Thursday, October 30, 2014

বিশ্বৰ দহখন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়

          বিশ্বৰ দহখন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়
                              -মংগলছিং ৰংফাৰ
অতি পৰিতাপৰ কথা যে ২০১২ চনৰ বিশ্বৰ ২০০ খন শ্ৰেষ্ঠ  বিশ্ববিদ্যালয়ৰ তালিকাত ভাৰতৰ কোনো এখন বিশ্ববিদ্যালয় বা শিক্ষানুষ্ঠানে স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই ।প্ৰতি বছৰে Quacquarelly Symonds(QS)নামৰ প্ৰতিষ্ঠান এটাই বিশ্বৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয় ৰেংকিঙৰ এক সমীক্ষা চলাই আহিছে । এই সমীক্ষাত ভাৰতৰ বিশ্ববিদ্যালয় সমূহে ১০০টা ৰেংকিঙৰ ভিতৰত স্থান লাভ কৰাটো দুৰৰেই কথা ২০০টা ৰেংকিঙৰ ভিতৰতো স্থান লাভ কৰিবলৈ সমৰ্থ হোৱা নাই । এই সমীক্ষাই ভাৰতৰ বৰ্তমান শিক্ষানুষ্ঠান সমূহৰ পুতৌজনক স্বৰুপ উদঙাই দিছে । এইটো এটা অতি লাজৰ কথা যে যিখন ভাৰতবৰ্ষত পঞ্চম-ষষ্ঠ শতিকাতে বিশ্বৰ উচ্ছ শিক্ষা কেন্দ্ৰ নালন্দা আৰু তক্ষশিলাৰ দৰে বিশ্ববিদ্যালয় স্থাপন হৈছিল-সেইখন ভাৰতৰে এখনো শিক্ষানুষ্ঠান ২০০টা ৰেংকিঙৰ তালিকাৰ ভিতৰতো এটাও বাছনিত নুঠিল ! ভাৰতৰ ৰাষ্ট্ৰ্পতি প্ৰণৱ মূখাৰ্জীয়ে ভাৰতীয় শিক্ষানুষ্ঠান সমূহৰ এই দুৰৱস্থাৰ বাবে হতাশা প্ৰকাশ কৰি স্ংশ্লিষ্ট সকলোকে এই ঋণাত্মক ধাৰাটো পৰিবৰ্তন কৰিবলৈ আহ্বান জনাইছে ।
       আনহাতে কিন্তূ ভাৰতৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰী কপিল ছিবালে ভাৰতীয় শিক্ষানুষ্ঠান সমূহে বিশ্ব ৰেংকিঙত স্থান লাভ কৰিবলৈ সমৰ্থ নোহোৱাৰ মূল কাৰন-ভাৰতীয় শিক্ষানুষ্ঠান সমূহত বিদেশী শিক্ষক-ছাত্ৰৰ হাৰ সমানুপাতিক নোহোৱাৰ বাবে বুলি এটা দায়হৰা মন্তব্য কৰে । QS য়ে শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ সমীক্ষা কৰোতে কিন্তু অকল বিদেশী শিক্ষক-ছাত্ৰ সমানুপাতক গুৰুত্ব দিয়া নাছিল,অনান্য দিশতো সমানে গুৰুত্ব দিছিল । তেওঁলোকে এই সমীক্ষা চলাওঁতে ছয়টা parameter ক লৈ বিবেচনাৰ বাবে হাতত লৈছিল-Academic peer Review, Global Employer Review, Citation per Faculty, International Student Ratio, International Faculty Ratio, আৰু Faculty Student Ratio ।
       ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয় সমূহে বিশ্ব ৰেংকিঙত স্থান লাভ নকৰিলেও এচিয়া মহাদেশৰ জাপানৰ ৯ খন, চীনৰ ৭ খন, হ্ংকঙৰ ৫ খন, ছিংগাপুৰৰ ২ খন আৰু ছাউথ কোৰিয়াৰ ৭ খন   বিশ্ববিদ্যালয়ে বিশ্ব ৰেংকিঙত স্থান লাভ কৰিছে । হ্ংকং বিশ্ববিদ্যালয়,নেশ্বনেল ইউনিভাৰ্চিটি অৱ ছিংগাপুৰ,জাপান বিশ্ববিদ্যালয়,ছিউল নেশ্বনেল ইউনিভাৰ্চিটি,পিকিং বিশ্ববিদ্যালয় আদিয়ে বিশ্ব ৰেংকিঙত শ্ৰেষ্ঠতাৰ তালিকাত স্থান লাভ কৰিছে ।
       ২০১২ চনৰ বিশ্ব ৰেংকিঙত শীৰ্ষস্থান দখল কৰা প্ৰথম দহখন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ বিষয়ে আমি ইয়াত চমু পৰিচয় দাঙি ধৰিবলৈ প্ৰয়াস কৰিম ।

আমেৰিকাৰ মাচ্ছাছুচেটচ্‌ ইঞ্চটিটিউট অৱ টেকন’ল’জি(এমআইটি) য়ে ২০১২ চনৰ বিশ্ববিদ্যালয় ৰেংকিঙত বিশ্বৰ প্ৰথম শ্ৰেষ্ঠ বিশ্ববিদ্যালয় হিচাপে বিবেচিত হৈছে । এই বিশ্ববিদ্যালয়ে জ্ঞানৰ প্ৰচাৰ,প্ৰসাৰ আৰু স্ংৰক্ষণ কৰা কাম সম্পাদন কৰি আহিছে আৰু আন্যৰ লগত সহযোগিতাৰে এই জ্ঞানক লৈয়ে বিশ্বৰ ডাঙৰ ডাঙৰ প্ৰত্যাহ্বানকো মোকাবিলা কৰি আহিছে ।এম আই টিয়ে ইয়াৰ ছাত্ৰ সমাজক কেম্পাচত নানাবিধ বৌদ্ধিক উদ্দীপনাৰে কঠোৰ বিদ্যায়তনিক অধ্যয়ন আৰু উদ্ভাৱনৰ প্ৰতি উৎসাহৰ সংমিশ্ৰণেৰে এক শিক্ষা প্ৰদান কৰা দ্বায়িত্ব সম্পাদন কৰি আহিছে ।এম আই টিয়ে ইয়াৰ বিদ্যায়তনিক সম্প্ৰদায়ক প্ৰত্যেকজন সদস্যকে মানৱ সমাজৰ উন্নয়নৰ বাবে দক্ষতা আৰু গভীৰ অনুৰাগেৰে সুবিবেচনাপূৰ্ণ,উদ্ভাৱণীমুলক আৰু কাৰ্য্যকৰি কাম কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে । এম আই টিৰ লক্ষ্য হ’ল জ্ঞানৰ উৎকৰ্ষ সাধন,ছাত্ৰ সমাজক প্ৰযুক্তি বিদ্যাৰে শিক্ষিত কৰি গঢ়ি তোলা আৰু অনান্য বিষয়ৰ বিদ্যাৰে ২১শতিকাৰ পৃথিবীৰ মানুহক উৎকৃষ্ট সেৱা আগবঢ়োৱা ।

