Sunday, November 16, 2014

Short Story-Night-mare

    গল্প নহয়, গল্পৰ চলেৰে এটা সঁচা কাহিনী                                ছাৰমেনৰ দুঃস্বপ্ন

ফেচবুক খোলাৰ লগে লগে তাৰ হ’ম পেজত নটিফিকেশ্বনৰ ৰঙা এলাৰ্ট জ্বলি থকা ছাৰমেনে লক্ষ্য কাৰিলে।সি এফালৰ পৰা সকলো এটা এটাকৈ খুলি চালে।এটা বন্ধুত্বৰ অনুৰোধ বনানী বৰুৱাৰ পৰা আৰু বাকী বন্ধু-বান্ধৱী সকলৰ পাৰ্ছনেল মেছেজ আৰু তাৰ ৱাল প’ষ্টিঙৰ ওপৰত কমেন্ট।ছাৰমেনে বন্ধুত্বৰ অনুৰোধটো কনফাৰ্ম কৰাৰ আগতে বনানী বৰুৱাৰ প্ৰ’ফাইল খুলি চালে-নাই ইনফৰ্মেচনত বিশেষ একো লিখা নাই।তাই ইটানগৰৰ-ইমানেই সি জানিব পাৰিলে।তাইৰ এলবাম খুলি চালে-অচিনাকী মুখ-তাৰ চিনাকী মুখৰ ভিতৰত নপৰে।তাই মিচ্যুৱেল বন্ধুৰ মাজতো নাই।মুঠতে তাই ছাৰমেনৰ সম্পূৰ্ণ অচিনাকী।এলবামৰ ফটোবোৰৰ পৰা তাৰ প্ৰাথমিক ধাৰণা হ’ল-তাই বিবাহিতা,দুজনী কিশোৰী ছোৱালীৰ মাক।সচৰাচৰ কৰাৰ দৰে ছাৰমেনে বিশেষ একো নভবাকৈয়ে বন্ধুত্বৰ অনুৰোধটো গ্ৰহণ কৰি কনফাৰ্ম কৰি দিলে।এক ই-সৌজন্যতা-ইমানেই।
    কিন্তু এদিন বন্ধুবোৰৰ মেছেজ আৰু আপদেডবোৰ পঢ়ি থাকোতে হঠাতে ছাৰমেনৰ মনত পৰিল-বনানী বৰুৱা-তাই নামৰুপৰ বনানী বৰুৱা নহয়টো?সি লগে লগেই মেছেজ কৰি সুধি পঠিয়ালে-‘আপুনি নামৰুপৰ বনানী বৰুৱা নহয়নে?’
    পিছদিনাখনেই তাই লিখিলে-‘ছাৰমেন,তুমি মোক চিনি পালা বাবে বৰ ভাল লাগিল---বিচাৰি বিচাৰি তোমাক ফেচবুকত পালো---কেইবাদিনো চাটিঙত কথা পাতিম বুলি ভাবিছিলো---কিন্তু তুমি মোক চিনি নাই পোৱা বুলিয়ে ইমান দিন অপেক্ষা কৰি আছিলো---কিজানি মনত পৰেইবা---ভগৱানক ধন্যবাদ,অৱশেষত তোমাৰ মনত পৰিল---ইমান দিনৰ পিছত তোমাক পায় খুব ভাল লাগিছে।তুমি অকণো সলনি হোৱা নাই।অলপ শকত হৈছা অৱশ্যে।–তুমি কি কৰা,ক’ত আছা মই নাজানো কিন্তু---মই তোমাক আপুনি-ছাপুনি মাতিব নোৱাৰো দেই—তুমি মোৰ সেই ক্লাছ চেৱেন-এইটৰ চিতুংলাংছ’ৰ ‘কৃষ্টি পঁজা’ৰ ছাৰমেন ৰংপি হৈয়েই আছা,বুজিলা? তোমাক নাই পাহৰা আৰু নাপাহৰো---বহুত দিনৰ পিছত তোমাক দেখি কি কম কি নকম লাগিছে---তোমাৰ শ্ৰীমতী আৰু ছোৱালীজনীৰ ফটোবোৰ চালো---বৰ মৰম লগা।