Saturday, November 22, 2014

হাফলঙত এতিয়া জোনাক নিশা

হাফলঙত এতিয়া জোনাক নিশা



“হেই মেনছিং,তোমাকতো গোৰ মাৰি গংগাত নহয়,দিয়ুঙতহে পেলালে দেখোন”-তাৰ এফবি ৱালত হাফলঙৰ বতৰৰ ম’বাইল স্ক্ৰীনশ্ব’টটো দেখি ৰাণাই কমেন্ট কৰিছে।সি প্ৰথমে বুজা নাছিল,-ৰাণাই তাক বুজালে-আমাৰ অসমীয়াত এটা ফকৰা-যোঁজনা আছে অ’-গোৰ মাৰি গংগাত পেলোৱা বুলি।তাত দিয়ুং নদী নাই জানো?
    হয়,হাফলং চহৰৰ পাহাৰটোৰ নামনিয়েদিয়েই বৈ গৈছে দিয়ুং নদী।
ৰাণা তাৰ বন্ধু,সি বৰ্ত্তমান ধুবুৰীত।তাৰো ইলেকশ্বনত ট্ৰেঞ্চফাৰ তাৰ দৰেই।“মই আছো বাংলাদেশী মখাৰ মাজত-তইতো ভাই স্বৰ্গত আছ’।ভু-স্বৰ্গত বুজিছ”
হয়,হাফলং চহৰখন ভূ-স্বৰ্গ বুলিয়েই কব লাগিব।অসমৰ একমাত্ৰ ‘হিলছ্‌ ষ্টেচন’।সৰু অথচ সুন্দৰ চহৰ।ইয়াৰ প্ৰকৃতিৰ অপৰুপ নৈশৰ্গিক দৃশ্য,চাৰিওফালে সেউজীয়া পাৰিবেশ,বৰাইল পৰ্ব্বতমালাৰ নীলা নীলা পাহাৰৰ দিগন্তব্যাপি লানি নিছিগা শাৰী-সঁচাকৈয়ে চালে চকুৰোৱা আৰু হিয়া শাঁত পেলোৱা প্ৰাকৃতিক সৌন্দৰ্য্য!সাগৰ পৃষ্ঠৰ পৰা ৩১১৭ ফুট উচ্চতাত অৱস্থিত হাফলং চহৰখন প্ৰকৃতিপ্ৰেমী মানুহৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু।ইয়াৰ শীতল জলবায়ু,বন্ধুভাবাপন্ন চহৰবাসী,পৰিস্কাৰ সেউজীয়া পৰিবেশ আদিয়ে মন মোহিত কৰে।
বাৰেৰহণীয়া বিভিন্ন জনগোষ্ঠীৰ বাসভূমি হাফলং চহৰ। ডিমাচা,কাৰবি,জেমেনাগা,মাৰ,কুকি,বেইটে,ৰাংখল আদি সৰু বৰ কেবাটাও জনগোষ্ঠীৰ বাসভুমি এই ঠাইখনৰ।সেয়ে ইয়াত চলে ‘হাফলং হিন্দী’-এক অদ্ভূদ ল’কেল- হিন্দী মিক্স্‌ লিংগোৱাফ্ৰাংকা!