   কেমব্ৰিজ বিশ্ববিদ্যালয়ক বিশ্বৰ দ্বিতীয় শ্ৰেষ্ঠ বিশ্ববিদ্যালয় হিচাপে তালিকাভুক্ত কৰা হৈছে । কেমব্ৰিজ বিশ্ববিদ্যালয় হ’ল পৃথিবীৰ ভিতৰতে এটা অতি পুৰনি বিশ্ববিদ্যালয় আৰু ইউনাইটেট কিংডমৰ ভিতৰতে এটা আটাইতকৈ ডাঙৰ বিশ্ববিদ্যালয় । ইয়াৰ উৎকৃষ্ট বিদ্যায়তনিক সফলতাৰ সুখ্যাতি বিশ্ববিখ্যাত আৰু ইয়েই ইয়াৰ ছাত্ৰ সমাজৰ বৌদ্ধিক উৎকৰ্ষতা প্ৰতিফলিত কৰিছে লগতে ইয়াৰ বিশ্ববিদ্যালয় আৰু কলেজৰ গবেষক সকলৰ দ্বাৰা সম্পাদন কৰা বিশ্বমানদণ্ডৰ মৌলিক গবেষণা সমূহৰো ।ইয়াৰ সুখ্যাতিক কোৱালিটি এছুৰেঞ্চ এজেঞ্চি আৰু অন্য শিক্ষন প্ৰশিক্ষন সংস্থান সমূহেও অনুমোদন জনাইছে ।এই উচ্ছ্মানদণ্ডৰ বিদ্যায়তনিক সফলতাৰ আৰত হ’ল-কেমব্ৰিজ বিশ্ববিদ্যালয়ে আগবঢ়োৱা শৈক্ষিক বাতাবৰনৰ সুবিধা আৰু গৱেষণাৰ বাবে পুথিভঁৰাল,যাদুঘৰ আৰু অনান্য সংগ্ৰহৰ বিস্তৃত সমল ।কেমব্ৰিজত শিক্ষাদান কেৱল নিজৰ নিজৰ ক্ষেত্ৰত বিশ্ববিখ্যাত পণ্ডিত আৰু বিশেষজ্ঞ সকলৰ বক্তৃতা,চেমিনাৰ আৰু প্ৰেক্টিকেল শ্ৰেণীৰ ওপৰতে সীমাবদ্ধ নহয়,ছাত্ৰ সমাজক ব্যক্তিগত ভাবে শিক্ষা প্ৰদান কৰিবলৈও ব্যৱস্থা কৰি দিয়ে ।আনুষ্ঠানিক বা অনানুষ্ঠানিক ভাবে হলেও বিশেষজ্ঞ সকলৰ লগত মত বিনিময় কৰিবলৈ ছাত্ৰ্সকলক সুবিধা প্ৰদান কৰা হয় ।

   হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ক বিশ্বৰ বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠতাৰ ৰেংকিঙত তৃতীয় স্থানত ৰখা হৈছে। হাৰ্ভাৰ্ড হ’ল আমেৰিকাৰ আটাইতকৈ পুৰণি উচ্ছশিক্ষাৰ প্ৰতিষ্ঠান ।১৭৭৬ চনত আমেৰিকাৰ স্বাধীনতা ঘোষণা পত্ৰ চুক্তি সম্পাদন কৰাৰ ১৪০ বছৰৰ পূৰ্বে ইয়াৰ প্ৰ্তিষ্ঠা হৈছিল ।মাত্ৰ এজন শিক্ষক আৰু ন জন ছাত্ৰৰে আৰম্ভ কৰা হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় বৰ্তমান ১৮০০০ জন ডিগ্ৰীৰ ছাত্ৰ আছে ।ইয়াৰ বাহিৰেও তেৰ হাজাৰতকৈ অধিক ছাত্ৰ হাৰ্ভাৰ্ড স্কুলৰ অনান্য বিভাগত অধ্যয়ণৰত হৈ আছে ।চৈধ্য হাজাৰতকৈ অধিক লোক হাৰ্ভাৰ্ডত কৰ্মৰত,তাৰে দুই হাজাৰতকৈ অধিক লোক শিক্ষণ কাৰ্য্যত নিয়োজিত হৈ আছে ।



বিশ্বৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয় ৰেংকিঙত চতুৰ্থ স্থানত আছে UCL অৰ্থাৎ ইউনিভাৰ্চিটি কলেজ লণ্ডন । ইউ চি এল হ’ল  শিক্ষা জগতত গুণগত গৱেষণা আৰু শিক্ষা প্ৰদানৰ বাবে আন্তৰ্জাতিক খ্যাতি সম্পন্ন এখন মাল্টিডিচিপ্লিনাৰী বিশ্ববিদ্যালয়,য’ত বিজ্ঞান,কলা,সমাজবিজ্ঞান আৰু বায়’মেদিচিন আদি বিষয় পাঠ্যক্ৰমত সামৰি লোৱা হৈছে ।২০০৮ চনত ইউ চি এলক শ্ৰেষ্ঠ গবেষণা বিশ্ববিদ্যালয় হিচাপে অভিহিত কৰা হয় ।এই বিশ্ববিদ্যালয় খন লণ্ডনৰ মাজ মজিয়াতে এখন সৰু চৌহদত অৱস্থিত য’ত চাৰিও ফালে আগুৰি আছে বিশ্ব বিখ্যাত পুথিভঁৰাল,যাদুঘৰ,আৰ্কাইভ,সাংস্কৃতিক আৰু কাৰিকৰি প্ৰতিষ্ঠান সমুহে ।