উত্তৰ নিদিয়াকৈ নাথকিবা।উত্তৰ পালে মোৰ কথা জনাম---বনানী---সি একে উশাহতে মেছেজটো পঢ়ি পেলালে।হঠাতে তাৰ স্মৃতিৰ দোৱাৰ খোল খাই গ’ল।বনানী বৰুৱা তাৰ শৈশৱৰ পত্ৰবান্ধবী।ইমানদিনে তাৰ মনত পৰা নাছিল।
    সত্তৰ-আশী দশকত অসমত ‘পত্ৰ-বন্ধুৰ এক ‘ক্ৰেজ’ আছিল।অসমত তেতিয়া এনেকোৱা স্কুলীয়া ল’ৰা-ছোৱালী নোলাব যাৰ পত্ৰ-বন্ধু নাই।সিও তাৰ ব্যতিক্ৰম নাছিল।সি চিঠি লিখি ভাল পাইছিল আৰু চিঠি পঢ়িও ভাল পাইছিল।বনানীৰ মেছেজে তাক আকৌ এবাৰ শৈশৱ আৰু কৈশোৰৰ পত্ৰ-বন্ধুৰ সেই সোণোৱালী দিনবোৰৰ কথালৈ সোৱৰাই দিলে।পত্ৰ-বন্ধুবোৰৰ পৰা ডাকযোগে অহা চিঠি পোৱাৰ কি যে এক অনাবিল আনন্দ!তাৰ মনটো’পত্ৰ-বন্ধু’ৰ দিনবোৰলৈ ঘূৰি গ’ল-পত্ৰ-বন্ধুৰ পৰা পোৱা চিঠিবোৰ পঢ়োতে সেই মিঠা মিঠা অনামি অনুভূতি আৰু উত্তেজনা এতিয়াও সি অনুভৱ কৰিলে।হঠাতে হি নষ্টালজিক হৈ পৰিল।
    এটা সময়ত চিঠিয়েই আছিল খবৰ আৰু মনৰ ভাৱ আদান প্ৰদানৰ একমাত্ৰ মাধ্যম।সি এসময়ত বন্ধু-বান্ধবীলৈ এনফ্ৰাংকৰ ডায়েৰীৰ আৰ্হিত দীঘ্লীয়া চিঠি লিখিছিল।তাৰ ক’ৰবাত এবাৰ পঢ়া মনত আছে-চিঠি লিখা হেনো এটা আৰ্ট।এক সাহিত্য কৰ্ম।বিশ্বৰ বিখ্যাত লোক সকলে লিখা চিঠিবোৰ পৰবৰ্তি কালত উৎকৃষ্ট সাহিত্য ৰুপে বিবেচিত হৈছে।পণ্ডিত নেহেৰুৱে জেলৰ ভিতৰৰ পৰা জীয়েক ইন্দিৰালৈ লিখা চিঠিবোৰ সাহিত্যৰ কিতাপত স্থান পাইছে।
    কিন্তু সেই দিনবোৰ এতিয়া আৰু নাই।মানুহে এতিয়া চিঠি লিখা বাদ দিলে।এতিয়া আহিল ম’বাইল,এছ-এম-এছ,ই-মেইল,চাটিং,ৱাটছআপ,ছ’চিয়েল নেটৱৰ্ক ইত্যাদি।বহুদিন ছাৰমেনো চিঠি লিখা নাই।বৰ্তমান দিনত তাৰ বাবে ফেচবুকেই বন্ধু-বান্ধবী সকলৰ লগত সম্পৰ্ক ৰক্ষা কৰা উপযুক্ত মাধ্যম হিচাপে বিবেচিত হৈছে।কাৰন তাৰ স্কুল-কলেজীয়া বন্ধুবোৰক সকলোকে ফেচবুকত বিচাৰি পাইছে।কিন্তু শৈশৱ আৰু কৈশোৰৰ ‘পত্ৰ-বন্ধু’বোৰক কাহানিও ‘ফেচবুক’ত বিচৰা কথাটো তাৰ মনলৈ সমূলি অহা নাছিল।