতে গৈ পায়।যিহেতুকে জেংতই জেংনি নাপায়, দৰা আৰু দৰাপক্ষৰ ৰংআছাৰ,ক্লেংদুন-ক্লেংছাৰ্প’ আন লোকসকল অগা পিছাকৈ কইনাৰ ঘৰলৈ গৈ উপস্থিত হ’ল।কইনাৰ ঘৰত তেতিয়া এক উৎসৱ মূখৰ পৰিবেশ।দৰা আৰু দৰা পক্ষৰ মানুহক আদৰিবলৈকে ৰৈ আছিল মানাইহঁতৰ পৰিয়ালৰ মানুহবোৰ।
         বিয়াত আমন্ত্ৰিত অতিথি সকলক বিদায় দিয়াৰ পিছত-দৰা আৰু কইনাৰ পৰিয়ালৰ লোক সকল হংফাৰলাত বহিল।দৰা ঘৰৰ পৰা নিয়া বংক্ৰক আৰু আৰাক এবটল কইনাৰ দেউতাকক ক্লেংছাৰপ’ই সেৱা জনাই মাননি দিয়াৰ পিছত বিয়াৰ কাম আৰম্ভ কৰা হ’ল।তাৰ পিছত কইনাৰ পৰিয়ালৰ মানুহক বিশেষকৈ কইনাৰ মাক, খুড়া-খুড়ী,মামা-মামী,ভাতৃ সকলক মদৰ বটল দি মাননি দিয়া হ’ল।তাৰোপৰি উপস্থিত ৰংআছাৰ,মেকাৰ আছাৰ,ৰিছ’বাছা,ফেৰাংকে সকলকো মদৰ মাননি দিয়া হ’ল।আনহাতে কইনা ঘৰৰ ফালৰ পৰাও দৰাপক্ষৰ মানুহক মদৰ মাননি বটল দিলে।হৰকাংলে অৰ্থাৎ মদৰ মাননি দিয়া কাৰ্য সমাপ্ত হোৱাৰ পিছত কইনাৰ দেউতাই বংক্ৰকৰ পৰা তিনিবাৰ মদ ঢালি বংক্ৰক আৰনাম কেপু মন্ত্ৰ মাতি ‘দৰা-কইনাৰ সম্বন্ধ হাজাৰ বছৰৰ শিলৰ সাকো যেন কটকটীয়া হওক’ বুলি আশীৰ্বাদ দি আদাম-আছাৰৰ কাম আৰম্ভ কৰিলে।
         মাজনিশা ঘৰৰ ভিতৰত নিৰ্দিষ্ট কৰি থোৱা কোঠালীত কইনাঘৰৰ মহিলা আৰু ডেকা-গাভৰু সকলে পেনিকো পেলিমৰ ওপৰত পেলু বিছনা ছাদৰ পাৰি তাৰ ওপৰত কুংৰি আৰু ছাৰএতক দৰা-কইনা হিচাপে বহিবলৈ দিয়া হ’ল।ইজনে সিজনক বাতিত মদ আৰু তামোল খোৱাবলৈ দিলে আৰু ৰাইজক সাক্ষী কৰি শপথ খাবলৈ দিলে-এই পবিত্ৰ বান্ধোন চিৰস্থায়ী হ’ব আৰু বিচ্ছেদ নহ’ব বুলি।তাৰ পিছতে সিহঁতক আজিৰ পৰা স্বামী-স্ত্ৰী বুলি ঘোষনা কৰিলে।এইদৰে কেপাংৰি-কেপাংদন কামতো সম্পাদন কৰা হ’ল।আজিৰ এই অলপ সময়ৰ অনুষ্ঠানৰ বাবে কিমান যে পৰম্পৰা ৰীতি-নীতিৰ পৰিক্ৰমা-আৰু আয়োজন!ছাৰএতে ভাবিলে-এই কাৰনেই ছাগে কিছুমানে ছোৱালী পলুৱাই নিয়ে।
         কেপাংৰি কেপাংদন সম্পন্ন হোৱাৰ পিচত ছাৰএতক দৰাৰ বাবে নিৰ্দিষ্ট কৰি থোৱা কোঠালীত শুবলৈ দিলে।বহু দেৰিলৈকে তাৰ টোপনি অহা নাছিল-এক অনামি অনুভূতিয়ে তাৰ দেহ-মন আলোড়িত কৰি আছিল।অলপ ছিলমিলকৈ টোপনি আহিছিল যদিও দোক-মোকালিতে সি সাৰ পাই গৈছিল।ৰাতিপুৱা শুই উঠি সি আচৰিত হ’ল-দৰা ঘৰৰ মানুহ এজনো নাই! পিছতহে সি গম পালে-সিহঁতৰ বিয়াখন আদাম আছাৰৰ সম্পূৰ্ণ নিয়ম কৰাত অসুবিধা আছে সেই কাৰনে দৰা-কইনা দুই ঘৰৰ সন্মতিত কেপাংৰি পৰ্যায়লৈকে স্থগিত কৰা হৈছে।কাৰন লংকি দাদাহঁতৰ বিয়া পৰম্পৰাগত ৰীতি-নিয়মত কেচেপাচক নকৰালৈকে সিহঁতৰ মাজত আদাম-আছাৰ কাংথুৰ কাৰ্য সম্পূৰ্ণ হ’ব নোৱাৰে।গতিকে দৰাপক্ষই মাজনিশা বিবাহ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত তাক এৰি থৈ ঘৰলৈ ঘূৰি গ’ল আৰু প্ৰতীকি ভাবে পিছ’কেমেন অৰ্থাৎ ঘৰ-জোঁৱাই খাটিবলৈ কইনাৰ ঘৰত তাক এৰি থৈ গ’ল।
         প্ৰচলিত নিয়ম মতে কেপাংৰিৰ পিছদিনাখন কইনাৰ ঘৰতে ৱোৰ কেমাথা পূজা কৰি দৰা-কইনাক পূজাৰ পবিত্ৰ পানী ছতিয়াই আশীৰ্বাদ দিব লাগে।দৰাই কইনাক স্ব-গৃহলৈ লৈ যাওঁতে এই পূজাৰ ভাত-মাংসৰ টোপোলা কৰি দি পঠোৱা হয়।এই ভাতৰ টোপোলা আধা ৰাস্তাত জিৰণি লওঁতে একেটা কলৰ পাতত আনকাচাৰৱাং কৰি ভাত খাই আংদেং আথেকাৰ দিব লাগে।কইনাই গৈ পোৱাৰ পিছদিনাখন দৰাৰ ঘৰতো ৱোৰকামাথা পূজা কৰিব লাগে।বিয়াৰ তিনি সপ্তাহ বা এমাহৰ পাছত দৰাই কইনাক লৈ মাকৰ ঘৰলৈ যাব লাগে।সেইদিনা ছোৱালীয়ে বিয়াৰ দিনা মাকৰ ঘৰৰ পৰা পিন্ধি অহা কাপোৰ আৰু লাওৰ পাত্ৰ মাকক ঘূৰাই দি আহিব লাগে।ইয়াক পেছ’-ৰিছ’ কছেথন দাম বুলি কোৱা হয়। সিহঁতৰ বিয়াখন যিহেতুকে সম্পূৰ্ণ আদাম আছাৰ কাংথুৰ নহয়,কেপাংৰি পৰ্যায়তে স্থগিত ৰখা হৈছে গতিকে সিহঁতে এই পিছৰ সকাম খিনি নকৰিলেও হব এতিয়া। তাৰোপৰি ছাৰএৎ হতৰ পৰিয়ালত জেংতই জেংনিত বাধা-নিষেধ আছে।গতিকে সকলোৰে আলোচনাৰ অন্তত সিদ্ধান্ত লোৱা হ’ল-সি প্ৰতীকি ভাবে কইনাৰ ঘৰত এদিন পিছ’কেমেন অৰ্থাৎ ঘৰ-জোঁৱাই খাটিহে পিছদিনাখন কইনাক নিজ ঘৰলৈ লৈ যাব পাৰিব।