       ইউনাইটেট কিংডমৰ অক্সফ’ৰ্ড বিশ্ববিদ্যালয় হ’ল বিশ্ব ৰেংকিঙত পঞ্চম শ্ৰেষ্ঠ বিশ্ববিদ্যালয় ।অক্সফ’ৰ্ড হ’ল ইংৰাজীভাষী জগতৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয় আৰু ই ন টা শতিকা জুৰি নিজৰ অস্তিত্ব বৰ্তাই ৰাখিছে ।পৃথিবী জুৰি উত্তম শিক্ষণ আৰু গৱেষণা কেন্দ্ৰ হিচাপে প্ৰসিদ্ধি লাভ কৰা অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে দেশ-বিদেশৰ ছাত্ৰ আৰু গবেষক সকলক আকৰ্ষিত কৰি আহিছে। অক্সফ’ৰ্ডৰ তিনিভাগৰ এফাগ ছাত্ৰই হ’ল বিদেশী ছাত্ৰ ।ওঠৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১৩০ টা জাতি-উপজাতিয়ে প্ৰতিনিধিত্ব কৰিছে ।

   ইম্পেৰিয়েল কলেজ,লণ্ডনক বিশ্বৰ ষষ্ঠ শ্ৰেষ্ঠ বিশ্ববিদ্যালয় হিচাপে বিশ্ব ৰেংকিঙত ৰখা হৈছে। ইম্পেৰিয়েল কলেজ,লণ্ডন হ’ল বিজ্ঞান,অভিযান্ত্ৰিক আৰু মেডিচিন ক্ষেত্ৰত উচ্ছ মানদণ্ডৰ শিক্ষা আৰু গৱেষণাৰ বাবে প্ৰখ্যাত বিশ্ববিদ্যালয় ।ইয়াৰ শিক্ষা আৰু গৱেষণাৰ ফলাফল সমূহ বানিজ্য,উদ্যোগ আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰ্ত বাস্তৱত সফল প্ৰয়োগ কৰা হৈছে ।বিশ্ববিদ্যালয় খনত তিনি হাজাৰো অধিক শিক্ষক আৰু গৱেষক আছে আৰু ১২০ খন দেশৰ চৌধ্য হাজাৰো অধিক ছাত্ৰ আছে ।বিজ্ঞান,অভিযান্ত্ৰিক,মেডিচিন আৰু বাণিজ্যৰ ক্ষেত্ৰত শিক্ষা আৰু গৱেষণাৰ বাবে থকা সুনামৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাশালী ছাত্ৰ-গৱেষক সকলক বিশ্ববিদ্যালয় খনৰ প্ৰতি আকৰ্ষিত কৰি আহিছে । আনকি চৰকাৰেও ইম্পেৰিয়েল কলেজৰ বিশেষজ্ঞৰ পৰা সততে দিশা-পৰামৰ্শ লয় ।বিশ্ব বিদ্যালয় খনে উদ্যোগ খণ্ডৰ প্ৰতি পৰামৰ্শ প্ৰদান কৰি আহিছে আৰু মেডিয়াৰ যোগেদি বিভিন্ন তথ্য যোগান ধৰি আহিছে ।

       য়েল বিশ্ববিদ্যালয় হ’ল বিশ্ব ৰেংকিঙত শ্ৰেষ্ঠতাৰ সপ্তম স্থান লাভ কৰা বিশ্ববিদ্যালয়।য়েল বিশ্ববিদ্যালয় হ’ল আমেৰিকাৰ প্ৰখ্যাত বিশ্ববিদ্যালয় সমূহৰ ভিতৰত এখন,যাৰ শিক্ষাৰ প্ৰতি সেৱা কৰা এটা দীঘল ইতিহাস আছে,যাৰ প্ৰাক্তন ছাত্ৰ সকলৰ তালিকা দেখিলে বিখ্যাত সফল ব্যক্তি সকলৰ ‘Who’s Who’তালিকা পঢ়াৰ দৰে লাগিব ।বৌদ্ধিক স্বাধীনতা প্ৰদানেৰে জাতি আৰু দেশ সেৱা কৰা যিটো ইউৰোপিয়ান দৰ্শন আছিল য়েল বিশ্ববিদ্যালয়ে সেয়া বাস্তৱত ৰুপায়ন কৰিছে ।ই এখন ইতিহাস প্ৰসিদ্ধ শিক্ষা প্ৰতিষ্ঠান,যিয়ে আমেৰিকান ৰেভ্যুলোচনৰ দৰে আটাইতকৈ ধ্বংসাত্মক বিপৰ্য্যয়ৰ দিনতো নিজকে জীয়াই ৰাখিবলৈ সক্ষম হৈছিল ।সেই তেতিয়াৰ পৰাই এই বিশ্ববিদ্যলয়ে ক্ৰমানয়ে উন্নতিৰ জখলাত উঠি বৰ্ত্ত্মান বিশ্ববিখ্যাত এখন উচ্ছ মানদণ্ডৰ শিক্ষা কেন্দ্ৰ হিচাপে পৰিগনিত হৈছে ।য়েল বিশ্ববিদ্যালয় খনক আমেৰিকাৰ আটাইতকৈ পুৰণি উচ্ছ শিক্ষা কেন্দ্ৰৰ ভিতৰত এখন বুলি ধৰা হয় ।১৭০১ চনত ইয়াৰ প্ৰতিষ্ঠা হৈছিল ।

       চিকাগো বিশ্ববিদ্যালয় অষ্টম স্থানত আছে বিশ্ব শ্ৰেষ্ঠ বিশ্ববিদ্যালয় ৰেংকিঙত । চিকাগো বিশ্ববিদ্যালয় ১৮৯০ চনত আমেৰিকান বেপ্তিষ্ট ইডুকেশ্বন চ’ছাইটি আৰু প্ৰখ্যাত ব্যৱসায়ী জন ডি ৰকেফেলাৰে প্ৰতিষ্ঠা কৰিছিল ।চিকাগো বিশ্ববিদ্যালয়ে আমেৰিকাৰ উচ্ছ শিক্ষা জগতত গভীৰ প্ৰভাৱ বিস্তাৰ কৰি আহিছে ।এই বিশ্ববিদ্যালয় খনক ‘Teacher of teachers’ বুলি জনা যায় ।

   প্ৰিঞ্চটন বিশ্ববিদ্যালয় হ’ল বিশ্ব ৰেংকিঙত নৱম স্থান প্ৰাপ্ত বিশ্ববিদ্যালয় ।প্ৰিঞ্চটন হ’ল আমেৰিকাৰ চতুৰ্থ আটাইতকৈ পুৰণি কলেজ ।প্ৰিঞ্চটন বিশ্ববিদ্যালয় গবেষণা বিশ্ববিদ্যালয় হিচাপে প্ৰখ্যাত ।