আচল কথাটো হ’ল-সি সঁচাকৈয়ে ‘পত্ৰ-বন্ধু’বোৰক পাহৰি পেলাইছিল।শৈশৱ আৰু কৈশোৰৰ এছোৱা কালৰ কথা ছাৰমেনে পাহৰি পেলাইছে।বিশেষকৈ চিতুংলাংছ’ৰ লগত জড়িত কথাবোৰ।বনানীয়ে চিতুংলাংছ’ৰ কথা উল্লেখ কৰাত তাৰ মনত পুনৰ সেই পুৰণা দুখে খুন্দা মাৰিলে।চিতুংলাংছ’ গাৱৰ সিহঁতৰ ‘কৃষ্টি পঁজা’ চাংঘৰটিযে কেতিয়াবাই ধ্বংস হৈ গ’ল সি এতিয়া বনানীক কেনেকৈ ক’ব?মৰমৰ ‘কৃষ্টি পঁজা’টি ধ্বংস হোৱাৰ দুখ পাহৰি যাবলৈ চেষ্টা কৰোতে চিতুংলাংছ’ৰ লগত জড়িত বহুতো কথাই যে সি পাহৰি পেলাইছে।বনানীয়ে ফেচবুকত তাক সোধে-মনত পৰেনে তোমাৰ ’৮১ চনৰ কথাবোৰ?নাই,ছাৰমেনৰ একো মনত নাই।সঁচাকৈয়ে তাৰ মনত পেলাব নাই-কিবা আছিল কথাবোৰ!!
    বনানীয়ে লিখে-তুমি চিতুংলাংছ’ৰ জুৰিটিৰ কথা আৰু তাৰেই কাছ আৰু মাছবোৰৰ কথা লিখিছিলা,চিতুংলাংছ’ৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনা কৰিছিলা,তুমি চিতুংলাংছ’ৰ শাৰী শাৰী ‘হেমথেংছং’ আৰু চ’মাংকান উৎসৱৰ কথা লিখিছিলা,পিনি-পেকক পোছাকৰ কথা লিখিছিলা---আৰু তুমি মোক ৰুণজুন বুলি সম্বোধন কৰি চিঠি লিখিছিলা,কিন্তু আপুনি বুলি তুমি মোক কেতিয়াও মাতা নাছিলা আগতে----একেবাৰে পাহৰি গৈছা যদি মনত নেপেলাও দিয়া---‘কৃষ্টি পঁজা’,চিতুংলাংছ’-এটা সময়ত এই ঠিকনাটি মোৰ বৰ চিনাকী আছিল---ইমান বছৰৰ পিছতো একেবাৰে পাহৰা নাছিলো---তোমালোকৰ হেমথেংছং ‘কৃষ্টি পঁজা’ চাংঘৰৰ্টি সেই আগৰ দৰেই আছেনে?নে এতিয়া তোমালোকৰ চিতুংলাংছ’ আৰু পাহাৰখন বহুত পৰিবৰ্তন হ’ল?---
    বনানী বৰুৱাই পুৰণি স্মৃতি ৰোমন্থন কৰি আৰু বহু কিবা কিবি লিখিছিল মেছেজত।কিন্তু ছাৰমেনৰ মনত ইতিমধ্যে এজাক ধুমুহা পাৰ হৈ গ’ল।যেনেকৈ সিহঁতৰ পৰিয়ালৰ ওপৰত, ‘কৃষ্টি পঁজা’ৰ ওপৰত এদিন এটা প্ৰচণ্ড ডাঙৰ ধুমুহাই পাৰ হৈ গৈছিল।মেছেজ লিখিবলৈ গৈও ছাৰমেন থমকি ৰ’ল।সি বহু সময় নিথৰ হৈ বহি থাকিল।তাৰ মানস পটত শৈশৱৰ হেৰুৱা স্মৃতিৰ ডোখৰীয়া ছবি আৰু ছিতুংলাংছ’ৰ ‘কৃষ্টি পঁজা’ চাংঘৰটি সজীৱ হৈ ওপঙি ৰ’ল বহু সময়।হঠাৎ সি আবেগিক হৈ পৰিল আৰু এজন সৰু ল’ৰাৰ দৰে উচুপি উঠিছিল।