Tuesday, December 9, 2014

মোৰ প্ৰিয় ঔপন্যাসিক ৰংবং তেৰাং-ৰংমিলিৰ হাঁহি আৰু হংক্ৰাম

মোৰ প্ৰিয় ঔপন্যাসিক
 ৰংবং তেৰাং-ৰংমিলিৰ হাঁহি আৰু হংক্ৰাম

অসম প্ৰকাশন পৰিষদৰ মাহেকীয়া আলোচনী ‘প্ৰকাশ’ত ধাৰাবাহিক ভাবে প্ৰকাশ পাইছিল ৰংবং তেৰাঙৰ প্ৰথম উপন্যাস ‘ৰংমিলিৰ হাঁহি’।সেয়া ১৯৭৯ চনৰ কথা।আমি তেতিয়া হাইস্কুলৰ তলৰ শ্ৰেনীৰ ছাত্ৰ।প্ৰকাশ আলোচনীত সেই তাহানিতে পঢ়া ‘ৰংমিলিৰ হাঁহি’ৰ প্ৰথম খণ্ডৰ ‘ফাগুনৰ এটি ধূসৰ সন্ধিয়া’ৰ চিত্ৰটো এতিয়াও মনত সজীৱ হৈ আছে।উপন্যাসখন পঢ়ি আমি ইমানেই প্ৰভাৱিত হৈছিলো যে আলোচনীখনৰ পৰৱৰ্ত্তী সংখ্যাৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছিলো।১৯৮০ চনত উপন্যাসখনৰ অন্তিম খণ্ড প্ৰকাশ হোৱাৰ পিছত বহুদিনলৈকে মনত উপন্যাসখনৰ চৰিত্ৰবোৰৰ কথাই দোলা দি আছিল।১৯৮১ চনত ‘ৰংমিলিৰ হাঁহি’ কিতাপ আকাৰে প্ৰ্কাশ হোৱাত আমি আকৌ এবাৰ পঢ়িবলৈ সুযোগ পালো।
    আমি কটন কলেজত থাকোতে ১৯৮৫ চনত ৰবিন্দ্ৰভৱনত ‘ৰংমিলিৰ হাঁহিৰ’ নাট্যৰুপ চাইছিলো।চাই ভাল লাগিছিল,কিন্তু নাট্যকাৰে ‘ৰংমিলিৰ হাঁহি’ক মঞ্চত সফলভাবে উপস্থাপন কৰিব পৰা নাছিল।
    পঢ়া সমাপ্ত কৰি আমি কৰ্মৰ সন্ধানত ১৯৯৩ চনত গুৱাহাটী দূৰদৰ্শনত ‘প্ৰগ্ৰেম এছিষ্টেন্ট’ পদৰ বাবে সাক্ষাৎকাৰ দিবলৈ গৈছিলো।আমাক সাক্ষাৎ লৈছিল কেন্দ্ৰ সঞ্চালকে নিজে আৰু লগত আছিল বিশিষ্ট নাট্যকাৰ দুলাল ৰয়।সাক্ষাৎকাৰৰ সচৰাচৰ প্ৰশ্ন কেইটামান সোধাৰ পিছত দুলাল ৰয়ে মোক ‘ৰংমিলিৰ হাঁহি’ৰ বিষয়ে সুধিছিল।মোৰ প্ৰিয় উপন্যাসখনৰ বিষয়ে ক’বলৈ মই ভালেই পালো।
    কৰ্মক্ষেত্ৰ্ত সোমাই চাকৰি সূত্ৰে অসমৰ দিহিঙে দিপাঙে ঘূৰি ফুৰি শেষত পশ্চিম কাৰবি আংলঙৰ ৰংখাঙত ভৰি দিলো।তাতে এদিন শুনিলো-বৈঠালাংছ’ৰ ওচৰৰ হংক্ৰামত ৰংবং তেৰাঙৰ বহুপঠিত বিখ্যাত ‘ৰংমিলিৰ হাঁহি’ উপন্যাসখনৰ টিভি ছিৰিয়েলৰ শ্বুটিং চলি আছে।পিছত গুৱাহাটী দূৰদৰ্শনত সম্প্ৰচাৰিত ‘ৰংমিলিৰ হাঁহি’ৰ ধাৰাবাহিকখনে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল।তেতিয়াই ধাৰাবাহিকখনকলৈ এটা বিতৰ্কও সৃষ্টি হৈছিল। তেতিয়াই আমি ‘ৰংমিলিৰ হাঁহি’খন পুনৰ পঢ়িছিলো। এইবাৰ পঢ়োতেহে মই বহুত নতুন কথা আৱিস্কাৰ কৰিলো।এয়া দেখোন মোৰ কৰ্মস্থল ৰংখাং অঞ্চলৰ চিনাকি পটভূমিত লিখা উপন্যাস।উপন্যাসখনত উল্লেখ কৰা প্ৰায়বোৰ ঠাইলৈকে ইতিমধ্যে মই গৈছো।
    ইমান দিনে মনত উদয় হোৱা নানান প্ৰশ্নৰ উত্তৰ পাবলৈ মোৰ প্ৰিয় ঔপন্যাসিকজনক সাক্ষাৎ কৰিবলৈ মনত বহুদিনৰ পৰাই এটি ইচ্ছা পুহি ৰাখিছিলো। তাতে ছাইদু হাংমিজি হাঞ্চেই স্মৃতি গ্ৰন্থৰ বাবে ৰংবং তেৰাং ছাৰৰ সাক্ষাৎকাৰ ল’বলৈ তাগিদা দিয়াত এদিন সন্ধিয়া পৰিবাৰ আৰু ছোৱালীজনীক লগত লৈ আমি ‘ৰংমিলিৰ হাঁহি’ৰ স্ৰষ্টা ঔপন্যাসিকজনক পূৰ্ব নিৰ্ধাৰিত সময় মতে ডিফুৰ নিজা বাসভৱনত লগ কৰিবলৈ গৈছিলো।ডিচেম্বৰ মাহ-ছাৰে তেতিয়া জুহালত জুই পুৱাই আছিল।আমি গৈ পোৱাত ছাৰে সেই চিৰ পৰিচিত হাঁহিৰে আমাক আথে বেথে আদৰি ড্ৰয়িং ৰুমলৈ লৈ যাব বিচাৰিছিল।আমি কিন্তু ছাৰৰ লগত জুহালতে বহি ললো।ছাৰে ঘৰত থকা ছোৱালীজনীক চাহ বনাবলৈ ক’লে।আমাৰ ভাল-বেয়া খবৰ ললে,আমিও ছাৰৰ খবৰ ল’লো।তাৰ পিছত আমি যোৱাৰ উদ্দেশ্যৰ কথা ক’লো। ‘ৰংমিলিৰ হাঁহি’ৰ বিষয়ে নানান কথা পাতি ছাৰৰ লগত এটা অন্তৰংগ সন্ধ্যা পাৰ কৰিলো।
    ‘ৰংমিলিৰ হাঁহি’ উপন্যাসখন ৰচনা কৰাৰ প্ৰেৰণা বাৰু ৰংবং ছাৰে ক’ৰ পৰা পাইছিল-এই কথাটো বহুদিনৰ পৰাই জানিবৰ ইচ্ছা হৈছিল।ছাৰৰ নিজৰ ভাষাত-অসমীয়া সাহিত্যৰ ভঁৰালত অসমৰ কাৰবি সমাজ সম্বলিত কাহিনীমূলক সাহিত্যৰ অভাৱ অনুভৱৰ বেদনাৰ গভীৰতা,ডঃবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘ইয়াৰুইংগম’(১৯৬০)আৰু লুম্বেৰ দাইৰ ‘পৃথিৱীৰ হাঁহি’(১৯৬৩)ত প্ৰকাশিত জনজীৱনৰ কাহিনী,অসমৰ সমসাময়িক পৰিস্থিতিৰ লগতে অসমৰ পাহাৰ-ভৈয়াম সম্প্ৰীতিক সাহিত্য-সংস্কৃতিয়ে ব্ৰহ্মপুত্ৰৰ জলধাৰাৰ দৰেই একেটাৰুপত প্ৰৱাহিত কৰি ৰাখিব পাৰে-এই শ্বাশ্বত সত্যৰ উপলব্ধিয়ে সঞ্চাৰ কৰা প্ৰেৰণাতে সৃষ্টি হৈছিল ‘ৰংমিলিৰ হাঁহি’।আৰু কাৰবি আংলঙৰ মাটি আৰু মানুহক বহিৰ্জগতৰ সৈতে পৰিচয় ঘটোৱাৰ সপোন তাহানিখনৰেই।সেই সপোন বাস্তৱত ৰুপান্তৰ ঘটোৱা মাধ্যমেই ‘ৰংমিলিৰ হাঁহি’।
    উপন্যাসখন ৰচনা কৰাৰ প্ৰেৰণাৰ কথা আমি বাৰু জানিলো-কিন্তু উপন্যাসখনৰ সৃষ্টি কৰাৰ নেপথ্যৰ কথাবোৰো আমি জানিবলৈ বিচাৰিছিলো ছাৰৰ মুখৰ পৰা।যেনে ধৰক-কাৰবি আংলংখন এটা বিশাল অঞ্চল-কিন্তু উপন্যাসখনৰ কাহিনিৰ পটভূমি হ’ল পশ্চিম কাৰবি আংলঙৰ ৰংখাং অঞ্চলৰ বৈঠালাংছ’ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চল।আমি জানো যে তেৰাং ছাৰ ৰংখাং অঞ্চলৰ বাসিন্দা নহয়।তেনেস্থলত ‘ৰংমিলিৰ হাঁহি’ উপন্যাসৰ পটভূমি ৰংখাঙত নিৰ্বাচন কৰাৰ প্ৰেৰণা ক’ৰ পৰা কনেকৈ পালে?
    ছাৰে অমাক কৈছিল-জয়ছিং দলৈ চি ই এম হৈ থাকোতে (১৯৭২-৭৮) কাৰবি আংলং জিলা পৰিষদে প্ৰখ্যাত বোলছবি পৰিচলক শিৱ প্ৰসাদ ঠাকুৰৰ পৰিচালনাত ‘প্ৰগতিৰ পথত কাৰবি আংলং’ নামৰ এখন তথ্য চিত্ৰ নিৰ্মান কৰিছিল।সেই তথ্য চিত্ৰখনৰ চিত্ৰনাট্য ৰচনাৰ দায়িত্ব দিয়া হৈছিল ৰংবং তেৰাং আৰু ৰয় ইংহিক।ৰয় ইংহিয়ে অৱশ্যে পিছত এই কামৰ পৰা আঁতৰি আহে।ফলত ৰংবং তেৰাঙে অকলে শিৱ প্ৰসাদ ঠাকুৰৰ লগত গোটেই কাৰবি আংলংখন বিস্তৃতভাবে ভ্ৰমণ কৰিব লগা হৈছিল।তেতিয়াই তেওঁ পশ্চিম কাৰবি আংলঙৰ ৰংখাং অঞ্চলৰ ৰংহাং ৰংবঙৰ পৰা আৰম্ভ কৰি উমৰাছি,উমতিলি,টিকা আৰু ৰংমান্দু আদি ঠাইবোৰ ভ্ৰমণ কৰিছিল আৰু কাৰবিসকলৰ ৰংখাং অঞ্চলৰ চহকী পৰম্পৰাগত সমাজ-সংকৃতিৰ স্বকীয়তাই তেওঁক প্ৰভাৱাম্বিত কৰিছিল।কাৰবি সকলৰ ৰজা আৰু হাবে পিনপ’ আদি এতিয়াও কাৰবি সমাজ ব্যৱস্থাত ৰংখাং অঞ্চলতেই আছেগৈ।সেই কাৰণে তেওঁ উপন্যাসখনৰ বাবে ৰংখাং অঞ্চলহে পটভূমি হিচাপে নিৰ্বাচন কৰিছিল।
    ৰংবং ছাৰক তেতিয়াই মই এটা প্ৰশ্ন সুধিছিলো-‘ৰংমিলিৰ হাঁহি’খনত হংক্ৰামৰ দাঁতি-কাষৰীয়া অঞ্চল,যেনে-বি-হেনৰু,লংৰে,উমৰু,টীকা আৰু চেকছ’ আংলং আদি অঞ্চলৰ আচল নাম উল্লেখ কৰিছে।কিন্তু ইয়াত হংক্ৰামৰ নাম ক’তো উল্লেখ নাই।অৱশ্যে হংক্ৰামৰ লাংকুং হাবে ছাৰছিং হাবেৰ কথা উল্লেখ আছে। ‘ৰংমিলি’ গাওঁখন আমি হংক্ৰাম গাওঁখনেই বুলি ধৰিব পাৰো নেকি?
    ছাৰে তেতিয়া কলে যে-হংক্ৰাম গাওঁখনেই ৰংমিলি গাওঁখন বুলি ঠিক নকওঁ-কিন্তু হংক্ৰামলৈ আহিহে মই প্ৰথমে শাৰী শাৰী ছাংঘৰ দেখিছিলো,হাবে পিনপ’ক লগ পাইছিলো-গতিকে ‘ৰংমিলি’ গাওঁখন অংকন কৰোতে হংক্ৰামৰ পৰোক্ষ প্ৰভাৱ নিশ্চয় পৰিছে।
    ৰংবং তেৰাং হংক্ৰামৰ জোঁৱাই বুলি বোধহয় বহুতে নাজানে।তেওঁ হংক্ৰামৰ জীয়ৰী-জয়ছিং হাঞ্চে আৰু কাএৎ তেৰনপীৰ কন্যা আৰু বিশিষ্ট লিখক আৰু ৰাজনীতিবিদ ছামছিং হাঞ্চেৰ বায়েক কানাম হাঞ্চেপীৰ পতি।প্ৰকৃততে ৰংবং তেৰাং পূব কাৰবি আংলঙৰ বাসিন্দা।তেওঁৰ জন্ম বকলীয়াঘাটৰ লাংবুংদিংপি এৰাগাঁৱত ১৯৩৭ চনৰ ১৩ জানুৱাৰীত।পিতা বিনহুম তেৰাং আৰু মাতৃ বা-ইক ৰংহাংপী।তেওঁ স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল লংকাত,কলেজীয়া শিক্ষা নগাওঁ কলেজত।তেওঁ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লয় আৰু ডিফু চৰকাৰী কলেজত অধ্যপনা কৰে।কলেজখনৰ ভাৰপ্ৰাপ্ত প্ৰিঞ্চিপাল হৈ থাকোতে তেওঁ অৱসৰ গ্ৰহন কৰে।
    ৰংবং তেৰাং ছাৰে ‘ৰংমিলিৰ হাঁহি’ উপন্যাসখনৰ কাহিনী আৰু চৰিত্ৰ সম্পৰ্কে নিজে এই বুলি লিখিছিল-‘প্ৰাগ-স্বাধীনতা যুগৰ কাৰবি সমাজৰ ওপৰত ভিত্তি কৰি লেখা হেতুকে বহুতো প্ৰ্ভাৱশালী ব্যক্তিৰ কথাও প্ৰসংগত আনিবলগীয়া হৈছে।সেইসকলক অৱমাননা কৰিবৰ মোৰ সাহস নাই।উপন্যাসখনৰ চৰিত্ৰবোৰৰ পৰা তেখেত সকলক আঁতৰত ৰাখিহে কাহিনী পৰিবৰ্ধিত কৰা হৈছে।ইয়াৰ কাহিনী আৰু চৰিত্ৰসমুহ সম্পূৰ্ণ কাল্পনিক’।---গতিকে আমি সকলোৱে জানো যে উপন্যাসখনত বহুতো আচল চৰিত্ৰ সন্নিবিষ্ট হৈছে-কিন্তু উপঅন্যাসখনৰ কাল্পনিক চৰিত্ৰ ছাৰইক,অমফু,কাদম আদি চৰিত্ৰ অংকন কৰোতে বাৰু কোনোবা প্ৰকৃত চৰিত্ৰসমূহৰ ওপৰত ভেঁজা দি অংকন কৰিছিল নেকি?আমি শুনা মতে ছাৰইক চৰিত্ৰটোত আপোনাৰ হুপ’ অৰ্থাৎ শশুৰ দেউতা জয়ছিং হাঞ্চেৰ চৰিত্ৰ কিছু প্ৰতিফলিত হৈছে?কথাটো কিমান দুৰ সঁচা?
    তেৰাং ছাৰে পোনচাতে ইতিবাচক উত্তৰ নিদি ক’লে যে-মই আগতেও কৈছো,উপঅন্যাসখনত হংক্ৰামৰ পৰোক্ষ প্ৰভাৱ পৰিছে বুলি গতিকে মই যিহেতু হংক্ৰামৰেই জোঁৱাই আৰু উপন্যাসখনৰ পটভূমি সেই অঞ্চলৰ ওপৰত ভিত্তি কৰা গতিকে কিছুমান চৰিত্ৰৰ প্ৰভাৱ নিশ্চয় পৰিছে।সেইটো স্বাভাৱিক কথা।কিছুমান চৰিত্ৰ অংকন কৰোতে মোৰ ব্যক্তিগত অভিজ্ঞতা কিছু কল্পনাৰ ৰহন সনা হৈছে।ধৰক হেমাইৰ কাম্পুৰ স্কুললৈ পঢ়িবলৈ যাওঁতে নাৱেৰে পাৰ হোৱা বৰ্ণনাটো।সেইবোৰ কথা লিখোতে মোৰ ল’ৰালি কালত লংকাত পঢ়িবলৈ যাওঁতে যমুনা নদী ঘাটত নাৱেৰে পাৰ হোৱা অভিজ্ঞতা হংক্ৰামৰ ফু মোহনহঁতে হংক্ৰামৰ পৰা কম্মপুৰত পঢ়িবলৈ যোৱা অভিজ্ঞতাবোৰ মোক যি বৰ্ণনা দিছিল সেইবোৰ অভিজ্ঞতা একেলগে সাঙুৰি মই কিছু কল্পনাৰ ৰসন সানি বৰ্ণনা কৰিছে।গতিকে প্ৰভাৱ নিশ্চয় পৰিছে।
    উপন্যাস সাহিত্যত আঞ্চলিক উপন্যাস বুলি এটা শাখা আছে।ডঃপ্ৰফুল্ল কটকীয়ে তেখতৰ ‘স্বৰাজোত্তৰ অসমীয়া উপন্যাসৰ সমীক্ষা’ নামৰ কিতাপখনত আঞ্চলিক উপন্যাস সম্পৰ্কে আলোচনা কৰোতে এই বুলি লিখিছিল-‘আঞ্চলিক উপন্যাস বুলিলে টমাছ হাৰ্ডিৰ সুবিখ্যাত ৱেছেক্স উপন্যাস সমুহলৈ মনত পৰে।ৱেছেক্স অঞ্চলৰ প্ৰকৃতিয়ে সেই অঞ্চলৰ অধিবাসী বা তাৰ লগত কোনো প্ৰকাৰে জড়িত কিছুমান চৰিত্ৰৰ(মূখ্য বা গৌণ) জীৱনৰ হাৱ-ভাৱ,ধ্যান-ধাৰণা,চলন-ফুৰন,মাত-কথা ইত্যাদি কেনেকৈ প্ৰভাৱাম্বিত কৰে সেই কথা সেই উপন্যাসবোৰত দেখুৱা হৈছে।সেইবোৰ উপন্যাসত অঞ্চলটোৰ প্ৰভাৱ এমান দৃঢ় আৰু সুদূৰ প্ৰহাৰী ভাবে চিত্ৰিত হৈছে যে কোনো চৰিত্ৰই তাৰ পৰা আঁতৰি থাকিব নোৱাৰে।
    সাৰ্থক আঞ্চলিক উপন্যাস বুলি দাবী কৰিবলৈ হ’লে উপন্যাসখনত অঞ্চলটোৰ লয়লাস,গতিভংগী ধৰণ-কৰন সমস্তই সামগ্ৰিক ৰুপত পৰিসফুট হৈ কলাৰ পৰ্যায়লৈ উঠিব লাগে,পাঠকৰ মানসপটত জীৱন্ত হৈ ৰোৱাকৈ চিত্ৰিত হ’ব লাগে’—
    ‘ৰংমিলিৰ হাঁহি’ত পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং অঞ্চলৰ মাত-কথা,সমাজ ব্যৱস্থা,জীৱনধাৰা আৰু ঠাইবোৰৰ বিষয়ে ইমান জীৱন্ত চিত্ৰ অংকন কৰিছে যে ই অনাকাৰবি পাঠকক অভিভূত কৰিছে আৰু কাৰবি সমাজ আৰু ঠাইবোৰৰ বিষয়ে অন্তৰত গভীৰভাবে সাঁচ বহুৱাব পাৰিছে।আমি বাৰু ‘ৰংমিলিৰ হাঁহি’ক এখন সাৰ্থক আঞ্চলিক উপন্যাস বুলিব পাৰোনে?
    ছাৰে স্বভাৱজাত বিনম্ৰতাৰে ক’লে যে-সেইদৰে চাবলৈ গ’লে ‘ৰংমিলিৰ হাঁহি’ক আঞ্চলিক উপন্যাস বুলি কোৱাত মোৰ আপত্তি নাই।কিন্তু কিমানদূৰ সাৰ্থক আঞ্চলিক উপন্যাক হৈছে মই ক’ব নোৱাৰো-সেয়া পাঠক সমাজেহে  বিচাৰ কৰিব।মই মাত্ৰ লিখিছো-ইমানেই।ভাল-বেয়া বিচাৰ পাঠকে কৰিব।
    ছাৰে আমাক কোৱা মতে ‘ৰংমিলিৰ হাঁহি’ লিখি সম্পূৰ্ণ কৰোতে প্ৰায় ছয় মাহ সময় লাগিছিল।প্ৰায় এবছৰ ধৰি তথ্য চিত্ৰ নিৰ্মানৰ কামত ঘূৰি ফুৰোতে শেষত ছাৰ টান অসুখত পৰে।ফলত তেওঁ প্ৰায় ছয় মাহ ধৰি শয্যাশায়ী হ’ব লগা হয়।সেই সময়ত তেওঁ শোৱাপাটীতে বহি উপন্যাসখন লিখি উলিয়াইছিল।
    ছাৰে নিজে স্বীকাৰ কৰিছে যে-কাৰবি সমাজৰ নাৰী সম্বন্ধীয় খুটি-নাটি কথাবোৰত সহধৰ্মিণীয়ে সহায় নকৰাহ’লে,কাৰবি সমাজৰ চিত্ৰ বহুখিনি অনুজ্জ্বল হৈ ৰ’লহেতেন।ছাৰৰ সহধৰ্মিণী কানাম হাঞ্চেপীয়ে অসুখৰ সময়ত শুশ্ৰষা কৰাৰ উপৰি উপন্যাসখন লিখি থাকোতে বিভিন্ন ধৰনে সহায় কৰিছিল।নাৰী সম্বন্ধীয় কথাবোৰৰ উপৰি ৰংখাং অঞ্চলৰ কাৰবি সমাজৰ সামাজিক গাঁঠনি আৰু সাংস্কৃতিক জীৱন-ধাৰআ,ৰীতি-নীতি সম্পৰ্কে বহুতো তথ্য দি কাৰবি সমাজৰ চিত্ৰ অংকন কৰাত যথেষ্ট সহায় কৰিছিল।