   কালিফ’ৰ্ণিয়া ইনষ্টিটিউট অৱ টেকন’ল’জি (Caltech)হ’ল বিশ্ব ৰেংকিঙৰ দশম শ্ৰেষ্ঠ বিশ্ববিদ্যালয় ।এই বিশ্ববিদ্যালয় খনৰ লক্ষ্য হ’ল গৱেষণা আৰু শিক্ষা যোগেদি জ্ঞানৰ প্ৰসাৰ ঘটাই সমাজৰ হিতৰ অৰ্থে  কাম কৰা ।বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত আটাইতকৈ প্ৰত্যাহ্বান মূলক মৌলিক সমস্যা সমূহৰ ওপৰত বিশ্ববিদ্যালয় খনে গৱেষণা কৰি আহিছে ।ছাত্ৰ সকলক সমাজৰ একো একোজন সৃষ্টিশীল সদস্য ৰুপে গঢ়ি তোলাই হ’ল বিশ্ববিদ্যালয় খনৰ উদেশ্য । ###




আন্দামানৰ জাৰাৱা জনজাতি আৰু পৃথিবীৰ পৰা লুপ্ত হোৱা ১০ টা জনগোষ্ঠী

আন্দামানৰ জাৰাৱা জনজাতি আৰু পৃথিবীৰ পৰা লুপ্ত হোৱা ১০ টা জনগোষ্ঠী
                  -মংগলছিং ৰংফাৰ
     পাঠক সকলৰ নিশ্চ্য় মনত আছে,এই বছৰৰ আৰমম্ভণিতে আন্দামানৰ জাৰাৱা মহিলাৰ অৰ্ধ-উলংগ নৃত্যৰ ভিডিঅ’ ফুটেজ বিভিন্ন প্ৰ্চাৰ মাধ্যমত প্ৰ্কশিত আৰু প্ৰ্চাৰিত হোৱাত সমগ্ৰ বিশ্বতে সভ্য সমাজৰ মাজত তীব্ৰ অসন্তুষ্টি আৰু প্ৰতিবাদৰ জোৱাৰ উঠিছিল ।ভিডিঅ’ ফুটেজটোত অৰ্ধ-উলংগ জাৰাৱা জনগোষ্ঠীৰ মহিলা সকল আৰু ল’ৰা-ছোৱলি সকলে পৰ্যটকৰ মনোৰঞ্জনৰ বাবে নৃত্য কৰা দেখোৱা হৈছিল ।আচলতে তেওঁলোকক খাদ্যৰ বিনিময়ত নৃত্য কৰিবলৈ বাধ্য কৰোৱা হৈছিল ।অভিযোগ মতে এগৰাকী পুলিছে পৰ্যটকৰ পৰা উৎকোচ লৈ এই কাৰ্য্যটো কৰোৱাইছিল । ইন্টাৰনেটত এতিয়াও এই ভিডিঅ’ ফুটেজটো উপলব্ধ ।
          পিছত এই ঘটনাৰ বিভাগীয় অনুসন্ধানৰ বাবে ভাৰতৰ জনজাতীয় বিভাগৰ মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিবলৈ বাধ্য হয় ।
জাৰাৱা সকল হ’ল অস্তিত্বৰ সংকটত ভোগা আন্দামানৰ এটা লুপ্তপ্ৰায় জনগোষ্ঠী।২০০১ চনৰ লোকপিয়লৰ তথ্য মতে আন্দামানত ২৪০ জন জাৰাৱা জনসংখ্যা আছে ।সভ্য সমাজৰ সংস্পৰ্শৰ পৰা আতৰি থকা হেতুকে জাৰাৱা সকলৰ সমাজ-সংস্কৃতিৰ বিষয়ে খুব কমেইহে জানিব পৰা গৈছে।স্থানীয় আকা-বিৰ ভাষাত জাৰাৱা মানে-‘বহিৰাগত’ বা ‘হিংসুক মানুহ’।


আন্দামানৰ অনান্য স্থানীয় প্ৰাচীন জনগোষ্ঠী বোৰৰ দৰেই জাৰাৱা সকল দ্বীপ খনত বহু হাজাৰ বছৰৰ পৰা বসবাস কৰি আহিছে।অনুমান কৰা হৈছে যে তেওঁলোকৰ পুৰ্বপুৰুষ সকল ৭০ হাজাৰ বছৰৰ পুৰ্বে আফ্ৰিকাৰ পৰা প্ৰব্ৰজন কৰিছিল-আৰু আফ্ৰিকাৰ পৰা বৰ্হিজগতলৈ এয়া প্ৰ্থম সফল মানৱ প্ৰব্ৰজন বুলি ভবা হৈছে।১৯৯৮ চনৰ আগলৈকে তেওঁলোকে সভ্য সমাজৰ লগত দূৰত্ব বজাই ৰাখিছিল আৰু বাহিৰৰ জগতৰ লগত হংযোগ ৰাখিবলৈ অনীহা প্ৰকাশ কৰিছিল।
জাৰাৱা সকল এতিয়াও খাদ্যৰ কাৰনে ছিকাৰ আৰু সংগ্ৰহৰ ওপৰতে নিৰ্ভৰ্শীল।জাৰাৱা সকলে ধনু আৰু কাড়েৰে হাবিৰ গাহৰি,জীৱ-জন্তূ আৰু মাছ চিকাৰ কৰে,মৌ আৰু গছৰ গুটি আদি সংগ্ৰহ কৰে।তেওঁলোকে ৪০-৫০ জনীয়া মানুহ দলবদ্ধ হৈ এটা যাযাবৰী জীৱন যাপন কৰে।
জাৰাৱা সকলৰ অস্তিত্বৰ প্ৰ্তি বৰ্ত্ত্মান আটাইতকৈ ডাঙৰ ভাবুকি হ’ল-জাৰাৱা সকলৰ সংৰক্ষিত ভুমিত বাহিৰা মানুহৰ বেদখল।১৯৭০ চনত ‘গ্ৰেট আন্দামান ট্ৰাংক ৰোড’ জাৰাৱা সকলৰ সংৰক্ষিত বাসভুমি হাবিৰ মাজেৰে নিৰ্মান কৰাৰ পিছতেই তেওঁলোকে অস্তিত্বৰ সংকটত ভুগিব লগীয়া হয়।বাহিৰৰ মানুহৰ লগত সংস্পৰ্শৰ ফলত আধুনিক ৰোগৰ প্ৰতি প্ৰতিৰোধী ক্ষমতা নথকা জাৰাৱা সকলৰ মাজত ১৯৯৯ আৰু ২০০৬ চনত ‘সৰু আই’ বেমাৰৰ প্ৰাদুৰ্ভাৱ ঘটে।অৱশ্যে এই বেমাৰৰ ফলত জাৰাৱা সকলৰ মৃত্যুৰ খবৰ পোৱা হোৱা নাই।
আন্দামানৰ পৰ্যটন উদ্যোগেও জাৰাৱা সকলৰ অস্তিত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। জাৰাৱা সকলৰ বাসভূমিক ‘Human Zoo’ আৰু ‘Human Safari’ হিচাপে ভাৰতীয় পৰ্যটন সংস্থা সমুহে ব্যৱহাৰ কৰি আহিছে।ফলত তেওঁলোকৰ স্বাভাবিক জীৱন প্ৰণালীত ব্যাঘাত ঘটিছে।পৰ্যটক সকলে প্ৰায়েই জাৰাৱা সকলৰ প্ৰতি খাদ্য সামগ্ৰী দলিয়াই দি, তেওঁলোকক জন্ত্তৰ দৰে ব্যৱহাৰ কৰে।
২০০৮ চনৰ মাৰ্চ মাহত আন্দামান নিকোবৰ প্ৰশাসনৰ পৰ্যটন বিভাগে ‘Protection of Aboriginal Tribes Regulation,1956’ আইনৰ অধীনত এক নিৰ্দেশ যোগে জাৰাৱা সকলৰ লগত যোগাযোগ কৰা,ফটো তোলা,তেওঁলোকৰ সংৰক্ষিত বাসভূমি অতিক্ৰ্ম কৰোতে ৰস্তাত গাড়ী ৰখোৱা,তেওঁলোকক গাড়ীত উঠোৱা আদি কাৰ্য নিষিদ্ধ কৰে।
অভিযোগ মতে যদিও নিষিদ্ধ বেচৰকাৰী পৰ্যটন সংস্থা সমুহে চৰকাৰী নিষেধাজ্ঞাৰ প্ৰতি ভেঙুচালি কৰি আজিও প্ৰত্যেক দিনাই ৫০০ জনীয়া পৰ্যটকক লৈ জাৰাৱা সকলক দেখুৱাবৰ উদ্দ্যেশ্যেৰে সংৰক্ষিত এলেকাৰ মাজেদি লৈ গৈ আছে আৰু পৰ্যটক সকলেও জাৰাৱা সকলক লগ কৰি ফটো আদিও তুলি আনে।
জাৰাৱা সকলৰ সংৰক্ষিত অঞ্চলত বহিৰাগতৰ অবাধ চলাচল আৰু বেদখলে লুপ্তপ্ৰায় জনগোষ্ঠীটোৰ অস্তিত্বৰ প্ৰতি চৰম ভাবুকিয়ে দেখা দিছে।বিশেষকৈ তেওঁলোকৰ সংৰক্ষিত বাসভূমিৰ মাজেৰে হাইৱে নিৰ্মান কৰাত তেওঁলোকৰ  ভুমিত ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি উঠিছে,চোৰাং চিকাৰিয়ে আৰু কাঠ চোৰ সকলে সংৰক্ষিত বনাঞ্চলৰ গভীৰ অৰণ্যলৈকে প্ৰবেশ কৰিবলৈ লৈছে।ফলত অদূৰ ভবিষ্যতে খাদ্যৰ বাবে চিকাৰৰ ওপৰতে নিৰ্ভৰ্শীল জনগোষ্ঠীটোৱে খাদ্য সংকটত পৰিব।বহিৰগত সকলে জাৰাৱা মহিলা সকলক যৌন শোষণ কৰা তথ্যও পোহৰলৈ আহিছে।বহিৰাগতৰ লগত সংমিশ্ৰণে অস্তিত্বৰ সংকটত ভোগ জনগোষ্ঠীটোক আৰু অধিক সংকটৰ ফালে ঠেলি দিব।ভাৰত চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহন নকৰিলে জাৰাৱা জনগোষ্ঠীটো হয়তো এদিন লুপ্ত হৈ যাব।
সময়ৰ সোঁতত বহুতো ক্ষুদ্ৰ জনগোষ্ঠী এই পৃথিবীৰ পৰা লুপ্ত হৈ যোৱাৰ উদাহৰণ আছে।বিশেষকৈ যক্ষ্মা আৰু বসন্ত আদি বেমাৰ আৰু মহামাৰীৰ বাবে,ইউৰোপীয়ান আৰু শ্বেতাংগ সকলৰ লগত সংঘৰ্ষৰ ফলত বহুতো ভূমিপুত্ৰ জনগোষ্ঠী মৃত্যু মুখত পৰিছিল আৰু কালক্ৰমত লুপ্ত হৈ গৈছিল।কিছুমান জনগোষ্ঠীয়ে আকৌ অন্য জনগোষ্ঠীৰ লগত সংমিশ্ৰ্ণ হৈ গৈছিল আৰু আনহাতে কিছুমানে সময়ৰ সোঁতত বিলুপ্ত হৈ গৈছিল।তাৰে ভিতৰত পৃথিবীৰ পৰা বিলুপ্ত হোৱা উল্লেখযোগ্য দহ টা ভূমিপুত্ৰ জনগোষ্ঠী হ’ল-১/বেওথুক জনগোষ্ঠী ২/কাৰানকাৱা ৩/মানদান ৪/চিছকা ৫/হাচাথ ৬/ব’ ৭/তাছ্মানিয়ান ৮/অ’না ৯/টাইন’ছ আৰু ১০/প’হাটান।
আমি ইয়াত এই দহটা জনগোষ্ঠীৰ বিষয়ে চমু আলোচনা কৰিবলৈ প্ৰয়াস কৰিম।
১/বেওথুক জনগোষ্ঠী: বেওথুক জনগোষ্ঠীৰ মানুহবোৰ ক’লা আৰু দীঘল প্ৰকৃতিৰ আৰু চুলি আৰু চকু কলা বৰণৰ।বৰ্তমানৰ নিউফাউণ্ডলেণ্ডত ভাইকিং সকলৰ বসবাস কৰা বহু হাজাৰ বছৰৰ আগতে তেওঁলোকে বসবাস কৰিছিল।জন কেবটৰ নেতৃত্বত ইউৰোপিয়ান সকলে যেতিয়াই সেই ঠাইখন দখল কৰে তেতিয়াই বেওথুক সকল তাৰ পৰা পলাই যাবলৈ বাধ্য হয়।শ্বেতাংগ সকলৰ আক্ৰমন, যক্ষ্মা বেমাৰ আৰু অপুষ্টিৰ ফলত ১৭০০ চনত বেওথুক জনগোষ্ঠী প্ৰায় বিলুপ্ত হৈ যায়।১৮২৯ চনলৈ নিউফাউণ্ডলেণ্ডত বেওথুক সম্প্ৰদায়ৰ কোনো লোক অস্তিত্ব নাইকি্যা হৈ যায়।
       


২/কাৰানকাৱা: কাৰানকাৱা সকল অমেৰিকাৰ আদিম অধিবাসী।তেওঁলোকে টেক্সাচৰ ইতিহাসত এক গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰিছিল।বেমাৰ,ইউৰোপিয়ান সকলৰ লগত সংঘৰ্ষ আৰু যুদ্ধত পৰাস্ত হৈ নিজৰ মাতৃভুমি হেৰোৱাৰ ফলত এই জনগোষ্ঠী সকল কালক্ৰমত লুপ্ত হৈ যায়।কাৰানকাৱা সকলে টেক্সাচৰ স্বাধীনতা যুদ্ধত এক গুৰুত্বপূৰ্ন ভুমিকা পালন কৰিছিল আৰু তেওঁলোকে যুক্তৰাষ্ট্ৰৰ পক্ষত থিয় দিছিল।
                      
৩/মানদান: বসন্ত বেমাৰ,যুদ্ধ আৰু যুক্তৰাষ্ট্ৰৰ লগত যুদ্ধচুক্তিয়ে মানদান জনজাতিৰ বিলুপ্ত হোৱাত যথেষ্ট অৰিহনা যোগাইছিল।বসন্ত ৰোগৰ মহামাৰিৰ ফলত ১৮৩৭ চনত মানদান জনজাতিৰ জনসংখ্যা ১২৫ জনলৈ হ্ৰাস পায়।১৯৩৪ চনত মানদান জনজাতি সকল অন্য জনজাতিৰ লগত সংমিশ্ৰ্ণ হৈ যায়।খাটি মানদান জনজাতিৰ অন্তিমজন ব্যক্তি ১৯৭১ চনত মৃত্যু ঘটে।
                          
৪/চিছকা: চিছকা জনজাতি সকলৰ বসভূমি হ’ল পুৱ টেনেছি আৰু দক্ষিন-পশ্চিম ভাৰ্জিনিয়া অঞ্চল। যেতিয়া ইউৰোপীয়ান সকলৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হৈছিল তেওঁলোকে প্ৰ্থমে সফলতা লাভ কৰিছিল। কিন্ত্ত অৱশেষত স্পেইনৰ জোৱান পাৰড’য়ে তেওঁলোকক পৰাস্ত কৰে।১৭০০ চনত তেওঁলোকে স্বাওনি জনজাতিৰ লগত সংমিশ্ৰিত হৈ চাছকেপে নাম গ্ৰহন কৰে।১৮ শতিকাত চিছকা জনজাতি সমপূৰ্ণ ভাবে বিলুপ্ত হয়,তেওঁলোকৰ চহৰ সমূহ দখলদাৰী সকলে জুই জ্বলাই ভস্মীভূত কৰে।
                         চিছকা

৫/হাচাথ: এই জনগোষ্ঠীৰ লোক সকল ভেংকুৱাৰ দ্বীপ আৰু বাৰ্কলেণ্ড দ্বীপত বসবাস কৰিছিল।তেওঁলোক নকটা জনগোষ্ঠী এটা ফৈদ।ইউৰোপীয়ান সকলৰ লগত সংযোগ আৰু বসন্ত ৰোগেই জনগোষ্ঠীটোৰ লুপ্ত হোৱা কাৰনে দায়ী বুলি ধৰা হৈছে।
                         

৬/ব’ জনজাতি: প্ৰায় ৬৫ হাজাৰ বছৰ ধৰি ব’ সংস্কৃতি আৰু ভাষা ভাৰতৰ আন্দামান দ্বীপত প্ৰ্চলিত আছিল।২০১০ চনত বোৱা চিনিয়ৰৰ মৃত্যু হোৱাৰ লগে লগে জনজাতিটোৰ লগত জড়িত ভাষা-সংস্কৃতি সকলো চিৰ দিনৰ বাবে বিলুপ্ত হৈ যায়।
                         

৭/তাছমানিয়ান: তাছ্মানিয়াৰ ভুমিপুত্ৰ এই জনজাতি সকল মহামাৰী আৰু বিভিন্ন ৰোগৰ ফলত বিলুপ্ত হয়।১৮২৮ আৰু ১৮৩২ চনৰ মাজত ব্ৰিটিছ সাম্ৰাজ্যবাদী আৰু তাছ্মানিয়ান সকলৰ মাজত সংঘটিত যুদ্ধ ও জনগোজাতিটোৰ বিলুপ্ত হোৱাত অৰিহণা যোগাই।
৮/অ’না: অ’না জনজাতি সকল বৰ্ত্ত্মানৰ চিলি আৰু আৰ্জেন্টিনাত বসবাস কৰিছিল।যদিও তেওঁলোগ বহিৰাগতৰ লগত এক সু-সমপৰ্ক বজাই ৰাখিছিল।১৯০০ চন মানলৈকে তেওঁলোকৰ জনসংখ্যা যথেষ্ট হ্ৰাস পায়।খ্ৰীষ্টান মিছ্নাৰী সকলৰ অশেষ প্ৰচেষ্টা স্বতেও এই জনজাতি সকল কুৰি শতিকাৰ মধ্যভাগত লুপ্ত হৈ যায়।


               
৯/টাইন’ছ: টাইন’ছ জনজাতি সকল হ’ল বৰ্তমান বাহামাৰ ভুমিপুত্ৰ।ইউৰোপিয়ান সকলৰ আগমনৰ লগে লগে টাইন’ছ সকলক তেওঁলোকৰ গৃহভূমিৰ পৰা উচ্ছেদ কৰা হয়।বসন্ত ৰোগৰ বাবে যোৱা ১৮ শতিকাত এই জনজাতি সকল বিলুপ্ত হৈ যায়।কিছুমান টাইন’ছ মহিলা সকলক স্পেনিছ সকলে বিবাহ কৰি এটা নতুন প্ৰজাতি জন্ম দিছিল।তেওঁলোকো বৰ্তমান লুপ্ত হৈ গৈছে।অৱশ্যে তাৰে মেজটিজ’চ সকল এতিয়াও জীয়াই আছে।



১০/প’হাটান: প’হাটান সকল হ’ল ভাৰ্জিনিয়া অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ এক সমষ্টি।তেওঁলোকে এলগ’কুইন ভাষা কয় যাক প’হাটান বা ভাৰ্জিনিয়া এলগ’কুইন বুলি জনা যায়।প’হাটান জনগোষ্ঠী প্ৰায় লুপ্ত হৈ গৈছে।বৰ্তমান মাত্ৰ ৮ জন প’হাটান জনগোষ্ঠীৰ মানুহ জীয়াই আছে বুলি জনা যায়।
                        


*****
        (ইন্টাৰনেটৰ তথ্যৰ সহায়ত যুগুত কৰা হৈছে)


Wednesday, October 29, 2014

Han-up ahi kiti- Traditional way of preserving pork with bamboo shoot

Han-up ahi kiti- Traditional way of preserving pork with bamboo shoot
We all know about “Ham”-processed pork traditionally made from the back legs of pig, which is preserved through processes such as curing, smoking or salting.
            We, the Karbis also have a unique traditional way of preserving pork with bamboo shoots. This age old traditional method of preserving pork is called-Han up ahi kiti. In Hill areas of Karbi Anglong the people still practice this traditional method-they rather observed it as an annual event with traditional dance, music and rituals.
            In the month of Chiti (September), this event is observed as a community festival in a village. So, there is even a saying in Karbi-“Chiti- han-up ahi kiti”. But some years it is delayed due to weather condition.
The villagers first collect bamboo shoots from nearby forest after the ritual of “keipho aphang akengri voti kepan” at the roots of a bamboo bush and stock them in a particular place. On a fixed day the villagers cut the bamboo shoots into pieces and smashed with heavy bamboo stick and mixed them with pieces of pork, ripe pumpkin and put them in an especially made bamboo basket covered with banana leaves and preserve this for 3-4 months. The liquid extraction of this mixture of pork and bamboo shoots is also collected from the basket through a pipe at the bottom. This liquid extraction of Han-up ahi is used for flavour and taste in curry.
            After preserving it for 3-4 month han-up ahi is ready for cooking and consumption. Traditionally preserved pork and bamboo shoots is a karbi delicacy. Those who have once tasted it can never forget the “Han-up ahi”.

            I have witnessed the event of han-up ahi kiti karcho in Langhan near Donkamokam on 24th and 25th October. 





Karbi Adorbar-its glorious contributions

Karbi Adorbar-its glorious contributions
                                                                                    Kache Teronpi
                                                                                               
Assam came under the British rule after the Yandaboo Treaty in the year 1826.But the other hilly regions of the North-East came under the British rule at different periods of time. Karbi Anglong known as Mikir hills came under the British rule in 1838. The hilly regions of the North-East including NC hills, Jayantia hills, Garo hills, Khasi hills, Naga hills, Mikir hills and Losai hills were kept under the direct administration of the governors due to its remote state and unique social set-up. Even so Mikir hills remained behind in all aspects, the people in the grip of poverty and social ills. Living in far-flung areas, having no permanent land of their own, roaming from hill to hill searching for new jhum lands, the light of education and modernity had not reached the Karbi people scattered all over that large and remote area called the Mikir hills tract and beyond.
            In this grim scenario Samsonsing Ingti became the first graduate from among the Karbis in 1933. He was acutely aware of the backwardness of his people and wanted to unite the whole Karbi people who were scattered all over the North-Eastern hills. Joining government service as a School Inspector, he worked dedicatedly for the education and social uplift of his people.
            In 1937 election was held for the Provincial Assembly in the Hill Tracts. In the background of India’s Independence Movement and the strong immergence of the Indian National Congress, Khorsing Terang,Mouzadar, philanthropist, a popular and influential personality, as congress candidate was elected to represent the Mikir hills tract, defeating Thengkursing Ingti and Mohansing Teron. The total number of voters in that election was 171. Only the Sarkari gaonburas were entitled to vote in those elections, who had to travel long distance to cast their vote in the designated polling centres in the Dak Bungalows outside the Mikir hills Tract. It was a step forward but not enough to bring overall change in the Karbi society.
            In the year 1940, in a meeting at Kathalguri in Nowgong some people from the community assembled to discuss various issues and formed KARBI ADORBAR, the first organisation of the Karbis . Sarsing Teron(Langkung Habe) and Semsonsing Ingti became the President and Secretary respectively. That same year Semsonsing Ingti got married to Labongolota Barua and settled in Nowgong. His house turned into the head office of Karbi Adorbar. And fortunate enough for the organisation, just after a few months of its formation the Assam Governor, Sir Robert Neil Reid passed through Karbi Anglong camping at Mohongdijua. Khorsing Terang, MLA and  resident of Mohongdijua arranged for his stay in a newly constructed and well designed bamboo hut. A memorandum, placed inside a beautifully decorated folder made of fine cane, was submitted to the Governor praying for special protection and development for the Karbis. It was read by Jotson Rongpi of Golaghat, dated 28th October 1940. Semsonsing Ingti , Sarsing Teron and Song Bey also accompanied the Governor as guides up to Golaghat via Malasi while Khorsing Terang and the Civil Sub-Divisional Officer turned back from the second camp due to ill health. During that long journey, Semsonsing Ingti, who had a good command over the English language, utilized that opportunity to present a clear picture of the deprivation of the Karbi people and their habitations.
                            Sarsing  Teron,Langkung Habe,Founder President,Karbi Adorbar
            For convenience Semsonsing Ingti resigned from his govt. Service in 1941  giving full time to his social work. He worked relentlessly to bring a change into the living conditions of his people. With the help of his associates, he campaigned for permanent settlement of the people  giving up their nomadic life and shifting cultivation , restriction on alcohol, reconstitution of large villages instead of small ones comprising of four five households, taking up modern way of cultivation and eradication of opium, the use of which was highly prevalent among the Karbi people then. Sarsing Teron Habe, one of his associates was also a licensed opium seller. But he too left that source of income for the betterment of society. They met the Lindokpo (traditional Karbi king) for the reformation of age old traditions and upliftment of social status of women was also taken up. Hitherto women were not allowed the use of umbrella and to walk in front of men. It was changed for good.  Thus work for social change went on quietly in the hills.
                       Semsonsing Ingti,Founder secretary,Karbi Adorbar
             Khorsing Terang as the MLA was immensely popular and famous as he tried even to help his people in his own capacity as their leader. Known as Khorsing Membor to all he was re-elected to the Provincial Assembly in 1945 as Indian National Congress candidate defeating independent candidates, Birendra Teron and Semsonsing Ingti. The total number of voters in that election was 294.  From 1945 onward there was a strong drive to form all Assam district committees of Karbi Adorbar. Barelong Terang who was member of Karbi Adorbar since 1941 took active part in its meetings organising its branch committees in Golaghat, Bokaghat, Nowgong, Dimapur, Haflong etc. In the meantime the political scenario changed. India was to get independence and a constitutional change was due. So in its annual meet at Kathalguri the issue of a district for the Karbi people was raised. In 1946, in its annual meeting at Habaipur around 2000 people attended. In the presence of Deputy Commissioner of Nowgong  R R Khound, Khorsing Terang, MLA, Asst Inspector of schools Bandhuram Kachari, all the Habes, Karbis from North Lakhimpur, Darrang, Nilip, Rongkhang and presided over by Professor Mahesh Goswami, Karbi Adorbar was reconstituted as political organisation to represent the Karbi people. The name of Khorsing Terang was proposed as President of Karbi Adorbar but he declined being an MLA. So  Sarsing Teron Habe of Hongkram was retained as President and Semsonsing Ingti, Nowgong, as Secretary. Treasurer was BirenTeron, Mouzadar, Duar Amla. The members were Harsing Ingti, Longre; Song Bey, Golaghat ; Thengkrong Rongpi, Mouzadar, Deithor; Bonglong Terang, Dilai; Reverent Hondrowell Millik, Putsari; Kat Tisso, Baghpani; John Kathar, Borthal; Khorsing Ronghang, Mouzadar, Bor Neuria; Langtuk Ingti, Gaobura, Silimkhua and Nihang Rongpi, Deihori. On the 1st of May 1947, the Karbi Adorbar submitted a memorandum to Sir Andrew Goulay Claw, ICS for due recognition to the association and prayed for its consultation in matters of reconstitution of the country. They visited Shillong and Delhi many times to place various demands for the Karbi people often with financial assistance from Khorsing Terang. They also met the Constituent Assembly to place the same demands.
                         Khorsing Terang,MLA and President Karbi Adorbar
            On 18th May 1947, Karbi Adorbar met Bordoloi Committee and submitted another memorandum. Khorsing Terang, Semsonsing Ingti, Song Bey, Barelong Terang, Soi Soi Terang, Chatrasing Teron, Bonglong Terang, Sarsing Teron presented themselves before the Committee placing their demand for a district comprising the areas occupied by the Karbi people. In the new district the Karbi people must have the right to self-rule and autonomy. Voting rights, preservation of culture, language, customary law etc. were enlisted in their demand. In the Border Determination Committee Semsonsing Ingti, Song Bey, Sarsing Teron, Khorsing Terang were selected as members for the formation of a district.
            In 1948, the preparation was on for the annual session of Karbi Adorbar to be held at Kasomari in Duar Amla. Semsonsing Ingti’s ceaseless work since 1934 affected his health and started showing signs. Just then the intimation of Boundary Determination Committee meeting reached Karbi Adorbar and they had to leave immediately for Shillong. But unfortunately soon after that the darkest hour for the Karbi people and Karbi Adorbar arrived. On 27th February 1948 Semsonsing Ingti died at his residence in Nowgong Christain Patty, a few days before the Karbi Adorbar session, to take place in the month of March, for which he had been so enthusiastically working. Semsonsing Ingti left for his heavenly abode without seeing the fulfilment of his cherished dreams.
            But Karbi Adorbar with heavy heart continued and worked on to realise that dream of a Karbi Land for the Karbi people. In 1951 Khorsing Terang became the President of the organisation.
            At last in 1951 the district of United Mikir and North Kachar Hills was formed. An Interim Committee was constituted in the conference of Karbi Adorbar at Kuligaon the same year. Special Officer C S Booth selected members to the Interim Committee for the new district till the election, in the presence of Kabon neli Timungpi Khongmen, MP, Shillong. The members were Khorsing Terang, Nihang Rongphar, Moniram Langneh, Barelong Terang, Sarsing Teron, Habe, Harsing Ingti, Davidlong Enghee, Birendra Teron, Longsing Tisso, John kathar and Dharmeswar Engleng. The committee continued in office till 1952.
            Karbi Adorbar as an ally of the Indian National Congress won the election to the District Council and formed the 1st   Autonomous District Council Body under the leadership of Khorsing Terang on 23rd June 1952 under the Sixth Schedule of the Indian Constitution. The elected members were Khorsing Terang CEM, Nihang Rongphar, Sarsing Teron,Habe, Harsing Ingti, Chandra Ingti, Nihang Tokbi, Soisoi Terang, Longsing Tisso, Raidang Ingti, Hondor Millik, Langtuk Ingti and Moniram Engleng.  Karbi Adorbar ruled karbi Anglong till 1978 when Janata supported govt formed the Council. During its long rule, spanning 26 years, it had initiated many progressive measures like road connectivity, establishment of schools, hospitals, model villages, etc. in the new district where so many things had to be done to make a new beginning. Some failures due to inexperience, internal feuds and politics from outside made Karbi Adorbar lose mandate from the people. After the election in 1989, the ASDC came to power ushering in a great change in Karbi Anglong. Karbi Adorbar gradually ceased as a political party, making a quiet exit, paving way for the INC to take over its mantle.
            Nevertheless the work of Karbi Adorbar , Semsonsing Ingti and Khorsing Terang will always be remembered. It cannot be ignored as past. It is of great significance for each and every Karbi even today. Its contribution in acquiring the recognition for the Karbis as a people (tribe) in the pre-independence era just cannot be set aside as it saved them from being completely wiped out in the process of assimilation with other larger communities. On the issues of social reformation and unification of the people also, Karbi Adorbar played a consequential role which should never dim in public memory. Everyone from the community must be grateful and owe their identity and self respect to all those great souls who toiled united as a force under the banner of Karbi Adorbar and the able leadership of Semsonsing Ingty and Khorsing Terang to create a homeland to call their own and unite them as a people. The legacy of Karbi Adorbar must live on and continue as long as the Karbis live.***

***Reference:1.Jana nayak Semsonsing Ingti by Samsing Hanse 2. Smritiprobah by Barelong Terang 3. Karbi Anglogor Rajnoitik Etihash by Borsing Rongphar 4.Abihambadi Jananeta Khorsing Terang by Longkam Teron 5.Karbi Anglong-Election Results Since 1937 by Borsing Romgphar