    ছাৰমেনৰ এতিয়াও ভাবিলে বুকু একোণত বিষ অনুভৱ কৰে-দুখ লাগে-নব্বৈ দশকৰ কাৰবি আন্দোলনৰ সময়ত চিতুংলাংছ’ৰ ‘কৃষ্টি পঁজা’টি যে দুস্কৃতিকাৰী আন্দোলনকাৰীৰ আক্ৰমনত সম্পূৰ্ণ ভাঙি-ছিঙি ধ্বংস হৈ গ’ল।সেই আক্ৰমনত তাৰ শৈশৱ-কৈশোৰৰ স্মৃতি বিজড়িত চিঠি-পত্ৰ,এলবাম,কিতাপ-পত্ৰ আৰু মা-দেউতাই গঢ়ি তোলা কষ্টোপাৰ্জিত সম্পত্তি সকলো ধ্বংস হৈ গৈছিল।ফলত থান-বান হৈ গৈছিল সিহঁতৰ পৰিয়াল।এই ঘটনাই ছাৰমেনক ইমান দুখ দিছিল যে এসময়ত জীয়াই থকাৰ প্ৰেৰণাই তাৰ হেৰাই গৈছিল।মানসিক ভাবে সি ভাগি পৰিছিল।মানুহৰ ওপৰত তাৰ আস্থা আৰু বিশ্বাস হেৰাই গৈছিল।সি বন্ধু-বান্ধৱ আৰু মানুহৰ সংস্পৰ্শ আৰু সমাজৰ পৰা আঁতৰি ফুৰিছিল।এই ঘটনাৰ দুখে তাক ইমান আঘাত দিছিল যে সি বহুবছৰলৈকে বহুত চেষ্টা কৰিও পাহৰিব পৰা নাছিল। 
    জীৱনত কাদমক লগ নোপোৱা হ’লে ছাৰমেনে জীৱনটো নতুনকৈ জীয়াই থাকিবলৈ প্ৰেৰণা নাপালেহেতেন।তাৰ বাবে তায়েই বন্ধু,দাৰ্শনিক আৰু পথ প্ৰদৰ্শক।তাই প্ৰেৰণাৰ উৎস।তাইৰ সান্নিধ্য আৰু অনুপ্ৰেৰণাতেই সি চিতুংলাংছ’ৰ ঘটনাটো পাহৰিবলৈ চেষ্টা কৰিছিল।কাদমে তাক জীৱনৰ প্ৰতি নতুন দৃষ্টিভংগী ল’বলৈ আৰু জীৱনটো নতুনকৈ জীবলৈ প্ৰেৰণা যোগাইছিল।তাই ছাৰ মেনক বুজাইছিল-জীৱনত কেতিয়াবা কোনোবা আপোনজনক অথবা আপোন কিবা হেৰুৱালে মনত দুখ লগাটো স্বাভাবিক।হয়তো এই দুখবোধ কেতিয়াবা এক-দুই বছৰলৈকে থাকিব পাৰে।সেয়া কোনো ডাঙৰ কথা নহয়।কিন্তু এই দুখবোধ পাঁচ-ছয় বছৰৰ পিছতো যদি অনুভৱ কৰি থাকা সেয়াহে অস্বাভাবিক কথা।তোমাৰ এই দুখবোধে এদিন মানসিক ৰোগলৈ ৰুপান্তৰিত হ’ব।তুমি চিতুংলাংছ’ৰ ঘটনাটো সম্পুৰ্ণ পাহৰি পেলোৱা।জীৱনক প্ৰত্যাহ্বান হিচাপে লোৱা।জীৱনত তুমি ইয়াতকৈয়ো ডাঙৰ বিপদৰ সন্মুখীন হ’ব পাৰা-তেতিয়া কি কৰিবা?সৰু-খীন অৱয়বৰ এই কাদমজনীৰ ভিতৰতে যে এজনী শক্তিশালী ব্যক্তিত্ব লুকাই আছে সান্নিধ্যলৈ নাহিলে ধৰিব নোৱাৰি।