    ‘ৰংমিলিৰ হাঁহি’ টিভি ছিৰিয়েলখনে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিলেও ৰংবং ছাৰ উপন্যাসখনৰ চিত্ৰনাট্যৰুপত সন্তুষ্ট নহয়।আমি কাৰণ জানিব বিচৰাত ক’লে যে-উপন্যাস উপন্যাসেই।ইয়াক চিনেমালৈ ৰুপান্তৰ কৰাটো অতি কঠিন কাম।সেয়া সম্ভৱো নহয়।কাৰণ মানুহৰ অন্তৰৰ অনুভুতি কিছুমানক ছিত্ৰ ৰুপ দিব নোৱাৰি। ইয়াক কেৱল লিখিত ৰুপত পঢ়িবহে পাৰি।উপন্যাস আৰু চিনেমা সম্পূৰ্ণ বেলেগ মাধ্যম।

Tuesday, November 25, 2014

Memoir of an afternoon-a short story by Rongbong Terang

Memoir of an afternoon





               Last night’s showers have washed the hills of Dungkeklangso clean. The whole environment around the Forest Beat Office also seems quite new and fresh. Even the song of the birds seems to be sweeter and more melodious. Inspite of my attempts, I could not go home during Bohag Bihu. When I was at Diphu, there was not much problem in communication. But since coming to this place, I find myself tied down, unable to move out There is nothing but thick forest all around completely isolated from the outside world. How remote the place is! Was it the reason behind Bakul Saikia’s disappearance?
                       Yes, Bakul Saikia disappeared from this Dungkeklangso forest plantation. I started my own investigation from the day I had taken charge of the office but unable to trace anything I left it at that. But last night’s dream has brought him back to my mind. He loved the hills and its’ lives. It boosted his artistic temperament. How could he disappear? It’s still a mystery.
 Sahab! Sahab!
While sipping my morning cup of tea and still ruminating on the dream, I heard someone calling outside and coming out I find the village headman, Sarmen Timung.
“What is it gaobura, coming so early in the morning?”
“Kardom, sir.”
“Kardom. Is there anything serious?”
“No sir. I found this book in my field. Not knowing what it can be, I brought it to you.”
“Come up, gaobura.”
                   Scratching his head, the man climbs up to the bungalow. With scanty facial hair, the old man gives me a diary with a nervous look. I ask him to sit on the bench. Sitting down, he says slowly-
“Sir my eyesight is not good. I don’t know what is in there. I’ve found it lying on a big rock. Thinking it to be previous forester babu’s book, I bring it here. I could not sleep the whole night.”
               I turn the pages of the diary. As it had been lying on the rock, the worms could not reach it, but some of the pages are spoiled. Yes it is Bakul Saikia’s diary for sure. How surprising! I just hope that it will reveal something about the man.
“It’s good that you have brought it here, gaobura. I’ll have to read it. But don’t tell anyone. There might be problem. So be careful.”
“Good day sir, kardom”
“Good day gaobura, kardom.”
              After seeing off the gaobura, I enter my room and lighting a cigarette, start reading the diary. In the personal profile, in beautiful handwriting is his name and address entered- Mr. Bokul Saikia, Forester, AFD, Kamarbandha, Golaghat, Assam.
              There are some departmental notes and some odd romantic feelings also, jotted down here and there. A heading attracts my curiosity. It is- My diary of a day at Dungkeklangso. Puffing at my cigarette, I read on hoping to unravel some mystery.
        “After passing over many nameless hills, I look towards the sun. It looks red. I never thought Dungkeklangso to be so far. The roads are mere tracks in the woods and walking the whole day, I feel tired and weak, unable even to carry my airbag. My trekking shoes also seem heavier. I long for a break.
              Chandra Tokbi walks ahead, leading the way. He is carrying my bedding and suitcase, climbing the ups so easily. No trace of tiredness in him. It may be because he is habituated to the hills.
            Chandra Tokbi is a forest guard. He is accompanying me from Longnit bazaar to Dungkeklangso. After completing my forest training at Jalukbari, I have reported at Diphu East Division and been posted at Dungkeklangso as forester.
             This is my first introduction to Karbi Anglong. I’ve always loved adventure. Life as forester means life of adventure. It should be unique. A life without adventure has no meaning. It is comparable to a desert without any oasis.
               Thus I accept this unknown Dungkeklangso. Thinking about the place, I trudge forward following Chandra Tokbi, slowly and carefully.
                Reaching a plain area on the top, I look around. The hills are covered in green vegetation. At the onset of spring, they look delicate and make me feel refreshed. Nature at this period is always a source of inspiration for me. The far-off grey uneven line of hills fills my mind with emotions and the hills resembling innumerable waves lift up my spirit. I want to shout HELLO to get back its echo. Being so preoccupied, I stumble on some stones and cry out in pain. Tokbi turns around and seeing me holding my foot, asks-
“Are you hurt, sir?”
“No, I just stumbled on a stone. The shoe has saved me.” Though painful, I feign otherwise.
“Better to walk slowly on these hill tracks, sir.”
 “How far is it to the camp?”
“Not much. We are almost there. Are you tired, sir?”
“Yes. I never imagined the hills to be so steep.”
“Sir, let’s take some rest.”
“Yes. The hills are really very steep.” I put down my airbag on a rock. Tokbi also places the bedding and suitcase on a rock nearby. Agreeing with me he also says-
“Yes sir. The hills in this area are very steep.”
“What is this hill called?”
“It is Monjir Anglong.”
“What does it mean?”
“It means- (scratching his head)-monjir means the wind and anglong means the hills.”
Relaxing with a cigarette, I think aloud-
“Monjir Anglong means the windy hills, am I right?”
“I don’t know sir, but the air feels cool here.”
“Yes. Cool and soft breeze. I feel it too. I am refreshed by the air. Pass me the water bottle.” I gulp down some water.
                The area on the top is quite even. A few edi trees are seen scattered. A run-down tree-house is beautifully lighted by the afternoon sun. It must have been a jhumfield before. The abandoned tree-house and the empty field suddenly bring a sense of decay and destruction to my mind. I get up and look down to a stream below, where shadows and lights are playing together.
“Tokbi, isn’t it a stream?”
“Yes sir. It is Dungkeklangso”
“Dukeklangso? Then we’ve reached the place.”
“Yes sir, we’ll have to walk a little bit to the camp.”
“What does Dungkeklangso mean?”
“It means a stream with ferns, sir.”
“A stream with ferns!  It’s a nice name.”
“Yes sir.” He agrees with a smile.
“Let’s go. It’s already three o’clock. Can we get there before sunset?”
“Of course, we can, sir.”
“It would have been impossible for me to get here without you.”
              When we walk on slowly, breaking the stillness of the hills, my mind again fills up with the love and admiration for nature. On joining the forest department, the necessity of the ancient relationship between men and the woods, has been deeply implanted in my soul. So when I see men plundering and destroying the dumb woodlands, it becomes unbearable to me. I feel it a greater crime than molesting the fair sex. Passing all this way from Longnit, I notice the destruction of forest on both sides of the track. The woods at Dungkeklangso bear the same marks of destruction. So I ask-
“Tokbi, the hills around here have no trees, they are mostly naked. Is it because of shifting cultivation?”
“No sir.”
“What then?”
“It is because the Council has given lease to the saw mills and timber companies.”
“I see! The real problem lies somewhere, whilst we always blame it on the jhumias.”
“The hill people won’t have any food without shifting cultivation. We don’t have big paddy fields like in the plains.”
“You are right. Without jhum people will have no source of food. Our government should have tried to rehabilitate the people through some planned scheme. Our forest cannot be saved by blaming on the jhum system. What do you say?”
“Yes, but we are government servants only.”- says the simple man. I agree with him and walk towards our destination. While climbing down the monjir hill my eyes catch hold of some jhum fields nearby. The evening light covers up the whole place in almond colour. What a lovely scene!”
                    I wonder at how stable the jhum dependent economic foundation of the people can be. I have no idea at all. I think about their society, culture, language, literature, views on life etc and the exploitation incurred upon them by outsiders to strengthen their own economic conditions. I can only watch as a helpless forest officer, custodian of the woods. Disturbing my thoughts, a song strikes my ears. Though the words are not legible, the prevalent pain is distinct. Out of curiosity I ask-
“Have we reached the village?”
“Yes sir.”
“Was that a song?”                                                                   “Yes sir. It’s a romantic song.”                                                      “What does it say?”
“It says-----.” –he shows uneasiness.
“Can’t you tell me?”
“Sir it says- Beloved, there is none as beautiful as you on earth.” Tokbi is ashamed of such romantic words.
“It’s beautiful!”
“These are sung by love-struck youths, called ove alun. The songs are not allowed inside the village.”
“Yes our bihu songs are also sung in the fields, under the trees. The song has taken away my tiredness.” Tokbi smiles and pointing his finger says-
“There is Dungkeklangso, sir.”
“It’s good that we’ve reached before sunset.”
              We reach the stream. The water flows softly hitting against the rocks in the stream. My heart soars high looking at the clean, transparent and dancing water. I lose myself in the gloriously lighted surrounding under the setting sun.
“Sir, you wait here, I’ll carry the things to the other bank.”
 I return to reality to discover that there is no bridge.
“Can we cross it safely?”
“Yes sir, the water is not that deep.”
“Go ahead, then.”
                 Tokbi carries the things and without any awkwardness finds his way in the friendly water, among the rocks. I sit on a rock untying my shoe laces. Then I hear the voices of girls laughing and talking. They are coming down the hill, carrying small baskets on their backs. They are walking carefully down the hill but seem to lose their grips sometimes. I become so immersed in looking at them that I forget about my shoe lace. How could they move around so freely in the woods? It may be because they identify themselves with the wood and feel close to it. How romantic is their life!
               Seeing me, the girls have stopped. I realize that my khaki uniform might have frightened them, taking me for a policeman. I stand up to talk to them but Tokbi too arrives at this point. The girls seem relieved to see Tokbi and start talking in Karbi. I just stand there, listening, understanding nothing.
“Sir, this is Dimi, this is Kasang, my niece and this is Rupline, my cousin sister.”
While the introductions have been going on, I notice their dresses, all colourful reflecting their simple yet energetic life of the hills. The girls might have been looking for herbs and fruits in the woods. After being introduced, they offer their kardom. Offering my kardom, I also introduce myself- I am Bokul Saikia, your new forester babu. It’s nice to meet you all.”
“Babu it is not proper to offer kardom to girls.”-Kasang says.
“Oh, I didn’t know about it. I hope you all will not mind.”
“This Kasang always talks too much.”
“Tokbi, she’s done nothing wrong. It’s good that I’ve learnt about your social etiquette.”
        I have not noticed Rupline before. Very quietly, she is listening to our talks. She is a gem. Her beauty creates a storm in my heart. I find the real worth of my coming here.
Kasang has noticed my reaction to Rupline. So while going away, she shouts from the stream-
“Sir, the rocks of Dungkeklangso are very slippery. Take care. To us, you are not Bokul Saikia but one of our own hill-men.”
             Giggling, they all cross the stream. They make such a perfect picture that I look and look as if I will never see such a thing again. I contemplate on what Kasang has tried to mean and called me a hill-man. I too cross the stream with the help of Tokbi with Kasang’s words ringing in my ears. I can’t say anything about my future at Dungkeklangso-----------.”
                  Here the writing stops. This diary of Bokul Saikia is not an ordinary diary at all. It’s quite impressive. He might have wanted to write more. But he could not .What could have happened to the man? The diary gives no clue at all. I feel sad, thinking of him, such a good man with a soul as pure as gold. The description of his love of nature, the woods, the hills and his sudden attraction to the girl called Rupline gives a glimpse into his sensitive and artistic mind. Do these people mentioned in the diary, really exist at Dungkeklangso? Who is Rupline? I have never heard of such a girl since my coming to this place. Are these all creations of Saikia’s imagination only?
             No. No. There is no use thinking about these. All that matter is this- the man called Bokul Saikia has disappeared in the woods he loves, for ever.
              But---the things written in the diary---- shall they ever disappear from my mind?   #