ইয়ালৈ আহি সঁচাকৈয়ে সিও ঠাইখনৰ প্ৰতি প্ৰেমত পৰিছে।প্ৰথমে যেতিয়া হাফলঙলৈ তাৰ ইলেকশ্বন ট্ৰেঞ্চ্‌ফাৰ বুলি শুনিলে-ঘৰত আৰু পৰিয়ালৰ মানুহৰ মাজত হাঁহাকাৰ লাগি গৈছিল।ঠাইখন চাকৰিয়াল মানুহৰ বাবে সুৰক্ষিত নহয়-ধন দাবী,অপহৰন আৰু হত্যা-তাত নিত্য-নৈমিত্তিক ঘটনা-সকলোৰে মুখৰ কথা।তাতে কাৰবি-ডিমাছা গোষ্ঠী সংঘৰ্ষ কিছু বছৰৰ পূৰ্বে সংঘটিত হৈ গৈছে।বহুত নিৰিহ মানুহৰ মৃত্যু ঘটিছিল।গতিকে পৰিয়ালৰ সকলোৰে ভয় আৰু দুঃশিন্তা।
চিন্তা তাৰো নলগা নহয়।প্ৰথমে আহিবলৈ ইতস্ততঃ কৰিছিল।চিনিয়ৰ সকলে সাৱধানবাণী শুনাই ভয় খোৱাই দিছিল-ইলেক্‌শ্বন ট্ৰেঞ্চ্‌ফাৰ দেই-নগলে চিধাই ‘চাচপেঞ্চন’ অতি কমেও এবছৰৰ বাবে।নিৰুপায় হৈ সি শেষ মূহুৰ্ত্তত আহিব লগা হ’ল।আহিবলৈ তাৰ সমূলি ইচ্ছা নাছিল-বিশেষকৈ ছেৰলিন জনীক এৰি আহিবলৈ সি টান পাইছিল।ছেৰলিনৰ লগত বিয়া তাৰ ঠিক হৈ আছে-তাইৰ কাষতে থাকিম বুলিয়েই সি ধেমাজীৰ পৰা বদলি লৈ আহিছিলহে মাত্ৰ।
ছেৰলিন ডিফু চিভিল হস্পিতালৰ এন আৰ এইছ এমৰ ডাক্তৰ।সি জালুকবাৰীত ইঞ্জিনিয়াৰিং কলেজত পঢ়ি থাকোতে লগ পোৱা-তাই তেতিয়া গুৱাহাটী মেডিকেল কলেজত।তাইলৈ মনত পৰিলেহে তাৰ মন উন্মনা হৈ পৰে।হাফলঙৰ দৰে ইমান ধুনিয়া আৰু ৰোমান্তিক চহৰখনত সি অকলশৰীয়া-ছেৰলিনলৈ ঘনাই মনত পৰে আৰু বিচ্ছেদৰ বিৰহত সি অস্থিৰ হৈ পৰে।তাইক উদ্যেশিয়েই সি এফবিত ষ্টেটাচ আপদেড দিয়ে-ফিলিং লনলি বুলি।
সি ইয়াত কালিবাৰি পি ডব্লিউ ডি থাৰ্থ কলনিত কোৱাৰ্টাৰত আছেহি।তাৰ কোৱাৰ্টাৰৰ খিৰিকিৰ পৰাই বহু তলত মাৰ জনগোষ্ঠীৰ বসতি প্ৰধান মহলয় ঠাইখনৰ মনোৰম দৃশ্য আৰু ওপৰত বৰাইল পাহাৰৰ নয়নাভিৰাম দৃশ্যটো দেখি থাকি-বিশেষকৈ ৰাতিপূৱাই খিৰিকি খুলিলেই পাহাৰৰ বহু তলত মহলয়ৰ ওপৰত বগাছাদৰেৰে ধাকি ৰখা যেন কুৱঁলিৰ আৱৰন দেখিলে মন জুৰ পৰি যায়।

প্ৰত্যেক দিনা ৰাতিপূৱাই তাৰ কাম হ’ল-কেমেৰাতো লৈ ওলাই যোৱা।সি অকলে হাফলং চহৰৰ পাহাৰীয়া ৰাস্তাৰ অলিয়ে গলিয়ে ঘূৰি ফুৰে-এটা অবিস্মৰণীয় দৃশ্য কেমেৰাত বন্দী কৰাৰ আশাত।প্ৰত্যেক দিনাই প্ৰথমে পি ডব্লিউ ডিৰ থাৰ্থ কল’নিৰ ওচৰতে থকা ‘ভিউ পইন্ট’টোত গৈ তলৰ মহলয়ৰ দৃশ্য এটা তোলে আৰু তাৰ পৰা ওচৰৰে প্ৰেছবেটেৰিয়ান মিছন কম্পাউণ্ডৰ পাহাৰটোৰ ওপৰলৈ উঠি বৰাইল পাহাৰৰ পৰা ওলাই অহা সূৰ্যোদয়ৰ দৃশ্যটো স্নেপ লৈ নামি আহে।তাৰ পিছত ৰাস্তাই ৰাস্তাই কেমেৰাটো লৈ অনাই বনাই ঘূৰে।

ঘূৰি আহি সেইবোৰ ফটোৰ ভালভাল শ্ব’টবোৰ ফেচবুকত আপলোড কৰে।ইতিমধ্যে ফেচবুক আৰু ব্ল’গাৰৰ তাৰ ব্লগত হাফলঙৰ ফটো দেখি বহুতো চিনাকি-অচিনাকী বন্ধুবোৰে ফোনত যোগাযোগ কৰিছে।সঁহাৰি দেখি সি অভিভূত হ’ল।
ফোন কৰিছে ডিব্ৰুগড়ৰ কোনোবা চাহ বাগানৰ পৰা নৱজ্যোতি বৰাই-হাফলঙৰ ফটোবোৰ দেখি সি নষ্টালজিক হৈ গৈছিল।তাৰ শৈশৱ-কৈশোৰৰ কালছোৱা এই চহৰখনতে অতিবাহিত কৰি গৈছিল।পৰিয়ালক এবাৰ ফুৰাই অনাৰ প্ৰবল ইচ্ছা তাৰ শৈশৱৰ চহৰখনলৈ।অতীত সুঁৱৰি সি তাৰ লগত প্ৰায় আধা ঘন্টা সময় কথা পাতিছিল।সি লামডিঙৰ পৰা হাফলঙলৈ পাহাৰৰ একাঁ-বেকা পথেদি,কেইবাটাও সুৰংগৰ তলেদি পাৰহৈ অহা মিটাৰ গজ ৰেল পথেৰে ৰেলৰ পাহৰিব নোৱাৰা যাত্ৰাৰ কথা সূঁৱৰি দূখ কৰিছিল ‘হিল্‌কুইন’ৰ চলাচল বন্ধ হৈ যোৱাত।
সি সুধিছিলে ‘হাফলং লেক’ৰ কথা।চহৰৰ মাজ মজিয়াতে অৱস্থিত ‘হাফলং লেক’ চহৰখনৰ সৌন্দৰ্য্য। ইয়াক ‘লাভাৰছ্‌ পইন্ট’ বুলি কোৱা হয়।এতিয়া পৰ্যটন বিভাগে সজাই পৰাই তুলিছে।
অ এন জি ছিৰ অনিৰ্বাণ ভাগৱতীয়ে তাৰ ব্ল’গত হাফলঙৰ ফটো দেখি ৰব পৰা নাছিল-সি নয়দাৰ পৰা ফোন কৰিছে।এটা অবিস্মৰণীয় কেইটামান দিন সি বহুবছৰৰ আগতে ইয়াত কটাই গৈছিল।সি হাফলঙৰ চাৰ্কিট হাউচৰ পৰা দেখা নয়নাভিৰাম বৰাইল পাহাৰৰ দৃশ্যটো এতিয়াও পাহৰিব পাৰা নাই।সি হাফলঙৰ হাপ্তাহিক শনিবৰীয়া বজাৰৰ কথা সুধিছিল।হাফলঙৰ শনিবৰীয়া বজাৰ খনেই হ’ল ইয়াত আটাইতকৈ ডাঙৰ হাট-বজাৰ।সেই দিনা হাফলং চহৰখন এক উৎসৱ মূখৰ হৈ পৰে-দূৰ-দূৰণি পাহাৰীয়া গাঁৱৰ পৰা আহে বিভিন্ন জনগোষ্ঠীৰ মহিলা বেপাৰী সকলে।লৈ আনে সতেজ পাহাৰীয়া শাক-পাছলি আৰু ফলমূল।
 তাৰ ভাতৃপ্ৰতিম ৰাটুল তিমুং-হাফলঙলৈ আহিবলৈ বিৰাট ইচ্ছা-বেংকৰ চাকৰিয়ে তাক আহিবলৈ সময় দিয়া নাই।হাফলঙৰ প্ৰত্যেকটো ফটোত টেগ কৰিবলৈ তাক অনুৰোধ কৰিছে।
আৰু ছেৰলিন-তাইক প্ৰত্যেক ৰাতিপূৱাই তোলা হাফলঙৰ ফটো ৱাটছ্‌আপত পঠাব লাগে।আৰু দিনৰ শেষত এবাৰ ফোন কৰি তাৰ হাফলঙৰ দিনটোৰ কথাবোৰ জনাব লাগে।তাই তাৰ ফোনৰ বাবে ৰৈ থাকে।তাই দিনত যেতিয়াই সময় পায় তাৰ ইনবক্সত মেছেজ এৰি থৈ থৈ যায়।কামৰ মাজে মাজে সিও ৰিপ্লাই দি দি যায়।যিদিনা তাইৰ ৰাতি ডিউতি থাকে সেইদিনা নিশা তাই অনলাইনত থাকে আৰু তাক শুব নিদিয়ে।দুপৰ নিশালৈকে তাহাতে এফবিৰ দ্বাৰাই সংযোজিত হৈ থাকে।
এতিয়া হাফলঙত বহুত ধুনীয়া বতৰ।ফৰকাল পৰিস্কাৰ নীলা আকাশ।বৰ্ষাত প্ৰায়ে মৌচুমীৰ মেঘে আগুৰি থকা বৰাইলৰ নীলা পাহাৰ লানি এতিয়া স্পষ্ট ৰুপত দৃশ্যমান হৈ আছে।শৰৎ গৈ হেমন্তৰ আগমনৰ লগে লগে এক মৃদু ঠাণ্ডা বতাহ ববলৈ লৈছে।ৰ’দৰ পোহৰটো কোমল হৈ আহিছে।আকাশত কেতিয়াবা দেখা যায় ডোখৰীয়া শুকুলা মেঘ ভাহি থকা।কেতিয়াবা সিহঁতে উৰি উৰি বৰাইলৰ সু-উচ্ছ শিখৰত ওলমি ৰৈ থাকে গৈ।

এনেকোৱা পৰিবেশে তাক ৰোমান্তিক কৰি তোলে।সি ছেৰলিনলৈ মেছেঞ্জাৰত মেছেজ এৰি দিয়ে-‘আহিবানে মোৰ কাষলৈ এদিনৰ বাবে হলেও?’
‘পৰা হলে আহিলো হয়-ঘূৰি ফুৰিলো হয় তোমাৰ লগতে-হাফলঙৰ  অলিয়ে গলিয়ে।বগালো হয় তোমাৰ লগতে পাহাৰে কন্দৰে’।তায়ো কিছুমান ৰোমান্টিক বাক্য এৰি থৈ যায় তাৰ মেছেঞ্জাৰৰ ইনবক্সত।
চাৰ্কিট হাউচত আজি এডিছি তাৰ’ ছাৰৰ পাৰ্টি।ঘনিষ্ঠ কেইজন মান অফিচাৰ বন্ধুৰ লগত।সিও আমন্ত্ৰিত।তাৰ বহুদিনীয়া হেপাঁহ চাৰ্কিট হাউচৰ ছাদৰ পৰা নিশাৰ হাফলঙক প্ৰতক্ষ্য কৰাৰ।বিশেষকৈ জোনাক নিশাত।আজি চতুৰ্দশী জোনাক নিশা।সি পাৰ্টি আৰম্ভ হোৱাৰ আগতে ছাদৰ ওপৰলৈ উঠি গ’ল।কি এক অপূৰ্ব মনোৰম দৃশ্য!!জোনাকৰ পোহৰে ধুৱাই নিয়া নিশাৰ হাফলং চহৰ।ৰাতিৰ জোনৰ পোহৰতো স্পষ্টকৈ দৃশ্যমান হৈ আছে শান্ত-সমাহিত বৰাইল পৰ্ব্বত শাৰী।দিনৰ ৰোমান্তিক হাফলং চহৰ জোনাক নিশাত মায়াবী চহৰলৈ ৰুপান্তৰিত হৈছে।চাৰিওফালে কি যে এক মায়াবী ৰোমান্তিক পৰিবেশ!এই মূহুৰ্ত্তত যদি ছেৰলিন তাৰ কাষত থকা হলে!!
জানে সি তাইৰ আজি গধুলি অ-পি-ডি ডিউতি।তথাপি সি ফোনটো লগালে-ৰেচিপ তাই কৰা নাই।সি হাফলঙৰ জোনাক নিশাৰ ‘লাইফ’ বৰ্ণনা দিব বিছাৰিছিল।সি তাৰ ছাৰিওফালৰ পৰিবেশ বৰ্ণনা কৰি মেছেঞ্জাৰত মেছেজ এৰি দিলে-মিচ ইউ।
বহু দেৰিকৈ ছেৰলিনৰ পৰা ৰিপ্লাই আহিল-‘ইমান ধুনিয়া ৰোমান্তিক পৰিবেশ শুনিয়েই উৰি গুচি গ’ল মন মোৰ তোমাৰ কাষলৈ আৰু বৰাইল পাহাৰৰ বুকুলৈ।মন গৈছে এতিয়াই উৰি গুচি যাবলৈ’।

‘পাখি লগাই উৰি আহা মোৰ সোনজনী!!’মেছেঞ্জাৰত বাক্যটো এৰি দি সি ছাদৰ পৰা তললৈ নামি আহিছিল।***

No comments:

Post a Comment