কাদমৰ সাহচৰ্য্যত ছাৰমেনে চিতুংলাংছ’ৰ ঘটনাটো পাহৰি যাবলৈ চেষ্টা কৰিছিল। তথাপি তাৰ মনৰ এটা কোণত বিষণ্ণতাবোধ থকি গ’ল-যিটো সি কাহানিও কাকো প্ৰকাশ কৰা নাই।বনানীয়ে হৃদয়ংগম কৰিব পাৰিবনে?তাৰ জীৱনৰ এই ‘ট্ৰেজেডি’ৰ কথা বনানীয়ে বুজিব পাৰিবনে? নিজৰ জীৱনৰ দুখৰ কথা অচিনাকী মানুহৰ আগত প্ৰকাশ কৰাত ছাৰমেন পক্ষপাতী নহয়।কিন্তু বনানীয়ে যে চিতুংলাংছ’ৰ আৰু ‘কৃষ্ট পঁজা’ৰ বহু কথাই জানিছিল চিঠিৰ যোগেদি।তাই ছাৰমেনৰ আপোন মানুহৰ দৰেই-যদিও তাঁহাতৰ মাজত কাহানিও দেখা-সাক্ষাৎ হোৱা নাই।সি বহু কথাই তাইক ক’বলৈ মন গ’ল।ইমান দিনে তাৰ মনত সঞ্চিত হৈ থকা খং-ক্ষোভ,দুখ-বেদনা বিষাদ সকলো কথা।বুকু উজাৰি সকলো কথা প্ৰকাশ কৰিবৰ মন গ’ল ছাৰমেনৰ যাতে দুখবোৰ চিৰদিনৰ বাবে তাৰ মনৰ পৰা যেন আঁতৰি যাওঁক।ছাৰমেনে ফেচবুকৰ মেছেজ বক্সটো খুলি লিখিবলৈ ল’লে----
    ----বনানী,তুমি চিতুংলাংছ’ৰ ‘কৃষ্টি পঁজা’ৰ কথা সুধিছা,কিন্তু তোমাক কি কম-দেউতাই কাৰবি পৰম্পৰাগত চাংঘৰৰ আৰ্হিত আমাৰ মৰমৰ হেমটোন-হেমথেংছং ‘কৃষ্ট পঁজা’টি কাৰবি আন্দোলনৰ সময়ত দুস্কৃতিকাৰীহঁতে ভাঙি-ছিঙি ধ্বংস কৰি পেলালে---কৃষ্টি পঁজাৰ এতিয়া কোনো চিন-চাব নাই---আমি চিতুংলাংছ’ এৰি গুচি অহা বহুবছৰেই হ’ল---চিতুংলাংছ’ৰ কথা মই এতিয়া একো ক’ব নোৱাৰিম---চিতুংলাংছ’ৰ কথাবোৰ মই পাহৰিব বিচাৰো---কিন্তু নোৱাৰো---সেয়া ১৯৯৩ চনৰ কথা।স্বায়ত্তশাসিত ৰাজ্য দাবী আন্দোলন তেতিয়া তুংগত। শান্তিৰ মৰুদ্যান হিচাপে পৰিচিত কাৰবি পাহাৰ আন্দোলনকাৰীৰ বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীত অশান্তিময় পৰিবেশ। চাৰিওফালে শংকা আৰু সংশয়ৰ এক চেপা উত্তেজনাৰ পৰিবেশ।অনবৰতে বন্ধ,সমদল,গণ-সমাবেশ,হৰতাল,পথ-অৱৰোধ।মাজে মাজে দলীয় সংঘাত,আক্ৰমন-প্ৰত্যাক্ৰমন,ভাতৃঘাতী সংঘৰ্ষ।দাবী একেটাই-কিন্তু বিভাজিত আন্দোলনকাৰী।যেন যুযুধান দুটা দল।
    ২৭ মে’১৯৯৩ চন।ডকমকাৰ ছিং টেৰন গাঁৱৰ পাৰি টেৰনক নৃশংস হত্যা।হঠাতে ১০০ ঘন্টীয়া বন্ধ,হোষ্টেলৰ পৰা ঘৰলৈ আহি আৱদ্ধ হৈ ৰৈ গ’লো মই গাঁৱতে।২জুন,১৯৯৩ চনৰ ৰাতি।মোৰ এতিয়াও স্পষ্টকৈ মনত আছে।ঘটনাটো এতিয়াও মনত সজীৱ হৈ আছে।যেন সৌ সিদিনাখনৰ হে ঘটনা।