# Translated from Rongbong Terang’s original Assamese short story “Abelar diary” by Kache Teronpi.  Donkamokam.

Saturday, November 22, 2014

হাফলঙত এতিয়া জোনাক নিশা

হাফলঙত এতিয়া জোনাক নিশা



“হেই মেনছিং,তোমাকতো গোৰ মাৰি গংগাত নহয়,দিয়ুঙতহে পেলালে দেখোন”-তাৰ এফবি ৱালত হাফলঙৰ বতৰৰ ম’বাইল স্ক্ৰীনশ্ব’টটো দেখি ৰাণাই কমেন্ট কৰিছে।সি প্ৰথমে বুজা নাছিল,-ৰাণাই তাক বুজালে-আমাৰ অসমীয়াত এটা ফকৰা-যোঁজনা আছে অ’-গোৰ মাৰি গংগাত পেলোৱা বুলি।তাত দিয়ুং নদী নাই জানো?
    হয়,হাফলং চহৰৰ পাহাৰটোৰ নামনিয়েদিয়েই বৈ গৈছে দিয়ুং নদী।
ৰাণা তাৰ বন্ধু,সি বৰ্ত্তমান ধুবুৰীত।তাৰো ইলেকশ্বনত ট্ৰেঞ্চফাৰ তাৰ দৰেই।“মই আছো বাংলাদেশী মখাৰ মাজত-তইতো ভাই স্বৰ্গত আছ’।ভু-স্বৰ্গত বুজিছ”
হয়,হাফলং চহৰখন ভূ-স্বৰ্গ বুলিয়েই কব লাগিব।অসমৰ একমাত্ৰ ‘হিলছ্‌ ষ্টেচন’।সৰু অথচ সুন্দৰ চহৰ।ইয়াৰ প্ৰকৃতিৰ অপৰুপ নৈশৰ্গিক দৃশ্য,চাৰিওফালে সেউজীয়া পাৰিবেশ,বৰাইল পৰ্ব্বতমালাৰ নীলা নীলা পাহাৰৰ দিগন্তব্যাপি লানি নিছিগা শাৰী-সঁচাকৈয়ে চালে চকুৰোৱা আৰু হিয়া শাঁত পেলোৱা প্ৰাকৃতিক সৌন্দৰ্য্য!সাগৰ পৃষ্ঠৰ পৰা ৩১১৭ ফুট উচ্চতাত অৱস্থিত হাফলং চহৰখন প্ৰকৃতিপ্ৰেমী মানুহৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু।ইয়াৰ শীতল জলবায়ু,বন্ধুভাবাপন্ন চহৰবাসী,পৰিস্কাৰ সেউজীয়া পৰিবেশ আদিয়ে মন মোহিত কৰে।
বাৰেৰহণীয়া বিভিন্ন জনগোষ্ঠীৰ বাসভূমি হাফলং চহৰ। ডিমাচা,কাৰবি,জেমেনাগা,মাৰ,কুকি,বেইটে,ৰাংখল আদি সৰু বৰ কেবাটাও জনগোষ্ঠীৰ বাসভুমি এই ঠাইখনৰ।সেয়ে ইয়াত চলে ‘হাফলং হিন্দী’-এক অদ্ভূদ ল’কেল- হিন্দী মিক্স্‌ লিংগোৱাফ্ৰাংকা!
ইয়ালৈ আহি সঁচাকৈয়ে সিও ঠাইখনৰ প্ৰতি প্ৰেমত পৰিছে।প্ৰথমে যেতিয়া হাফলঙলৈ তাৰ ইলেকশ্বন ট্ৰেঞ্চ্‌ফাৰ বুলি শুনিলে-ঘৰত আৰু পৰিয়ালৰ মানুহৰ মাজত হাঁহাকাৰ লাগি গৈছিল।ঠাইখন চাকৰিয়াল মানুহৰ বাবে সুৰক্ষিত নহয়-ধন দাবী,অপহৰন আৰু হত্যা-তাত নিত্য-নৈমিত্তিক ঘটনা-সকলোৰে মুখৰ কথা।তাতে কাৰবি-ডিমাছা গোষ্ঠী সংঘৰ্ষ কিছু বছৰৰ পূৰ্বে সংঘটিত হৈ গৈছে।বহুত নিৰিহ মানুহৰ মৃত্যু ঘটিছিল।গতিকে পৰিয়ালৰ সকলোৰে ভয় আৰু দুঃশিন্তা।
চিন্তা তাৰো নলগা নহয়।প্ৰথমে আহিবলৈ ইতস্ততঃ কৰিছিল।চিনিয়ৰ সকলে সাৱধানবাণী শুনাই ভয় খোৱাই দিছিল-ইলেক্‌শ্বন ট্ৰেঞ্চ্‌ফাৰ দেই-নগলে চিধাই ‘চাচপেঞ্চন’ অতি কমেও এবছৰৰ বাবে।নিৰুপায় হৈ সি শেষ মূহুৰ্ত্তত আহিব লগা হ’ল।আহিবলৈ তাৰ সমূলি ইচ্ছা নাছিল-বিশেষকৈ ছেৰলিন জনীক এৰি আহিবলৈ সি টান পাইছিল।ছেৰলিনৰ লগত বিয়া তাৰ ঠিক হৈ আছে-তাইৰ কাষতে থাকিম বুলিয়েই সি ধেমাজীৰ পৰা বদলি লৈ আহিছিলহে মাত্ৰ।
ছেৰলিন ডিফু চিভিল হস্পিতালৰ এন আৰ এইছ এমৰ ডাক্তৰ।সি জালুকবাৰীত ইঞ্জিনিয়াৰিং কলেজত পঢ়ি থাকোতে লগ পোৱা-তাই তেতিয়া গুৱাহাটী মেডিকেল কলেজত।তাইলৈ মনত পৰিলেহে তাৰ মন উন্মনা হৈ পৰে।হাফলঙৰ দৰে ইমান ধুনিয়া আৰু ৰোমান্তিক চহৰখনত সি অকলশৰীয়া-ছেৰলিনলৈ ঘনাই মনত পৰে আৰু বিচ্ছেদৰ বিৰহত সি অস্থিৰ হৈ পৰে।তাইক উদ্যেশিয়েই সি এফবিত ষ্টেটাচ আপদেড দিয়ে-ফিলিং লনলি বুলি।
সি ইয়াত কালিবাৰি পি ডব্লিউ ডি থাৰ্থ কলনিত কোৱাৰ্টাৰত আছেহি।তাৰ কোৱাৰ্টাৰৰ খিৰিকিৰ পৰাই বহু তলত মাৰ জনগোষ্ঠীৰ বসতি প্ৰধান মহলয় ঠাইখনৰ মনোৰম দৃশ্য আৰু ওপৰত বৰাইল পাহাৰৰ নয়নাভিৰাম দৃশ্যটো দেখি থাকি-বিশেষকৈ ৰাতিপূৱাই খিৰিকি খুলিলেই পাহাৰৰ বহু তলত মহলয়ৰ ওপৰত বগাছাদৰেৰে ধাকি ৰখা যেন কুৱঁলিৰ আৱৰন দেখিলে মন জুৰ পৰি যায়।

প্ৰত্যেক দিনা ৰাতিপূৱাই তাৰ কাম হ’ল-কেমেৰাতো লৈ ওলাই যোৱা।সি অকলে হাফলং চহৰৰ পাহাৰীয়া ৰাস্তাৰ অলিয়ে গলিয়ে ঘূৰি ফুৰে-এটা অবিস্মৰণীয় দৃশ্য কেমেৰাত বন্দী কৰাৰ আশাত।প্ৰত্যেক দিনাই প্ৰথমে পি ডব্লিউ ডিৰ থাৰ্থ কল’নিৰ ওচৰতে থকা ‘ভিউ পইন্ট’টোত গৈ তলৰ মহলয়ৰ দৃশ্য এটা তোলে আৰু তাৰ পৰা ওচৰৰে প্ৰেছবেটেৰিয়ান মিছন কম্পাউণ্ডৰ পাহাৰটোৰ ওপৰলৈ উঠি বৰাইল পাহাৰৰ পৰা ওলাই অহা সূৰ্যোদয়ৰ দৃশ্যটো স্নেপ লৈ নামি আহে।তাৰ পিছত ৰাস্তাই ৰাস্তাই কেমেৰাটো লৈ অনাই বনাই ঘূৰে।

ঘূৰি আহি সেইবোৰ ফটোৰ ভালভাল শ্ব’টবোৰ ফেচবুকত আপলোড কৰে।ইতিমধ্যে ফেচবুক আৰু ব্ল’গাৰৰ তাৰ ব্লগত হাফলঙৰ ফটো দেখি বহুতো চিনাকি-অচিনাকী বন্ধুবোৰে ফোনত যোগাযোগ কৰিছে।সঁহাৰি দেখি সি অভিভূত হ’ল।
ফোন কৰিছে ডিব্ৰুগড়ৰ কোনোবা চাহ বাগানৰ পৰা নৱজ্যোতি বৰাই-হাফলঙৰ ফটোবোৰ দেখি সি নষ্টালজিক হৈ গৈছিল।তাৰ শৈশৱ-কৈশোৰৰ কালছোৱা এই চহৰখনতে অতিবাহিত কৰি গৈছিল।পৰিয়ালক এবাৰ ফুৰাই অনাৰ প্ৰবল ইচ্ছা তাৰ শৈশৱৰ চহৰখনলৈ।অতীত সুঁৱৰি সি তাৰ লগত প্ৰায় আধা ঘন্টা সময় কথা পাতিছিল।সি লামডিঙৰ পৰা হাফলঙলৈ পাহাৰৰ একাঁ-বেকা পথেদি,কেইবাটাও সুৰংগৰ তলেদি পাৰহৈ অহা মিটাৰ গজ ৰেল পথেৰে ৰেলৰ পাহৰিব নোৱাৰা যাত্ৰাৰ কথা সূঁৱৰি দূখ কৰিছিল ‘হিল্‌কুইন’ৰ চলাচল বন্ধ হৈ যোৱাত।
সি সুধিছিলে ‘হাফলং লেক’ৰ কথা।চহৰৰ মাজ মজিয়াতে অৱস্থিত ‘হাফলং লেক’ চহৰখনৰ সৌন্দৰ্য্য। ইয়াক ‘লাভাৰছ্‌ পইন্ট’ বুলি কোৱা হয়।এতিয়া পৰ্যটন বিভাগে সজাই পৰাই তুলিছে।
অ এন জি ছিৰ অনিৰ্বাণ ভাগৱতীয়ে তাৰ ব্ল’গত হাফলঙৰ ফটো দেখি ৰব পৰা নাছিল-সি নয়দাৰ পৰা ফোন কৰিছে।এটা অবিস্মৰণীয় কেইটামান দিন সি বহুবছৰৰ আগতে ইয়াত কটাই গৈছিল।সি হাফলঙৰ চাৰ্কিট হাউচৰ পৰা দেখা নয়নাভিৰাম বৰাইল পাহাৰৰ দৃশ্যটো এতিয়াও পাহৰিব পাৰা নাই।সি হাফলঙৰ হাপ্তাহিক শনিবৰীয়া বজাৰৰ কথা সুধিছিল।হাফলঙৰ শনিবৰীয়া বজাৰ খনেই হ’ল ইয়াত আটাইতকৈ ডাঙৰ হাট-বজাৰ।সেই দিনা হাফলং চহৰখন এক উৎসৱ মূখৰ হৈ পৰে-দূৰ-দূৰণি পাহাৰীয়া গাঁৱৰ পৰা আহে বিভিন্ন জনগোষ্ঠীৰ মহিলা বেপাৰী সকলে।লৈ আনে সতেজ পাহাৰীয়া শাক-পাছলি আৰু ফলমূল।
 তাৰ ভাতৃপ্ৰতিম ৰাটুল তিমুং-হাফলঙলৈ আহিবলৈ বিৰাট ইচ্ছা-বেংকৰ চাকৰিয়ে তাক আহিবলৈ সময় দিয়া নাই।হাফলঙৰ প্ৰত্যেকটো ফটোত টেগ কৰিবলৈ তাক অনুৰোধ কৰিছে।
আৰু ছেৰলিন-তাইক প্ৰত্যেক ৰাতিপূৱাই তোলা হাফলঙৰ ফটো ৱাটছ্‌আপত পঠাব লাগে।আৰু দিনৰ শেষত এবাৰ ফোন কৰি তাৰ হাফলঙৰ দিনটোৰ কথাবোৰ জনাব লাগে।তাই তাৰ ফোনৰ বাবে ৰৈ থাকে।তাই দিনত যেতিয়াই সময় পায় তাৰ ইনবক্সত মেছেজ এৰি থৈ থৈ যায়।কামৰ মাজে মাজে সিও ৰিপ্লাই দি দি যায়।যিদিনা তাইৰ ৰাতি ডিউতি থাকে সেইদিনা নিশা তাই অনলাইনত থাকে আৰু তাক শুব নিদিয়ে।দুপৰ নিশালৈকে তাহাতে এফবিৰ দ্বাৰাই সংযোজিত হৈ থাকে।
এতিয়া হাফলঙত বহুত ধুনীয়া বতৰ।ফৰকাল পৰিস্কাৰ নীলা আকাশ।বৰ্ষাত প্ৰায়ে মৌচুমীৰ মেঘে আগুৰি থকা বৰাইলৰ নীলা পাহাৰ লানি এতিয়া স্পষ্ট ৰুপত দৃশ্যমান হৈ আছে।শৰৎ গৈ হেমন্তৰ আগমনৰ লগে লগে এক মৃদু ঠাণ্ডা বতাহ ববলৈ লৈছে।ৰ’দৰ পোহৰটো কোমল হৈ আহিছে।আকাশত কেতিয়াবা দেখা যায় ডোখৰীয়া শুকুলা মেঘ ভাহি থকা।কেতিয়াবা সিহঁতে উৰি উৰি বৰাইলৰ সু-উচ্ছ শিখৰত ওলমি ৰৈ থাকে গৈ।

এনেকোৱা পৰিবেশে তাক ৰোমান্তিক কৰি তোলে।সি ছেৰলিনলৈ মেছেঞ্জাৰত মেছেজ এৰি দিয়ে-‘আহিবানে মোৰ কাষলৈ এদিনৰ বাবে হলেও?’
‘পৰা হলে আহিলো হয়-ঘূৰি ফুৰিলো হয় তোমাৰ লগতে-হাফলঙৰ  অলিয়ে গলিয়ে।বগালো হয় তোমাৰ লগতে পাহাৰে কন্দৰে’।তায়ো কিছুমান ৰোমান্টিক বাক্য এৰি থৈ যায় তাৰ মেছেঞ্জাৰৰ ইনবক্সত।
চাৰ্কিট হাউচত আজি এডিছি তাৰ’ ছাৰৰ পাৰ্টি।ঘনিষ্ঠ কেইজন মান অফিচাৰ বন্ধুৰ লগত।সিও আমন্ত্ৰিত।তাৰ বহুদিনীয়া হেপাঁহ চাৰ্কিট হাউচৰ ছাদৰ পৰা নিশাৰ হাফলঙক প্ৰতক্ষ্য কৰাৰ।বিশেষকৈ জোনাক নিশাত।আজি চতুৰ্দশী জোনাক নিশা।সি পাৰ্টি আৰম্ভ হোৱাৰ আগতে ছাদৰ ওপৰলৈ উঠি গ’ল।কি এক অপূৰ্ব মনোৰম দৃশ্য!!জোনাকৰ পোহৰে ধুৱাই নিয়া নিশাৰ হাফলং চহৰ।ৰাতিৰ জোনৰ পোহৰতো স্পষ্টকৈ দৃশ্যমান হৈ আছে শান্ত-সমাহিত বৰাইল পৰ্ব্বত শাৰী।দিনৰ ৰোমান্তিক হাফলং চহৰ জোনাক নিশাত মায়াবী চহৰলৈ ৰুপান্তৰিত হৈছে।চাৰিওফালে কি যে এক মায়াবী ৰোমান্তিক পৰিবেশ!এই মূহুৰ্ত্তত যদি ছেৰলিন তাৰ কাষত থকা হলে!!
জানে সি তাইৰ আজি গধুলি অ-পি-ডি ডিউতি।তথাপি সি ফোনটো লগালে-ৰেচিপ তাই কৰা নাই।সি হাফলঙৰ জোনাক নিশাৰ ‘লাইফ’ বৰ্ণনা দিব বিছাৰিছিল।সি তাৰ ছাৰিওফালৰ পৰিবেশ বৰ্ণনা কৰি মেছেঞ্জাৰত মেছেজ এৰি দিলে-মিচ ইউ।
বহু দেৰিকৈ ছেৰলিনৰ পৰা ৰিপ্লাই আহিল-‘ইমান ধুনিয়া ৰোমান্তিক পৰিবেশ শুনিয়েই উৰি গুচি গ’ল মন মোৰ তোমাৰ কাষলৈ আৰু বৰাইল পাহাৰৰ বুকুলৈ।মন গৈছে এতিয়াই উৰি গুচি যাবলৈ’।