    জুন মাহৰ গৰমত আমি বহু পৰলৈকে শুব পৰা নাছিলো।ৰাতি কিমান বাজিছে আমি নাজানো।সম্ভব আমাৰ ঘৰৰ সকলোৰে চিলমিল টোপনি আহিছিল তেতিয়া।হঠাতে মানুহৰ গুণগুণনিৰ শব্দ আৰু এটা সমদল আমাৰ ঘৰৰ ফালে আগবাঢ়ি অহা যেন লাগিল।এইটো আমাৰ পৰিয়ালৰ মানুহৰ বাবে কোনো নতুন কথা নাছিল।কাৰন কেতিয়াবা আন্দোলনৰ সমদলকাৰী সকলে আমাৰ ঘৰৰ পদূলি মূখৰ আগেদি সমদল যাত্ৰা কৰি যায়।আৰু আমাৰ ঘৰৰ বিৰুদ্ধে শ্ল’গান দি দি যায়।অশ্ৰাব্য গালি-গালাজ কৰি যায়,শিলগুঅটি-চপৰাগুটি দলিয়াই থৈ যায়।আমাৰ পৰিয়ালৰ এটাই অপৰাধ আমি এই আন্দোলনকাৰীৰ পক্ষত নাই।
    আমাক সামাজিক ভাবে বৰ্জন কৰা হৈছিল।
কিন্তু সেইদিনা সেয়া আন্দোলনৰকাৰীৰ কোনো সমদল নাছিল।দেউতাৰ নাম ধৰি চিঞঁৰি চিঞঁৰি মতা আমি শুনিছিলো।হঠাতে শতাধিক মানুহ আমাৰ ঘৰৰ চাৰিওফালে আগুৰি ধৰিলে-ঘৰৰ দৰ্জা,বেৰ,খুটা,চালত সকলোতে লাঠিৰে বিশ্ৰামহীন ভাবে আঘাত কৰিলে।সৰু ভাইটিহঁতে টোপনিৰ জালত ধুমুহা অহা বুলি ভাবিছিল।ঘটনাৰ আকস্মিকতাত আমি কিংকৰ্তব্য বিমূঢ় হৈ পৰিছিলো।কোন মূহুঅৰ্তত শতাধিক মানুহ দৰ্জা ভাঙি সোমাই অহিলে আমি তলকিবই নোৱাৰিলো।অক্ৰমনকাৰীহঁতে আমাক সকলোকে নিৰ্বিচাৰে আক্ৰমন কৰিলে।আক্ৰমনকাৰীৰ মাজৰে এজনে চিঞঁৰা শুনিলো-‘বুঢ়ীক গাত হাত নিদিবা।বুঢ়ীক এৰি দিয়া’। মাই কান্দি কান্দি আক্ৰমণকাৰীসকলক কাবৌ কৰি কৈ আছিল-‘মোৰ বুঢ়াটোক নমাৰিবা,নামাৰিবা,বেমাৰি মানুহ।মৰি যাব’।মাই চিঞঁৰি চিঞঁৰি কান্দি আছিল।
    দেউতাক সিহঁতে নিৰ্দয়ভাবে খেদি খেদি মাৰিছিল।উপাই নাপাই দেউতাই পুখুৰীত জাপ মাৰি প্ৰাণ ৰক্ষা কৰিছিল।দেউতাই পুখুৰীত জাপ মাৰি পানীৰ তলেদি সাঁতুৰি পুখুৰীৰ এটা চুকত পানি মেটেকাৰে মুখ ধাকি লুকাই আছিল।বুঢ়া পানীত ডূবি মৰিল বুলি আক্ৰমণকাৰীহঁত গুচি আহিছিল।