‘পাখি লগাই উৰি আহা মোৰ সোনজনী!!’মেছেঞ্জাৰত বাক্যটো এৰি দি সি ছাদৰ পৰা তললৈ নামি আহিছিল।***

Sunday, November 16, 2014

Short Story-Maa ami Sadiyaloi jamei

গল্প নহয় এটা গল্পৰ খচৰা
        মা আমি শদিয়ালৈ যামেই


    এযুৰি চকুৰ এপলক চাৱনিতে তাৰ হৃদয় উথলি উথিব বুলি সি সপোনতো ভবা নাছিল।গল্প-উপন্যাসত সি পঢ়িছে।চিনেমাত দেখিছে,গানত শুনিছে।কিন্তু বাস্তব জীৱনত প্ৰথম দৃষ্টিত প্ৰেম,সম্ভৱ জানো?সঁচাকৈয়ে সি মাধুৰীৰ প্ৰেমত পৰিছে নেকি?মাধুৰীৰ প্ৰতি এয়া জানো তাৰ প্ৰথম দৃষ্টিত প্ৰেম?প্ৰথম দৃষ্টিতে প্ৰেম সংঘটিত হবলৈ হলে হেনো প্ৰেমিক-প্ৰেমিকাৰ মাজত একেৰাহে ৮ চেকেণ্ড চকুৰ মিলন ঘটিব লাগিব-সি কৰবাত পঢ়িছিল।মাধুৰীয়ে তাইৰ ডাঙৰ ডাঙৰ আকৰ্ষণীয় প্ৰভাৱশালী চকুযুৰি তাৰ চকুত দৃষ্টি নিবদ্ধ কৰি যেতিয়া তাক কৈছিল-আকৌ আহিব দেই!নেক্‌ষ্ট বাৰ আহিলে মোৰ বাবে----তেতিয়া সেই মুহূৰ্তখিনি  ৮ চেকেণ্ড আছিল নে বাৰু?
    মাধুৰীক সি এবাৰ লগ কৰি যাবই লাগিব।কাৰন আৰু কিছুদিনৰ পিছত সি এই ঠাইখন এৰি গুচি যাবগৈ।তাৰ মন এক বিষাদে আচ্ছন্ন কৰি ৰাখিছে।সি অৱস আৰু অলস হৈ বিছ্নাতে পৰি থাকিল বহু সময়।
    আজিৰ পৰা ঠিক এবছৰ তিনিমাহৰ আগতে সি এই ঠাইখনলৈ প্ৰথম আহিছিল।জীৱনৰ প্ৰথম চাকৰিত প’ষ্টিং।মনত যথেষ্ট উৎসাহ আৰু উত্তেজনা।নতুন ঠাইত নতুন চাকৰিত যোগদান কৰাৰ উৎসাহ আৰু উত্তেজনা।
    শদিয়া----।ঠাইখনৰ নাম সি আগতেও শুনিছে,কিন্তু নামৰ বাহিৰে ঠাইখনৰ বিষয়ে একো নাজানে।অসমৰ মানচিত্ৰখন চাই সি ঠাইখনৰ অৱস্থিতি উলিয়াই লৈছিল।
    জীৱনৰ প্ৰথম চাকৰি,তাতে ঘৰৰ পৰা বহু দূৰৰ অচিনাকী ঠাইত।মনত অলেখ সপোন,উৎসাহ আৰু ৰোমাঞ্চ।শদিয়ালৈ প্ৰথম যাত্ৰাটোৱেই আছিল এক ৰোমাঞ্চকৰ অভিজ্ঞতা।ৰাতিপূৱা ছৈখোৱাঘাটৰ পৰা শদিয়াঘাটলৈ মহাবাহু ব্ৰক্ষ্মপুত্ৰৰ বুকু ফালি ফেৰিৰে যাত্ৰা জীৱনৰ এক অবিষ্মৰণীয় যাত্ৰা।
    ডিফুৰ পৰা নৈশ বাছত তিনিচুকীয়ালৈকে গৈ তাৰ পৰা পুনৰ ফ’ৰ জিৰ’ ছেৱেন বাছেৰে গৈ সি ধলাত ৰাতি পূৱাতেই গৈ পাইছিল।ফেৰিঘাটত গৈ পায় মহাবাহু বক্ষ্মপুত্ৰৰ ৰুপ দেখি সি স্তম্ভিত হৈছিল।ব্ৰক্ষ্মপুত্ৰ সি আগতেও ফেৰিৰে পাৰ হৈছিল-গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ।মাজুলীলৈও সি গৈছে ফেৰিৰে।কিন্তু ছৈখোৱাঘাটৰ মহাবাহুৰ দৃশ্য সম্পূৰ্ণ বেলেগ।ইপাৰ-সিপাৰ নমনা পাৰাপাৰহীন এক বিশাল জলৰাশি।পিছতেহে সি গম পাইছিল-ব্ৰক্ষ্মপুত্ৰ বুলি কোৱা হয় যদিও এইখিনি বিস্তৃত জলৰাশি প্ৰকৃততে লোহিত,দিবাং,দিচাং আৰু কুণ্ডিল নদীৰ সংগম স্থলহে-সেয়েহে এই বিশাল অঞ্চলজুৰি পাৰাপাৰহীন জলধাৰাৰে পৰিপূৰ্ণ।

    সি যেতিয়া ছৈখোৱাঘাটৰ খেৰঘাটলৈ গৈ পায় তেতিয়া ঘাটত ৰাতিপূৱাৰ প্ৰথমটো ফেৰি যাত্ৰাৰ বাবে ব্যস্ততা আৰম্ভ হৈ গৈছিল।টিকটতো লৈ সি ফেৰিত উঠি দিলে সকলোৰে লগতে।ব্ৰক্ষ্মপুত্ৰৰ পাৰাপাৰহীন বিশাল জলৰাশি দেখি সি অভিভূত হ’ল।ফেৰিখন কিছুদূৰ উজাই যোৱাৰ পিছত মহাবাহুৰ সম্পূৰ্ণ জলৰাশিৰ দৃশ্য উপভোগ কৰিবলৈ সি ওপৰৰ ডেকলৈ উঠি গ’ল।ৰাতিপূৱাৰ সূৰ্যটো তেতিয়া পূৱফালে প্ৰকট হৈ উঠিছে।নদীৰ বুকুত ফিৰ্‌ফিৰিয়া ঠাণ্ডা বতাহ।নদীৰ মাজে মাজে কিছুমানত দ্বীপৰ দৰে বালিৰ চৰ-চাপৰি।তাৰ বাবে সম্পূৰ্ণ এক নতুন দৃশ্য।
    তাৰ মন-প্ৰাণ ৰোমাঞ্চিত হৈ আছিল এক সম্পূৰ্ণ অচিনাকী ঠাইলৈ যাত্ৰাৰ বাবে আনহাতে মহাবাহুৰ বিশালতা দেখি তাৰ মনত কিছু সংশয়ো উপজিছিল।পাৰাঘাট যেন গৈ নাপায়হে নাপায়।সম্পূৰ্ণ ডেৰঘ্ণ্টাৰ যাত্ৰাৰ অন্তত অৱশেষত ঘাটত ফেৰি লাগিলহি।ঘাটত ফেৰি লগাৰ লগে লগেই যাত্ৰীসকলে পাৰলৈ দৌৰি যোৱা সি লক্ষ্য কৰিলে।প্ৰথমে সি ধৰিব পৰা নাছিল কিহৰ বাবে এই লৰা-ধপৰা।পিছতহে সি ধৰিব পাৰিছিল পাৰত কিছু দূৰত ৰৈ আছেহি দূখন বাছ।তাৰমানে গন্তব্য ঠাইলৈ বাছেৰে আৰু যাব লাগিব।যাত্ৰীৰে পুৰিপূৰ্ণ বাছত সি ওলমি গ’ল।
    চপাখোৱাত গৈ সি হতাশ হ’ল-তাৰ ইমান দিনৰ কল্পনাৰ শদিয়া-এটা নিষ্প্ৰাণ মফচলীয়া চহৰ।তাৰ সকলো উৎসাহ-উত্তেজনা নিমিষতে শেষ হ’ল।
    পিছদিনাখন সি অফিচলৈ গ’ল নতুন চাকৰিত যোগদান কৰিবলৈ।নতুন বিষয়া যোগদান কৰিবলৈ অহা বুলি শুনি উপস্থিত কৰ্মচাৰীসকলে তাৰ লগত চিনাকী হ’বলৈ আহিল।চিনাকী পৰ্বৰ সচৰাচৰ দুই এটা কথা বিনিময় হোৱাৰ পিছত তেওঁলোকে তাক সুধিছিল-আপোনাৰ বিয়া হ’ল নে?প্ৰশ্নটো শুনি সি অপ্ৰস্তু হৈছিল।প্ৰথম চিনাকিতে ইমান ব্যক্তিগত প্ৰশ্ন! পাছত সি লক্ষ্য কৰিলে যে- ইয়াৰ মানুহৰ এয়া দস্ত্তৰ,প্ৰথম চিনাকী পৰ্বতে মানুহৰ বৈবাহিক স্থিতিৰ বিষয়ে জানি ল’ব বিচাৰে।
    নতুন অচিনাকি ঠাই।চিনাকী মানুহ আৰু বন্ধু-বান্ধৱৰ অভাৱ।প্ৰথম তিনিমাহ সি ইমান আমনি আৰু অকলশৰীয়া অনুভৱ কৰিছিল যে-এই ঠাইখনৰ প্ৰতি,ইয়াৰ মানুহৰ প্ৰতি,তাৰ নিজৰ কামৰ প্ৰতি মনত এক বিৰুপ ভাৱে প্ৰতিক্ৰিয়া কৰিছিল।তেতিয়া তাৰ মানসিক অৱস্থাটো ঠিক “ইংলিছ,আগষ্ট’”ৰ সেই অগ্যস্ত্য সেনৰ দৰে হৈছিল।এক বিচ্ছিন্নতাবোধ আৰু নিসংগতাই তাক অহৰহ পীড়া দিছিল।বহুদিন সি কামত মন বহুৱাব পৰা নাছিল।তেতিয়াই সি গুৱাহাটীলৈ গৈ বদলিৰ বাবে আবেদন কৰি আহিছিল।
    শদিয়া ঠাইখনক চৰকাৰী কৰ্মচাৰী সকলৰ মাজত অসমৰ ‘কলিয়াপানী’ হিচাপেহে জনাজাত।ইয়াত যোগদান কৰাৰ পিছতেহে সি কথাটো জানিছিল।চৰকাৰে বিষয়া-কৰ্মচাৰীসকলক ‘শাস্তি’ প্ৰদান কৰিবলৈ এই ঠাইখনলৈ বদলি কৰে।গতিকে ইয়াত নতুন মানুহ চাকৰিত যোগদান কৰিবলৈ আহিলে সন্দেহৰ চকুৰে চোৱা হয়।
    অফিচত এদিন নতুন বিষয়া যোগদান কৰিবলৈ আহিছিল-মানস দাস,মীন বিষয়া।মোম্বাইৰ পৰা ফিছাৰিত মাষ্টাৰ ডিগ্ৰী সমাপ্ত কৰিয়েই ইয়াত যোগদান কৰিবলৈ আহিছে।মানস আৰু সি একেখন কলেজৰেই ছাত্ৰ আছিল।মানসক পায় সি খুব আনন্দিত হ’ল-যেন সি মৰুভূমিত মৰুদ্যানহে বিচাৰি পালে।অন্তত: সি কথা পতাৰ সংগী বিছাৰি পালে।সিহঁতে এটা কোৱাৰ্টাৰত একেলগে থকাৰ ব্যৱস্থা কৰি ল’লে।
    মানসৰ যোগেদি পিছত তাৰ চিনাকী হৈছিল-ৰাজেন শৰ্মা,বিৰাজ নাথ আৰু অনন্ত গোস্বামীৰ লগত।লগতে বীণা আৰু ববিতা।আটাই কেইজনেই ইয়াত চাকৰি সূত্ৰে আছেহি।ৰাজেন,বিৰাজ,অনন্ত,মানস আৰু সি একেখন কলেজৰেই ছাত্ৰ আছিল।ৰাজেন আৰু বিৰাজ ইয়াতে জুনিয়ৰ টেলিকম অফিচাৰ।অনন্ত তাৰ ক্লাচমেট।ইতিহাস পঢ়াই ইয়াৰ হায়াৰ চেকেণ্ডাৰী স্কুলখনত।বীণা আৰু ববিতাই বিজ্ঞান পঢ়ায়।
    ইমানদিনে তাহাঁতৰ লগত দেখা সাক্ষাৎ হোৱা নাছিল।মানস অহাৰ পিছতহে সকলোৰে লগত তাৰ চিনাকী হ’ল।এতিয়া সিহঁতৰ মাজত এটা বন্ধুৰ ‘চাৰ্কোল’ এটা গঢ়ি উঠিল।
    এটা অবিবাহিত ডেকাৰ জুম-স্বাভাবিকতে আড্ডাত ছোৱালীৰ কথা ওলাইছিল।কথাটো প্ৰথমে ৰাজেনে উলিয়াইছিল-শদিয়ালৈ অহাৰ আগতে তাক পৰিয়ালৰ মানুহে সাৱধান বাণী শুনাই পঠাইছিল-ইয়াৰ ছোৱালীবোৰৰ পৰা সাৱধানে থাকিবলৈ।কথাটো সিহঁতৰ ‘বচ্’ ৰাজবংশী ছাৰৰ প্ৰসংগত ওলাইছিল।ৰাজবংশী ছাৰে ঘৰৰ অসন্মতিতে ইয়াৰেই ছোৱালী বিয়া কৰাই বহু বছৰ ধৰি ঘৰলৈ যোৱা নাই।বহু চৰকাৰী বিষয়া-কৰ্মচাৰী ইয়াৰেই ছোৱালী বিয়া কৰাই লৈ গৈছে অথবা বিয়া বাৰু কৰাই ইয়াতে নিগাজী হৈ থাকি গৈছে।শদিয়াৰ ছোৱালীবোৰ দেখিবলৈ অতি সুন্দৰী আৰু মোহিনী বাণ আছে বুলি খ্যাতি আছে।
    এই ঠাইখনৰ ইতিহাসৰ ওপৰত জ্ঞান থকা অনন্তৰ মতে-এই ঠাইখন আগতে ইতিহাস প্ৰসিদ্ধ ভীষ্মক ৰজাৰ ৰাজ্যৰ অন্তৰ্গত আছিল।ভীষ্মক ৰজাৰ অতি সুন্দৰী কন্যা ৰুক্মিনীক ভগৱান কৃষ্ণই হৰণ কৰি ৰথত লৈ যাওঁতে এই শদিয়া অঞ্চলতে হেনো ৰুক্মিনীৰ ওৰনি খহি গৈছিল।সেই কাৰণে হেনো ইয়াৰ ছোৱালীবোৰ প্ৰেমত বহুত ‘এগ্গ্ৰেচিভ’। মোহনী বাণ বুলি কোনো কথা নাই।আচলতে ৰুপ-লাবণ্যই ছোৱালীৰ মোহনী।
        অধ্যয়নপুষ্ট মানসে কৈছিল-হয়,তাকো মাকে সাৱধান কৰি দিছিল।সি ‘চিটি অফ্‌ জয়’ কিতাপখনৰ কথা উল্লেখ কৰি কৈছিল-বিদেশৰ পৰ পুৰুষ মানুহ ভাৰতবৰ্ষলৈ আহিলে হেনো ভাৰতীয় নাৰীৰ পৰা সাৱধানে থকিবলৈ কৈ পঠোৱা হয়।ভাৰতবৰ্ষ যাদু-মন্ত্ৰৰ দেশ-সুন্দৰী নাৰীসকলে বিদেশী পুৰুষক মন্ত্ৰৰে বশ কৰে বুলি কথিত আছে।তাকো বাইদেউহঁতে কৈছিল-‘লংকি,তোমাৰ বাবে আমি ইয়াতে ছোৱালী চাম ’।
    স্বাভাবিকতে সিহঁতেও শদিয়াৰ সুন্দৰী গাভৰুবোৰৰ পৰা সাৱধানে চলিছিল।গতিকে জীৱনটো এটা গতানুগতিক গতিত চলি থাকিল।
    কিন্তু হেমেনক লগ পোৱাৰ পিছতেই তাৰ নিৰস জীৱনটো হঠাতে প্ৰাণ পাই উঠিল।তেতিয়াই তাৰ জীৱনে হঠাতে লুটি বাগৰ মাৰি গতি সলাই দিলে।মাধুৰীয়ে তাৰ সমগ্ৰ সত্তাটো আৱৰি ৰাখিছিল।ইতিমধ্যে শদিয়াৰ জীৱন প্ৰণালীৰ লগত সি নিজকে খাপ খোৱাই ল’বলৈ চেষ্টা কৰিছিল।
    হেমেন পাঠক-তাৰ কলেজ হোষ্টেলৰ ৰুমমেট।সি ইয়াত ফৰেষ্ট ৰেঞ্জ অফিচাৰ।প্ৰায় তিনিবছৰ ধৰি ইয়াত আছেহি।তাক ইয়াতে এনেকৈ লগ পাব বুলি সি সপোনতো ভবা নাছিল।হায়াৰ চেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত সিহঁতৰ মাজত যোগাযোগ ঘটা নাছিল।
    হেমেন অকনো সলনি হোৱা নাই।অৱশ্যে কিছু শকত হৈছে।প্ৰাণ-প্ৰাচুৰ্য্যৰে ভৰা এজন সক্ৰিয় বন-বিষয়া।শদিয়াত চৰকাৰী বিষয়াসকলৰ মাজত বহুত জনপ্ৰিয়।তাৰ জৰিয়তে সি ইতিমধ্যে বিভিন্ন বিভাগৰ বিষয়াৰ লগত চিনাকী হৈছে।চিভিল হস্পিতালৰ ডা:কাকতি,ভেটেৰিনেৰিৰ ডা:মালাকাৰ,কৃষি বিষয়া হাজৰিকাদা আৰু বিভিন্নজনৰ লগত।
    হেমেনৰ বিয়া ঠিক হৈ আছে তিনিচুকীয়াৰে ডা:ৰমেন বৰুৱাৰ জীয়েকৰ লগত।ডা:বৰুবাৰ ডাঙৰজনী জীয়েকৰ বিয়া হ’ব অহা মাহত। গতিকে তেওঁলোকে ভাবী জোঁৱাই হেমেনক দায়িত্ব দিছে অৰুণাচলৰ ৰ’য়িঙৰ পৰা পনিৰ আনিবলৈ বিয়াৰ বাবে।গতিকে হেমেনে তাক লগ ধৰিলে ৰ’য়িঙলৈ।সিহঁত গ’ল ৰ’য়িঙলৈ অফিচৰ জীপছীখনেৰে।শান্তিপুৰ সীমান্ত চকী পাৰ হ’লেই অৰুণাচল প্ৰদেশ।শদিয়াৰ বিধ্বস্ত ৰাস্তাৰ পৰিবৰ্তে অৰুণাচল প্ৰদেশত প্ৰবেশ কৰাৰ লগে লগে আহল-বহল ধুনিয়া ৰাস্তা।চৌদিশে সেউজীয়াৰ সমাহাৰ।অৰুণাচলৰ প্ৰাকৃতিক শোভাই তাক মুগ্ধ কৰিছিল।প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিবেস্তিত ৰ’য়িং অৰুণাচল ডিবাং ভেলিৰ এটা সৰু ধুনীয়া পাহাৰীয়া চহৰ।তাৰ ডিফুলৈ খুব মনত পৰিছিল।
        এই ৰ’য়িং চহৰৰ মাজ মজিয়াতে আছে ডা:শিৱচৰন প’দ্দাৰ,ডা:বৰুৱাৰ বন্ধু।ভেটেৰিনেৰি বিভাগৰ বিষয়া।ডা:প’দ্দাৰৰ ঘৰ বিছাৰি উলিওৱাত সিহঁতৰ কষ্ট নহ’ল।সিহঁত যোৱাৰ খবৰ তেওঁলোকে ইতিমধ্যে পাইছিল।সিহঁতক ডা:প’দ্দাৰৰ মাকে আথে-বেথে আদৰিলে। ডা:প’দ্দাৰহঁত হিন্দিভাষী।কিন্তু ঘৰৰ সকলোৱে ধুনীয়া অসমীয়া কয়।তেওঁলোকৰ মাজত কিন্তু মৈথেলী ভাষাত কথা পাতে।মৈথেলী ভাষা শুনিবলৈ ইমান শুৱলা! সি জীৱনত প্ৰথম শুনিলে।ইতিমধ্যে ডা:প’দ্দাৰ অফিচৰ পৰা আহিল।প্ৰাৰম্ভিক চা-চিনাকীৰ পিছত তেওঁ হেমেনৰ পৰা ডা:বৰুৱাহঁতৰ কুশল-বাৰ্তা ল’লে।ডা:প’দ্দাৰে সিহঁতক পনিৰ প্ৰস্তত কৰা প্ৰক্ৰিয়াৰ বিষয়ে ব্যাখ্যা কৰি কলে-সময় কিছু ল’ব গতিকে তেওঁ পিছত হেমেনক জনাব।গতিকে চাহ-জলপান খোৱাৰ পিছত সিহঁতে ঘূৰি আহিবলৈ মনস্থ কৰিলে।কিন্তু ডা:প’দ্দাৰৰ পৰিবাৰে ভাত এহাজ খাই যাবলৈ জোৰ কৰাত থাকি গ’ল। ভাত ৰন্ধা হয় মানে সিহঁতে ৰ’য়িং চহৰ এপাক ঘূৰি মেলি আহো বুলি ওলাই আহিল।ৰ’য়িং সঁচাকৈয়ে এখন সৰু ধুনীয়া চহৰ।চহৰখনত সিহঁতে ঘূৰি মেলি চালে।তাৰ পিছতে সিহঁত গ’ল অৰুণাচল প্ৰদেশ বন বিভাগে উদ্ভিদ-উদ্যান ৰুপে গঢ়ি তুলা জৱাহৰলাল নেহৰু পাৰ্কখনলৈ।পাৰ্কৰ সৌন্দৰ্য্য দেখি তাৰ মন মোহিত হ’ল।পাৰ্কখনত গ্ৰীণ হাউছত নাম নজনা শতাধিক বনৰিয়া অৰ্কিড দেখি সি অভিভূত হ’ল।পাৰ্কখনৰ কাষেদি বৈ গৈছে খৰস্ৰোতা নদী দেওপানী। হিমালয়ৰ সু-উচ্চ পাহাৰৰ পৰা তীব্ৰবেগে বৈ অহা পানীৰ শব্দ দূৰৰ পৰাই শুনিব পোৱা গৈছিল।এই নদীখনতে থকা এছিয়াৰ দীৰ্ঘতম ওমলা দলংখনো সিহঁতে চাই আহিল।
    সিহঁতে দেওপানী নৈ পাৰ হৈ চেলি লেকখনো চাবলৈ গ’ল।চেলি লেক হ’ল পাহাৰৰ ওপৰত এটা প্ৰাকৃতিক জলাশয়।প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰাজি উপভোগ কৰি সিহঁত পুনৰ ঘূৰি আহিল ডা:প’দ্দাৰৰ ঘৰলৈকে।কিন্তু ডা:প’দ্দাৰৰ ঘৰত সিহঁতৰ কাৰণে ৰৈ আছিলহি অন্য এক সৌন্দৰ্য্যই।এইবাৰ সিহঁতক আদৰণি জনালে প’দ্দাৰৰ ভনীয়েক মাধু-মাধুৰী প’দ্দাৰে।মাধুক অপ্ৰত্যাহিতভাবে দেখি সিহঁত বাকৰুদ্ধ হ’ল আৰু থৰ লাগি চাই ৰ’ল।ইমান ধুনীয়া ছোৱালী-সিহঁত ৰাতিপূৱা আহোতেটো দেখা পোৱা নাছিল।
    তাই ওচৰৰে অফিচ এটাত চাকৰি কৰে।আলহি অহা বুলি গম পায় তাই ঘৰলৈ আহিছে ‘ভাবী’ক সহায় কৰিবলৈ।মাধুৱে আহঁক আহঁক-বহক বুলি কওঁতেহে সিহঁতৰ সম্বিৎ ঘূৰি আহিছিল।ইমান ধুনীয়া আকৰ্ষণীয় চকুজুৰি সি জীৱনত দেখা নাছিল।মন্ত্ৰমুগ্ধ সন্মোহিত মানুহৰ দৰে সিহঁতে অবাক হৈ মাধুৰ মুখ-মণ্ডললৈ থৰ লাগি চাই থকিল আৰু নিৰবে চ’ফাত বহি পৰিল।ভাবীয়ে সিহঁতক মাধুৰ লগত পৰিচয় কৰাই দিছিল।
    ভাবীজীয়ে ইতিমধ্যে খোৱা টেবুল ৰেডি কৰি থৈছিল।সিহঁত হাত-মুখ ধুই খোৱা টেবুলত বহিল।ইমান কম সময়তে ইমান আয়োজন!সিহঁতে ভাবীজী আৰু প’দ্দাৰ পৰিয়ালৰ আতিথিয়তাত মুগ্ধ হ’ল।সিহঁতে ভাবীজী আৰু মাধুক ধন্যবাদ জনাই ৰ’য়িঙৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু মাধুৰীৰ মধুৰ স্মৃতি বুকুত লৈ ঘূৰি আহিছিল শদিয়ালৈ।
    ৰ’য়িঙৰ পৰা ঘূৰি অহা বহুদিনলৈকে সিহঁতৰ মুখৰ পৰ মাধুৰ নাম গুচা নাছিল।সিহঁতৰ মুখত কেৱল মাধুৰীৰ ৰুপৰ বন্দনা।
    সেইদিনা ৰাতিখন তাৰ বহু ৰাতিলৈকে টোপনি অহা নাছিল।মাধুৰ সেই আকৰ্ষণীয় চকুজুৰিয়ে তাৰ মন-প্ৰাণ আলোড়িত কৰি আমনি দি আছিল।ছাবিশটা বসন্তই গৰকা তাৰ জীৱনত কোনো ছোৱালীয়ে মনত ইমান গভীৰভাবে প্ৰভাৱ বিস্তাৰ কৰা নাছিল।সি কোনো ছোৱালীৰ প্ৰতিও ৰোমান্তিক ভাবে আকৰ্ষণ অনুভৱ কৰা মনত নপৰে।কিন্তু মাধুৰীয়ে তাৰ মন প্ৰাণ ৰোমাঞ্চিত কৰি তুলিছিল।মাধুৰীৰ দুচকুৰ পৰা নিৰ্গত কিউপিডৰ কামধনুৰ শৰে তাৰ হৃদয় ক্ষত-বিক্ষত কৰিছিল।সুন্দৰী নাৰীৰ চকুৰ চাৱনিৰ আঘাত ইমান তীব্ৰ হব পাৰে বুলি সি কল্পনা কৰিব পৰা নাছিল।পিছদিনাখন ৰাতিপূৱা বহু সময়লৈকে সি বিচনাতে অলস হৈ পৰি থকিল।
    ওখ,লাহী আৰু লাবণ্যময়ী দেহাৰে মাধুৰী দেখাতেই সুন্দৰী,কিন্তু তাইৰ প্ৰভাৱশালী আকৰ্ষণীয় চকুযুৰিয়ে তাইক অধিক সুন্দৰী কৰি তুলিছিল।তাই স্বল্প আৰু মৃদুভাষী,কিন্তু তাইৰ চকুৰ চাৱনিয়ে বহু কথা ব্যক্ত কৰিছিল।তাইৰ দৰে সুন্দৰীৰ আকৰ্ষণীয় চকুযুৰিক দেখিয়েই হয়তো কবিয়ে লিখিছিল-তোমাৰ চকুত প্ৰিয়া,সাগৰৰ এচামুচ নীলা----
    কিন্তু অকল মাধুৰীৰ চকুযুৰিয়ে তাক আকৰ্ষণ কৰিছিল নে?
মাধুৰীহঁতৰ ঘৰত ভাত খোৱাৰ পিছত সিহঁতে খন্তেক জিৰণি লৈছিল।সেই খন্তেকীয়া মুহুৰ্ততে সিহঁতে ভাবীজী,মাধু আৰু মাকৰ লগত কিছু ঘৰুৱা আন্যান্য কথা পাতিছিল মাধুৱে তাৰ প্ৰতি আকৰ্ষণীয় চকুযুৰি নিক্ষেপ কৰি সুধিছিল-আপোনাৰলোকৰ কাৰবি মহিলাসকলৰ পোছাক মোৰ বৰ ভাল লাগে।খুব আকৰ্ষণীয় আৰু মাৰ্জিত পোছাক।নাৰীৰ সৌন্দৰ্য্যক ধুনীয়াকৈ তুলি ধৰে।আপোনালোকে মেখেলাক ‘পিনি’ আৰু চাদৰখনক ‘পেকক’ বুলি কয় নহ্য় নে?--- আৰু সেই ককালত বন্ধা বেল্টতো কি বুলি কয়--- অ’ ৱামকক,ৱামকক নহয় জানো?—তাই সঠিক উচ্চাৰণ কৰিব পৰা নাছিল।–মোৰ কাৰনে এযোৰ আনি দিব পাৰিবনে? তাই খাটনি ধৰিছিল।
    মাধুৰীৰ কথা শুনি সি বিস্মিত হৈছিল-তাই কৰ পৰা জানিলে ইমান কথা?তাই ব্যাখ্যা কৰি কলে যে আচলতে তাই উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় মহিলাসকলৰ সাজ-পোছক সংগ্ৰহ কৰি আহিছে।ভাবিজী আৰু মাকে জনালে যে এইটো তাইৰ চ’খ।তাই টেস্কটাইল টেক্টন’লজি পঢ়িছিল আৰু ফেশ্বন ডিজাইন কৰে।ইতিমাধ্যে অৰুণাচলৰ বিভিন্ন জানজাতীয় মহিলাসকলৰ সাজপাৰ সংগ্ৰহ কৰিছে,কিন্তু অসমৰ কিছুমান পোৱা নাই।গতিকে সি আনি দিব লাগে।
    গাড়ীলৈকে বিদায় দিবলৈ আহি তাই তাক পুনৰ সেই বিশেষ চাৱনি নিক্ষেপ কৰি কৈছিল-আকৌ আহিব দেই।নেকষ্ট্ বাৰ আহিলে পিনি-পেকক আনি দিবলৈ নাপাহৰিব দেই---।
    কিন্তু পিনি-পেকক আনিবলৈ সি ডিফুলৈ যাবলৈ নহ’ল।ৰ’য়িঙৰ পৰা ঘূৰি অহা বাৰ দিনৰ পিছতেই তাৰ বদলিৰ  আদেশ পত্ৰখন আহি পালেহি।সি কিন্তু ইমান সোনকালে বদলিৰ আদেশ আহি পাব বুলি আশা কৰা নাছিল।কাৰন এখন ঠাইত তিনি বছৰ পূৰ্ণ নোহোৱালৈকে বদলি কৰা চৰকাৰী নীতি-নিয়ম নাই বুলি তাৰ ফাইল দিছপুৰত আৱদ্ধ হৈ ৰৈছিল।ফলত সি শদিয়াৰ পৰা বদলি হোৱাৰ আশা বাদেই দিছিল।
    কিন্তু হঠাতে বদলিৰ আদেশ পত্ৰটো পায় সি এক দোদুল্যমান অৱস্থাত পৰিল।সি মনস্থ কৰিলে যে এই ঠাইখনৰ পৰা বদলি হৈ যোৱাৰ আগতে সি মাধুৰীক এবাৰ লগ কৰি যাবই আৰু পিনি পেকক খনো দি যাব।***

           ( বৰ্ণালী হাজৰিকাৰ প্ৰতি কৃতজ্ঞতাৰে)

Short Story-Night-mare

    গল্প নহয়, গল্পৰ চলেৰে এটা সঁচা কাহিনী                                ছাৰমেনৰ দুঃস্বপ্ন

ফেচবুক খোলাৰ লগে লগে তাৰ হ’ম পেজত নটিফিকেশ্বনৰ ৰঙা এলাৰ্ট জ্বলি থকা ছাৰমেনে লক্ষ্য কাৰিলে।সি এফালৰ পৰা সকলো এটা এটাকৈ খুলি চালে।এটা বন্ধুত্বৰ অনুৰোধ বনানী বৰুৱাৰ পৰা আৰু বাকী বন্ধু-বান্ধৱী সকলৰ পাৰ্ছনেল মেছেজ আৰু তাৰ ৱাল প’ষ্টিঙৰ ওপৰত কমেন্ট।ছাৰমেনে বন্ধুত্বৰ অনুৰোধটো কনফাৰ্ম কৰাৰ আগতে বনানী বৰুৱাৰ প্ৰ’ফাইল খুলি চালে-নাই ইনফৰ্মেচনত বিশেষ একো লিখা নাই।তাই ইটানগৰৰ-ইমানেই সি জানিব পাৰিলে।তাইৰ এলবাম খুলি চালে-অচিনাকী মুখ-তাৰ চিনাকী মুখৰ ভিতৰত নপৰে।তাই মিচ্যুৱেল বন্ধুৰ মাজতো নাই।মুঠতে তাই ছাৰমেনৰ সম্পূৰ্ণ অচিনাকী।এলবামৰ ফটোবোৰৰ পৰা তাৰ প্ৰাথমিক ধাৰণা হ’ল-তাই বিবাহিতা,দুজনী কিশোৰী ছোৱালীৰ মাক।সচৰাচৰ কৰাৰ দৰে ছাৰমেনে বিশেষ একো নভবাকৈয়ে বন্ধুত্বৰ অনুৰোধটো গ্ৰহণ কৰি কনফাৰ্ম কৰি দিলে।এক ই-সৌজন্যতা-ইমানেই।
    কিন্তু এদিন বন্ধুবোৰৰ মেছেজ আৰু আপদেডবোৰ পঢ়ি থাকোতে হঠাতে ছাৰমেনৰ মনত পৰিল-বনানী বৰুৱা-তাই নামৰুপৰ বনানী বৰুৱা নহয়টো?সি লগে লগেই মেছেজ কৰি সুধি পঠিয়ালে-‘আপুনি নামৰুপৰ বনানী বৰুৱা নহয়নে?’
    পিছদিনাখনেই তাই লিখিলে-‘ছাৰমেন,তুমি মোক চিনি পালা বাবে বৰ ভাল লাগিল---বিচাৰি বিচাৰি তোমাক ফেচবুকত পালো---কেইবাদিনো চাটিঙত কথা পাতিম বুলি ভাবিছিলো---কিন্তু তুমি মোক চিনি নাই পোৱা বুলিয়ে ইমান দিন অপেক্ষা কৰি আছিলো---কিজানি মনত পৰেইবা---ভগৱানক ধন্যবাদ,অৱশেষত তোমাৰ মনত পৰিল---ইমান দিনৰ পিছত তোমাক পায় খুব ভাল লাগিছে।তুমি অকণো সলনি হোৱা নাই।অলপ শকত হৈছা অৱশ্যে।–তুমি কি কৰা,ক’ত আছা মই নাজানো কিন্তু---মই তোমাক আপুনি-ছাপুনি মাতিব নোৱাৰো দেই—তুমি মোৰ সেই ক্লাছ চেৱেন-এইটৰ চিতুংলাংছ’ৰ ‘কৃষ্টি পঁজা’ৰ ছাৰমেন ৰংপি হৈয়েই আছা,বুজিলা? তোমাক নাই পাহৰা আৰু নাপাহৰো---বহুত দিনৰ পিছত তোমাক দেখি কি কম কি নকম লাগিছে---তোমাৰ শ্ৰীমতী আৰু ছোৱালীজনীৰ ফটোবোৰ চালো---বৰ মৰম লগা।উত্তৰ নিদিয়াকৈ নাথকিবা।উত্তৰ পালে মোৰ কথা জনাম---বনানী---সি একে উশাহতে মেছেজটো পঢ়ি পেলালে।হঠাতে তাৰ স্মৃতিৰ দোৱাৰ খোল খাই গ’ল।বনানী বৰুৱা তাৰ শৈশৱৰ পত্ৰবান্ধবী।ইমানদিনে তাৰ মনত পৰা নাছিল।
    সত্তৰ-আশী দশকত অসমত ‘পত্ৰ-বন্ধুৰ এক ‘ক্ৰেজ’ আছিল।অসমত তেতিয়া এনেকোৱা স্কুলীয়া ল’ৰা-ছোৱালী নোলাব যাৰ পত্ৰ-বন্ধু নাই।সিও তাৰ ব্যতিক্ৰম নাছিল।সি চিঠি লিখি ভাল পাইছিল আৰু চিঠি পঢ়িও ভাল পাইছিল।বনানীৰ মেছেজে তাক আকৌ এবাৰ শৈশৱ আৰু কৈশোৰৰ পত্ৰ-বন্ধুৰ সেই সোণোৱালী দিনবোৰৰ কথালৈ সোৱৰাই দিলে।পত্ৰ-বন্ধুবোৰৰ পৰা ডাকযোগে অহা চিঠি পোৱাৰ কি যে এক অনাবিল আনন্দ!তাৰ মনটো’পত্ৰ-বন্ধু’ৰ দিনবোৰলৈ ঘূৰি গ’ল-পত্ৰ-বন্ধুৰ পৰা পোৱা চিঠিবোৰ পঢ়োতে সেই মিঠা মিঠা অনামি অনুভূতি আৰু উত্তেজনা এতিয়াও সি অনুভৱ কৰিলে।হঠাতে হি নষ্টালজিক হৈ পৰিল।
    এটা সময়ত চিঠিয়েই আছিল খবৰ আৰু মনৰ ভাৱ আদান প্ৰদানৰ একমাত্ৰ মাধ্যম।সি এসময়ত বন্ধু-বান্ধবীলৈ এনফ্ৰাংকৰ ডায়েৰীৰ আৰ্হিত দীঘ্লীয়া চিঠি লিখিছিল।তাৰ ক’ৰবাত এবাৰ পঢ়া মনত আছে-চিঠি লিখা হেনো এটা আৰ্ট।এক সাহিত্য কৰ্ম।বিশ্বৰ বিখ্যাত লোক সকলে লিখা চিঠিবোৰ পৰবৰ্তি কালত উৎকৃষ্ট সাহিত্য ৰুপে বিবেচিত হৈছে।পণ্ডিত নেহেৰুৱে জেলৰ ভিতৰৰ পৰা জীয়েক ইন্দিৰালৈ লিখা চিঠিবোৰ সাহিত্যৰ কিতাপত স্থান পাইছে।
    কিন্তু সেই দিনবোৰ এতিয়া আৰু নাই।মানুহে এতিয়া চিঠি লিখা বাদ দিলে।এতিয়া আহিল ম’বাইল,এছ-এম-এছ,ই-মেইল,চাটিং,ৱাটছআপ,ছ’চিয়েল নেটৱৰ্ক ইত্যাদি।বহুদিন ছাৰমেনো চিঠি লিখা নাই।বৰ্তমান দিনত তাৰ বাবে ফেচবুকেই বন্ধু-বান্ধবী সকলৰ লগত সম্পৰ্ক ৰক্ষা কৰা উপযুক্ত মাধ্যম হিচাপে বিবেচিত হৈছে।কাৰন তাৰ স্কুল-কলেজীয়া বন্ধুবোৰক সকলোকে ফেচবুকত বিচাৰি পাইছে।কিন্তু শৈশৱ আৰু কৈশোৰৰ ‘পত্ৰ-বন্ধু’বোৰক কাহানিও ‘ফেচবুক’ত বিচৰা কথাটো তাৰ মনলৈ সমূলি অহা নাছিল।আচল কথাটো হ’ল-সি সঁচাকৈয়ে ‘পত্ৰ-বন্ধু’বোৰক পাহৰি পেলাইছিল।শৈশৱ আৰু কৈশোৰৰ এছোৱা কালৰ কথা ছাৰমেনে পাহৰি পেলাইছে।বিশেষকৈ চিতুংলাংছ’ৰ লগত জড়িত কথাবোৰ।বনানীয়ে চিতুংলাংছ’ৰ কথা উল্লেখ কৰাত তাৰ মনত পুনৰ সেই পুৰণা দুখে খুন্দা মাৰিলে।চিতুংলাংছ’ গাৱৰ সিহঁতৰ ‘কৃষ্টি পঁজা’ চাংঘৰটিযে কেতিয়াবাই ধ্বংস হৈ গ’ল সি এতিয়া বনানীক কেনেকৈ ক’ব?মৰমৰ ‘কৃষ্টি পঁজা’টি ধ্বংস হোৱাৰ দুখ পাহৰি যাবলৈ চেষ্টা কৰোতে চিতুংলাংছ’ৰ লগত জড়িত বহুতো কথাই যে সি পাহৰি পেলাইছে।বনানীয়ে ফেচবুকত তাক সোধে-মনত পৰেনে তোমাৰ ’৮১ চনৰ কথাবোৰ?নাই,ছাৰমেনৰ একো মনত নাই।সঁচাকৈয়ে তাৰ মনত পেলাব নাই-কিবা আছিল কথাবোৰ!!
    বনানীয়ে লিখে-তুমি চিতুংলাংছ’ৰ জুৰিটিৰ কথা আৰু তাৰেই কাছ আৰু মাছবোৰৰ কথা লিখিছিলা,চিতুংলাংছ’ৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনা কৰিছিলা,তুমি চিতুংলাংছ’ৰ শাৰী শাৰী ‘হেমথেংছং’ আৰু চ’মাংকান উৎসৱৰ কথা লিখিছিলা,পিনি-পেকক পোছাকৰ কথা লিখিছিলা---আৰু তুমি মোক ৰুণজুন বুলি সম্বোধন কৰি চিঠি লিখিছিলা,কিন্তু আপুনি বুলি তুমি মোক কেতিয়াও মাতা নাছিলা আগতে----একেবাৰে পাহৰি গৈছা যদি মনত নেপেলাও দিয়া---‘কৃষ্টি পঁজা’,চিতুংলাংছ’-এটা সময়ত এই ঠিকনাটি মোৰ বৰ চিনাকী আছিল---ইমান বছৰৰ পিছতো একেবাৰে পাহৰা নাছিলো---তোমালোকৰ হেমথেংছং ‘কৃষ্টি পঁজা’ চাংঘৰৰ্টি সেই আগৰ দৰেই আছেনে?নে এতিয়া তোমালোকৰ চিতুংলাংছ’ আৰু পাহাৰখন বহুত পৰিবৰ্তন হ’ল?---
    বনানী বৰুৱাই পুৰণি স্মৃতি ৰোমন্থন কৰি আৰু বহু কিবা কিবি লিখিছিল মেছেজত।কিন্তু ছাৰমেনৰ মনত ইতিমধ্যে এজাক ধুমুহা পাৰ হৈ গ’ল।যেনেকৈ সিহঁতৰ পৰিয়ালৰ ওপৰত, ‘কৃষ্টি পঁজা’ৰ ওপৰত এদিন এটা প্ৰচণ্ড ডাঙৰ ধুমুহাই পাৰ হৈ গৈছিল।মেছেজ লিখিবলৈ গৈও ছাৰমেন থমকি ৰ’ল।সি বহু সময় নিথৰ হৈ বহি থাকিল।তাৰ মানস পটত শৈশৱৰ হেৰুৱা স্মৃতিৰ ডোখৰীয়া ছবি আৰু ছিতুংলাংছ’ৰ ‘কৃষ্টি পঁজা’ চাংঘৰটি সজীৱ হৈ ওপঙি ৰ’ল বহু সময়।হঠাৎ সি আবেগিক হৈ পৰিল আৰু এজন সৰু ল’ৰাৰ দৰে উচুপি উঠিছিল।
    ছাৰমেনৰ এতিয়াও ভাবিলে বুকু একোণত বিষ অনুভৱ কৰে-দুখ লাগে-নব্বৈ দশকৰ কাৰবি আন্দোলনৰ সময়ত চিতুংলাংছ’ৰ ‘কৃষ্টি পঁজা’টি যে দুস্কৃতিকাৰী আন্দোলনকাৰীৰ আক্ৰমনত সম্পূৰ্ণ ভাঙি-ছিঙি ধ্বংস হৈ গ’ল।সেই আক্ৰমনত তাৰ শৈশৱ-কৈশোৰৰ স্মৃতি বিজড়িত চিঠি-পত্ৰ,এলবাম,কিতাপ-পত্ৰ আৰু মা-দেউতাই গঢ়ি তোলা কষ্টোপাৰ্জিত সম্পত্তি সকলো ধ্বংস হৈ গৈছিল।ফলত থান-বান হৈ গৈছিল সিহঁতৰ পৰিয়াল।এই ঘটনাই ছাৰমেনক ইমান দুখ দিছিল যে এসময়ত জীয়াই থকাৰ প্ৰেৰণাই তাৰ হেৰাই গৈছিল।মানসিক ভাবে সি ভাগি পৰিছিল।মানুহৰ ওপৰত তাৰ আস্থা আৰু বিশ্বাস হেৰাই গৈছিল।সি বন্ধু-বান্ধৱ আৰু মানুহৰ সংস্পৰ্শ আৰু সমাজৰ পৰা আঁতৰি ফুৰিছিল।এই ঘটনাৰ দুখে তাক ইমান আঘাত দিছিল যে সি বহুবছৰলৈকে বহুত চেষ্টা কৰিও পাহৰিব পৰা নাছিল। 
    জীৱনত কাদমক লগ নোপোৱা হ’লে ছাৰমেনে জীৱনটো নতুনকৈ জীয়াই থাকিবলৈ প্ৰেৰণা নাপালেহেতেন।তাৰ বাবে তায়েই বন্ধু,দাৰ্শনিক আৰু পথ প্ৰদৰ্শক।তাই প্ৰেৰণাৰ উৎস।তাইৰ সান্নিধ্য আৰু অনুপ্ৰেৰণাতেই সি চিতুংলাংছ’ৰ ঘটনাটো পাহৰিবলৈ চেষ্টা কৰিছিল।কাদমে তাক জীৱনৰ প্ৰতি নতুন দৃষ্টিভংগী ল’বলৈ আৰু জীৱনটো নতুনকৈ জীবলৈ প্ৰেৰণা যোগাইছিল।তাই ছাৰ মেনক বুজাইছিল-জীৱনত কেতিয়াবা কোনোবা আপোনজনক অথবা আপোন কিবা হেৰুৱালে মনত দুখ লগাটো স্বাভাবিক।হয়তো এই দুখবোধ কেতিয়াবা এক-দুই বছৰলৈকে থাকিব পাৰে।সেয়া কোনো ডাঙৰ কথা নহয়।কিন্তু এই দুখবোধ পাঁচ-ছয় বছৰৰ পিছতো যদি অনুভৱ কৰি থাকা সেয়াহে অস্বাভাবিক কথা।তোমাৰ এই দুখবোধে এদিন মানসিক ৰোগলৈ ৰুপান্তৰিত হ’ব।তুমি চিতুংলাংছ’ৰ ঘটনাটো সম্পুৰ্ণ পাহৰি পেলোৱা।জীৱনক প্ৰত্যাহ্বান হিচাপে লোৱা।জীৱনত তুমি ইয়াতকৈয়ো ডাঙৰ বিপদৰ সন্মুখীন হ’ব পাৰা-তেতিয়া কি কৰিবা?সৰু-খীন অৱয়বৰ এই কাদমজনীৰ ভিতৰতে যে এজনী শক্তিশালী ব্যক্তিত্ব লুকাই আছে সান্নিধ্যলৈ নাহিলে ধৰিব নোৱাৰি।কাদমৰ সাহচৰ্য্যত ছাৰমেনে চিতুংলাংছ’ৰ ঘটনাটো পাহৰি যাবলৈ চেষ্টা কৰিছিল। তথাপি তাৰ মনৰ এটা কোণত বিষণ্ণতাবোধ থকি গ’ল-যিটো সি কাহানিও কাকো প্ৰকাশ কৰা নাই।বনানীয়ে হৃদয়ংগম কৰিব পাৰিবনে?তাৰ জীৱনৰ এই ‘ট্ৰেজেডি’ৰ কথা বনানীয়ে বুজিব পাৰিবনে? নিজৰ জীৱনৰ দুখৰ কথা অচিনাকী মানুহৰ আগত প্ৰকাশ কৰাত ছাৰমেন পক্ষপাতী নহয়।কিন্তু বনানীয়ে যে চিতুংলাংছ’ৰ আৰু ‘কৃষ্ট পঁজা’ৰ বহু কথাই জানিছিল চিঠিৰ যোগেদি।তাই ছাৰমেনৰ আপোন মানুহৰ দৰেই-যদিও তাঁহাতৰ মাজত কাহানিও দেখা-সাক্ষাৎ হোৱা নাই।সি বহু কথাই তাইক ক’বলৈ মন গ’ল।ইমান দিনে তাৰ মনত সঞ্চিত হৈ থকা খং-ক্ষোভ,দুখ-বেদনা বিষাদ সকলো কথা।বুকু উজাৰি সকলো কথা প্ৰকাশ কৰিবৰ মন গ’ল ছাৰমেনৰ যাতে দুখবোৰ চিৰদিনৰ বাবে তাৰ মনৰ পৰা যেন আঁতৰি যাওঁক।ছাৰমেনে ফেচবুকৰ মেছেজ বক্সটো খুলি লিখিবলৈ ল’লে----
    ----বনানী,তুমি চিতুংলাংছ’ৰ ‘কৃষ্টি পঁজা’ৰ কথা সুধিছা,কিন্তু তোমাক কি কম-দেউতাই কাৰবি পৰম্পৰাগত চাংঘৰৰ আৰ্হিত আমাৰ মৰমৰ হেমটোন-হেমথেংছং ‘কৃষ্ট পঁজা’টি কাৰবি আন্দোলনৰ সময়ত দুস্কৃতিকাৰীহঁতে ভাঙি-ছিঙি ধ্বংস কৰি পেলালে---কৃষ্টি পঁজাৰ এতিয়া কোনো চিন-চাব নাই---আমি চিতুংলাংছ’ এৰি গুচি অহা বহুবছৰেই হ’ল---চিতুংলাংছ’ৰ কথা মই এতিয়া একো ক’ব নোৱাৰিম---চিতুংলাংছ’ৰ কথাবোৰ মই পাহৰিব বিচাৰো---কিন্তু নোৱাৰো---সেয়া ১৯৯৩ চনৰ কথা।স্বায়ত্তশাসিত ৰাজ্য দাবী আন্দোলন তেতিয়া তুংগত। শান্তিৰ মৰুদ্যান হিচাপে পৰিচিত কাৰবি পাহাৰ আন্দোলনকাৰীৰ বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীত অশান্তিময় পৰিবেশ। চাৰিওফালে শংকা আৰু সংশয়ৰ এক চেপা উত্তেজনাৰ পৰিবেশ।অনবৰতে বন্ধ,সমদল,গণ-সমাবেশ,হৰতাল,পথ-অৱৰোধ।মাজে মাজে দলীয় সংঘাত,আক্ৰমন-প্ৰত্যাক্ৰমন,ভাতৃঘাতী সংঘৰ্ষ।দাবী একেটাই-কিন্তু বিভাজিত আন্দোলনকাৰী।যেন যুযুধান দুটা দল।
    ২৭ মে’১৯৯৩ চন।ডকমকাৰ ছিং টেৰন গাঁৱৰ পাৰি টেৰনক নৃশংস হত্যা।হঠাতে ১০০ ঘন্টীয়া বন্ধ,হোষ্টেলৰ পৰা ঘৰলৈ আহি আৱদ্ধ হৈ ৰৈ গ’লো মই গাঁৱতে।২জুন,১৯৯৩ চনৰ ৰাতি।মোৰ এতিয়াও স্পষ্টকৈ মনত আছে।ঘটনাটো এতিয়াও মনত সজীৱ হৈ আছে।যেন সৌ সিদিনাখনৰ হে ঘটনা।
    জুন মাহৰ গৰমত আমি বহু পৰলৈকে শুব পৰা নাছিলো।ৰাতি কিমান বাজিছে আমি নাজানো।সম্ভব আমাৰ ঘৰৰ সকলোৰে চিলমিল টোপনি আহিছিল তেতিয়া।হঠাতে মানুহৰ গুণগুণনিৰ শব্দ আৰু এটা সমদল আমাৰ ঘৰৰ ফালে আগবাঢ়ি অহা যেন লাগিল।এইটো আমাৰ পৰিয়ালৰ মানুহৰ বাবে কোনো নতুন কথা নাছিল।কাৰন কেতিয়াবা আন্দোলনৰ সমদলকাৰী সকলে আমাৰ ঘৰৰ পদূলি মূখৰ আগেদি সমদল যাত্ৰা কৰি যায়।আৰু আমাৰ ঘৰৰ বিৰুদ্ধে শ্ল’গান দি দি যায়।অশ্ৰাব্য গালি-গালাজ কৰি যায়,শিলগুঅটি-চপৰাগুটি দলিয়াই থৈ যায়।আমাৰ পৰিয়ালৰ এটাই অপৰাধ আমি এই আন্দোলনকাৰীৰ পক্ষত নাই।
    আমাক সামাজিক ভাবে বৰ্জন কৰা হৈছিল।
কিন্তু সেইদিনা সেয়া আন্দোলনৰকাৰীৰ কোনো সমদল নাছিল।দেউতাৰ নাম ধৰি চিঞঁৰি চিঞঁৰি মতা আমি শুনিছিলো।হঠাতে শতাধিক মানুহ আমাৰ ঘৰৰ চাৰিওফালে আগুৰি ধৰিলে-ঘৰৰ দৰ্জা,বেৰ,খুটা,চালত সকলোতে লাঠিৰে বিশ্ৰামহীন ভাবে আঘাত কৰিলে।সৰু ভাইটিহঁতে টোপনিৰ জালত ধুমুহা অহা বুলি ভাবিছিল।ঘটনাৰ আকস্মিকতাত আমি কিংকৰ্তব্য বিমূঢ় হৈ পৰিছিলো।কোন মূহুঅৰ্তত শতাধিক মানুহ দৰ্জা ভাঙি সোমাই অহিলে আমি তলকিবই নোৱাৰিলো।অক্ৰমনকাৰীহঁতে আমাক সকলোকে নিৰ্বিচাৰে আক্ৰমন কৰিলে।আক্ৰমনকাৰীৰ মাজৰে এজনে চিঞঁৰা শুনিলো-‘বুঢ়ীক গাত হাত নিদিবা।বুঢ়ীক এৰি দিয়া’। মাই কান্দি কান্দি আক্ৰমণকাৰীসকলক কাবৌ কৰি কৈ আছিল-‘মোৰ বুঢ়াটোক নমাৰিবা,নামাৰিবা,বেমাৰি মানুহ।মৰি যাব’।মাই চিঞঁৰি চিঞঁৰি কান্দি আছিল।
    দেউতাক সিহঁতে নিৰ্দয়ভাবে খেদি খেদি মাৰিছিল।উপাই নাপাই দেউতাই পুখুৰীত জাপ মাৰি প্ৰাণ ৰক্ষা কৰিছিল।দেউতাই পুখুৰীত জাপ মাৰি পানীৰ তলেদি সাঁতুৰি পুখুৰীৰ এটা চুকত পানি মেটেকাৰে মুখ ধাকি লুকাই আছিল।বুঢ়া পানীত ডূবি মৰিল বুলি আক্ৰমণকাৰীহঁত গুচি আহিছিল।
    সৰু ভাইটি আৰু মই আক্ৰমণকাৰীহঁতৰ তীব্ৰ আঘাতত আৰু গছকত তেজেৰে লুটুৰি পুতৰি হৈ চোতালত অৰ্থ-অচেতন হৈ পৰি ৰ’লো।হঠাতে আক্ৰমণকাৰী দল লৰালৰিকৈ আঁতৰি গ’ল।দূৰৈত ৰাতিৰ আন্ধাৰত গাড়ীৰ পোহৰৰ দৰে পোহৰাই দিয়া দেখা গ’ল।
    ভাইটি এজনে আন্ধাৰৰ সুযুগ লৈ ইতিমধ্যে আক্ৰমণকাৰীৰ কবলৰ পৰা পলাই গৈ পুলিচক খবৰ দিছিল।
    পুলিচৰ গাড়ী আহি পোৱাৰ লগে লগে ‘কোন ক’ত আছে সোনকালে উঠা উঠা’বুলি কৈ অমাক সকলোকে গাড়ীত উঠাই ততালিকে চিতুংলাংছ’ ত্যাগ কৰি অশ্ৰয় শিবিৰলৈ লৈ আহিল।কিছুদূৰ গৈ লক্ষ্য কৰিলো গাড়ীত ভাইটি,দেউতা আৰু মই।মা নাই।মা ক’ত,মা ক’ত?আমাৰ মাজত হাহাকাৰ লাগিল।
    মা পিছদিনাখন আশ্ৰয় শিবিৰলৈ নিজে আহি ওলাইছিল।মা হেনো সেই ৰাতি জোপোহা এটাত লুকাই আছিল।গাড়ী অহা দেখা পাইছিল-কিন্তু সেয়া আক্ৰ্মণকাৰীৰ দল বুলি ভাবি ওলাই অহা নাছিল।
    সেই তেতিয়াৰ পৰাই আমি চিতুংলাংছ’ এৰিলো।বৰ্ত্ত্মান আমি ডিফুত থাকো।আক্ৰমণকাৰীহঁতৰ আঘাতত দেউতাৰ হাত ভাঙিল আৰু ভাইটিৰ ভৰি ভাঙিল।এক প্ৰ্কাৰ পংগু।মাই দুখতে অনবৰতে চকুপানী ঢুকে।চকুৰ পৰা অবিশ্ৰাম চকুৰ পানী বৈ আহে।ফলত চকুৰ দৃষ্টি হেৰাই গৈছে।
    গুৰুতৰভাবে মোৰ একো হোৱা নাই,কিন্তু আক্ৰমণকৰীহঁতৰ গছকৰ বাবে বুকু মাজে মাজে বিষায়।
    ---চিতুংলাংছ’ৰ কথাবোৰ মই পাহৰিবলৈ আপ্ৰাণ চেষ্টা কৰো।নিজৰ মাতৃভূমিতে গৃহহাৰা ভগনীয়া হ’বলগীয়া দূখ,নিজৰ মাটি-বাৰী হেৰুৱাব লগীয়া দুখ,নিজৰ জন্ম ঠাইৰ পৰা উচ্ছেদিত হোৱাৰ দুখবোৰ মই পাহৰিব খোজো।---কিন্তু চিতুংলাংছ’ৰ সেই অভিশপ্ত নিশাৰ ঘটনাটো আৰু আমাৰ মৰমৰ হেমটোন-হেমথেংছং ‘কৃষ্টি পঁজা’ ঘৰটো এতিয়াও কেতিয়াবা মাজে মাজে মই মোৰ সপোনত দেখো---এক প্ৰকাৰ ই এক দুঃস্বপ্ন---চিতুংলাংছ’ৰ সেই সমগ্ৰ ঘটনাতোৱেই মোৰ জীৱনৰ এটা দুঃস্বপ্ন---
কথাখিনি লিখি ছাৰমেনে ৰিপ্লাই বাটনত ক্লিক কৰি পঠিয়াই দিলে।তাৰ মনটো বহুত পাতল পাতল লাগিল-যেন বুকুৰ পৰা এছতা গধুৰ শিল আঁতৰি গ’ল।***
    (মোৰ এগৰাকী ফেচবুক বন্ধু বৰ্ণালী হাজৰিকাৰ এটা মেছেজৰ এটা শব্দই মোক এই কাহিনীটো লিখিবলৈ বাধ্য কৰাইছিল)