    সৰু ভাইটি আৰু মই আক্ৰমণকাৰীহঁতৰ তীব্ৰ আঘাতত আৰু গছকত তেজেৰে লুটুৰি পুতৰি হৈ চোতালত অৰ্থ-অচেতন হৈ পৰি ৰ’লো।হঠাতে আক্ৰমণকাৰী দল লৰালৰিকৈ আঁতৰি গ’ল।দূৰৈত ৰাতিৰ আন্ধাৰত গাড়ীৰ পোহৰৰ দৰে পোহৰাই দিয়া দেখা গ’ল।
    ভাইটি এজনে আন্ধাৰৰ সুযুগ লৈ ইতিমধ্যে আক্ৰমণকাৰীৰ কবলৰ পৰা পলাই গৈ পুলিচক খবৰ দিছিল।
    পুলিচৰ গাড়ী আহি পোৱাৰ লগে লগে ‘কোন ক’ত আছে সোনকালে উঠা উঠা’বুলি কৈ অমাক সকলোকে গাড়ীত উঠাই ততালিকে চিতুংলাংছ’ ত্যাগ কৰি অশ্ৰয় শিবিৰলৈ লৈ আহিল।কিছুদূৰ গৈ লক্ষ্য কৰিলো গাড়ীত ভাইটি,দেউতা আৰু মই।মা নাই।মা ক’ত,মা ক’ত?আমাৰ মাজত হাহাকাৰ লাগিল।
    মা পিছদিনাখন আশ্ৰয় শিবিৰলৈ নিজে আহি ওলাইছিল।মা হেনো সেই ৰাতি জোপোহা এটাত লুকাই আছিল।গাড়ী অহা দেখা পাইছিল-কিন্তু সেয়া আক্ৰ্মণকাৰীৰ দল বুলি ভাবি ওলাই অহা নাছিল।
    সেই তেতিয়াৰ পৰাই আমি চিতুংলাংছ’ এৰিলো।বৰ্ত্ত্মান আমি ডিফুত থাকো।আক্ৰমণকাৰীহঁতৰ আঘাতত দেউতাৰ হাত ভাঙিল আৰু ভাইটিৰ ভৰি ভাঙিল।এক প্ৰ্কাৰ পংগু।মাই দুখতে অনবৰতে চকুপানী ঢুকে।চকুৰ পৰা অবিশ্ৰাম চকুৰ পানী বৈ আহে।ফলত চকুৰ দৃষ্টি হেৰাই গৈছে।
    গুৰুতৰভাবে মোৰ একো হোৱা নাই,কিন্তু আক্ৰমণকৰীহঁতৰ গছকৰ বাবে বুকু মাজে মাজে বিষায়।
    ---চিতুংলাংছ’ৰ কথাবোৰ মই পাহৰিবলৈ আপ্ৰাণ চেষ্টা কৰো।নিজৰ মাতৃভূমিতে গৃহহাৰা ভগনীয়া হ’বলগীয়া দূখ,নিজৰ মাটি-বাৰী হেৰুৱাব লগীয়া দুখ,নিজৰ জন্ম ঠাইৰ পৰা উচ্ছেদিত হোৱাৰ দুখবোৰ মই পাহৰিব খোজো।---কিন্তু চিতুংলাংছ’ৰ সেই অভিশপ্ত নিশাৰ ঘটনাটো আৰু আমাৰ মৰমৰ হেমটোন-হেমথেংছং ‘কৃষ্টি পঁজা’ ঘৰটো এতিয়াও কেতিয়াবা মাজে মাজে মই মোৰ সপোনত দেখো---এক প্ৰকাৰ ই এক দুঃস্বপ্ন---চিতুংলাংছ’ৰ সেই সমগ্ৰ ঘটনাতোৱেই মোৰ জীৱনৰ এটা দুঃস্বপ্ন---
কথাখিনি লিখি ছাৰমেনে ৰিপ্লাই বাটনত ক্লিক কৰি পঠিয়াই দিলে।তাৰ মনটো বহুত পাতল পাতল লাগিল-যেন বুকুৰ পৰা এছতা গধুৰ শিল আঁতৰি গ’ল।***
    (মোৰ এগৰাকী ফেচবুক বন্ধু বৰ্ণালী হাজৰিকাৰ এটা মেছেজৰ এটা শব্দই মোক এই কাহিনীটো লিখিবলৈ বাধ্য কৰাইছিল)



1 comment: