Thursday, October 30, 2014

আন্দামানৰ জাৰাৱা জনজাতি আৰু পৃথিবীৰ পৰা লুপ্ত হোৱা ১০ টা জনগোষ্ঠী

আন্দামানৰ জাৰাৱা জনজাতি আৰু পৃথিবীৰ পৰা লুপ্ত হোৱা ১০ টা জনগোষ্ঠী
                  -মংগলছিং ৰংফাৰ
     পাঠক সকলৰ নিশ্চ্য় মনত আছে,এই বছৰৰ আৰমম্ভণিতে আন্দামানৰ জাৰাৱা মহিলাৰ অৰ্ধ-উলংগ নৃত্যৰ ভিডিঅ’ ফুটেজ বিভিন্ন প্ৰ্চাৰ মাধ্যমত প্ৰ্কশিত আৰু প্ৰ্চাৰিত হোৱাত সমগ্ৰ বিশ্বতে সভ্য সমাজৰ মাজত তীব্ৰ অসন্তুষ্টি আৰু প্ৰতিবাদৰ জোৱাৰ উঠিছিল ।ভিডিঅ’ ফুটেজটোত অৰ্ধ-উলংগ জাৰাৱা জনগোষ্ঠীৰ মহিলা সকল আৰু ল’ৰা-ছোৱলি সকলে পৰ্যটকৰ মনোৰঞ্জনৰ বাবে নৃত্য কৰা দেখোৱা হৈছিল ।আচলতে তেওঁলোকক খাদ্যৰ বিনিময়ত নৃত্য কৰিবলৈ বাধ্য কৰোৱা হৈছিল ।অভিযোগ মতে এগৰাকী পুলিছে পৰ্যটকৰ পৰা উৎকোচ লৈ এই কাৰ্য্যটো কৰোৱাইছিল । ইন্টাৰনেটত এতিয়াও এই ভিডিঅ’ ফুটেজটো উপলব্ধ ।
          পিছত এই ঘটনাৰ বিভাগীয় অনুসন্ধানৰ বাবে ভাৰতৰ জনজাতীয় বিভাগৰ মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিবলৈ বাধ্য হয় ।
জাৰাৱা সকল হ’ল অস্তিত্বৰ সংকটত ভোগা আন্দামানৰ এটা লুপ্তপ্ৰায় জনগোষ্ঠী।২০০১ চনৰ লোকপিয়লৰ তথ্য মতে আন্দামানত ২৪০ জন জাৰাৱা জনসংখ্যা আছে ।সভ্য সমাজৰ সংস্পৰ্শৰ পৰা আতৰি থকা হেতুকে জাৰাৱা সকলৰ সমাজ-সংস্কৃতিৰ বিষয়ে খুব কমেইহে জানিব পৰা গৈছে।স্থানীয় আকা-বিৰ ভাষাত জাৰাৱা মানে-‘বহিৰাগত’ বা ‘হিংসুক মানুহ’।


আন্দামানৰ অনান্য স্থানীয় প্ৰাচীন জনগোষ্ঠী বোৰৰ দৰেই জাৰাৱা সকল দ্বীপ খনত বহু হাজাৰ বছৰৰ পৰা বসবাস কৰি আহিছে।অনুমান কৰা হৈছে যে তেওঁলোকৰ পুৰ্বপুৰুষ সকল ৭০ হাজাৰ বছৰৰ পুৰ্বে আফ্ৰিকাৰ পৰা প্ৰব্ৰজন কৰিছিল-আৰু আফ্ৰিকাৰ পৰা বৰ্হিজগতলৈ এয়া প্ৰ্থম সফল মানৱ প্ৰব্ৰজন বুলি ভবা হৈছে।১৯৯৮ চনৰ আগলৈকে তেওঁলোকে সভ্য সমাজৰ লগত দূৰত্ব বজাই ৰাখিছিল আৰু বাহিৰৰ জগতৰ লগত হংযোগ ৰাখিবলৈ অনীহা প্ৰকাশ কৰিছিল।
জাৰাৱা সকল এতিয়াও খাদ্যৰ কাৰনে ছিকাৰ আৰু সংগ্ৰহৰ ওপৰতে নিৰ্ভৰ্শীল।জাৰাৱা সকলে ধনু আৰু কাড়েৰে হাবিৰ গাহৰি,জীৱ-জন্তূ আৰু মাছ চিকাৰ কৰে,মৌ আৰু গছৰ গুটি আদি সংগ্ৰহ কৰে।তেওঁলোকে ৪০-৫০ জনীয়া মানুহ দলবদ্ধ হৈ এটা যাযাবৰী জীৱন যাপন কৰে।
জাৰাৱা সকলৰ অস্তিত্বৰ প্ৰ্তি বৰ্ত্ত্মান আটাইতকৈ ডাঙৰ ভাবুকি হ’ল-জাৰাৱা সকলৰ সংৰক্ষিত ভুমিত বাহিৰা মানুহৰ বেদখল।১৯৭০ চনত ‘গ্ৰেট আন্দামান ট্ৰাংক ৰোড’ জাৰাৱা সকলৰ সংৰক্ষিত বাসভুমি হাবিৰ মাজেৰে নিৰ্মান কৰাৰ পিছতেই তেওঁলোকে অস্তিত্বৰ সংকটত ভুগিব লগীয়া হয়।বাহিৰৰ মানুহৰ লগত সংস্পৰ্শৰ ফলত আধুনিক ৰোগৰ প্ৰতি প্ৰতিৰোধী ক্ষমতা নথকা জাৰাৱা সকলৰ মাজত ১৯৯৯ আৰু ২০০৬ চনত ‘সৰু আই’ বেমাৰৰ প্ৰাদুৰ্ভাৱ ঘটে।অৱশ্যে এই বেমাৰৰ ফলত জাৰাৱা সকলৰ মৃত্যুৰ খবৰ পোৱা হোৱা নাই।
আন্দামানৰ পৰ্যটন উদ্যোগেও জাৰাৱা সকলৰ অস্তিত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। জাৰাৱা সকলৰ বাসভূমিক ‘Human Zoo’ আৰু ‘Human Safari’ হিচাপে ভাৰতীয় পৰ্যটন সংস্থা সমুহে ব্যৱহাৰ কৰি আহিছে।ফলত তেওঁলোকৰ স্বাভাবিক জীৱন প্ৰণালীত ব্যাঘাত ঘটিছে।পৰ্যটক সকলে প্ৰায়েই জাৰাৱা সকলৰ প্ৰতি খাদ্য সামগ্ৰী দলিয়াই দি, তেওঁলোকক জন্ত্তৰ দৰে ব্যৱহাৰ কৰে।
২০০৮ চনৰ মাৰ্চ মাহত আন্দামান নিকোবৰ প্ৰশাসনৰ পৰ্যটন বিভাগে ‘Protection of Aboriginal Tribes Regulation,1956’ আইনৰ অধীনত এক নিৰ্দেশ যোগে জাৰাৱা সকলৰ লগত যোগাযোগ কৰা,ফটো তোলা,তেওঁলোকৰ সংৰক্ষিত বাসভূমি অতিক্ৰ্ম কৰোতে ৰস্তাত গাড়ী ৰখোৱা,তেওঁলোকক গাড়ীত উঠোৱা আদি কাৰ্য নিষিদ্ধ কৰে।
অভিযোগ মতে যদিও নিষিদ্ধ বেচৰকাৰী পৰ্যটন সংস্থা সমুহে চৰকাৰী নিষেধাজ্ঞাৰ প্ৰতি ভেঙুচালি কৰি আজিও প্ৰত্যেক দিনাই ৫০০ জনীয়া পৰ্যটকক লৈ জাৰাৱা সকলক দেখুৱাবৰ উদ্দ্যেশ্যেৰে সংৰক্ষিত এলেকাৰ মাজেদি লৈ গৈ আছে আৰু পৰ্যটক সকলেও জাৰাৱা সকলক লগ কৰি ফটো আদিও তুলি আনে।
জাৰাৱা সকলৰ সংৰক্ষিত অঞ্চলত বহিৰাগতৰ অবাধ চলাচল আৰু বেদখলে লুপ্তপ্ৰায় জনগোষ্ঠীটোৰ অস্তিত্বৰ প্ৰতি চৰম ভাবুকিয়ে দেখা দিছে।বিশেষকৈ তেওঁলোকৰ সংৰক্ষিত বাসভূমিৰ মাজেৰে হাইৱে নিৰ্মান কৰাত তেওঁলোকৰ  ভুমিত ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি উঠিছে,চোৰাং চিকাৰিয়ে আৰু কাঠ চোৰ সকলে সংৰক্ষিত বনাঞ্চলৰ গভীৰ অৰণ্যলৈকে প্ৰবেশ কৰিবলৈ লৈছে।ফলত অদূৰ ভবিষ্যতে খাদ্যৰ বাবে চিকাৰৰ ওপৰতে নিৰ্ভৰ্শীল জনগোষ্ঠীটোৱে খাদ্য সংকটত পৰিব।বহিৰগত সকলে জাৰাৱা মহিলা সকলক যৌন শোষণ কৰা তথ্যও পোহৰলৈ আহিছে।বহিৰাগতৰ লগত সংমিশ্ৰণে অস্তিত্বৰ সংকটত ভোগ জনগোষ্ঠীটোক আৰু অধিক সংকটৰ ফালে ঠেলি দিব।ভাৰত চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহন নকৰিলে জাৰাৱা জনগোষ্ঠীটো হয়তো এদিন লুপ্ত হৈ যাব।
সময়ৰ সোঁতত বহুতো ক্ষুদ্ৰ জনগোষ্ঠী এই পৃথিবীৰ পৰা লুপ্ত হৈ যোৱাৰ উদাহৰণ আছে।বিশেষকৈ যক্ষ্মা আৰু বসন্ত আদি বেমাৰ আৰু মহামাৰীৰ বাবে,ইউৰোপীয়ান আৰু শ্বেতাংগ সকলৰ লগত সংঘৰ্ষৰ ফলত বহুতো ভূমিপুত্ৰ জনগোষ্ঠী মৃত্যু মুখত পৰিছিল আৰু কালক্ৰমত লুপ্ত হৈ গৈছিল।কিছুমান জনগোষ্ঠীয়ে আকৌ অন্য জনগোষ্ঠীৰ লগত সংমিশ্ৰ্ণ হৈ গৈছিল আৰু আনহাতে কিছুমানে সময়ৰ সোঁতত বিলুপ্ত হৈ গৈছিল।তাৰে ভিতৰত পৃথিবীৰ পৰা বিলুপ্ত হোৱা উল্লেখযোগ্য দহ টা ভূমিপুত্ৰ জনগোষ্ঠী হ’ল-১/বেওথুক জনগোষ্ঠী ২/কাৰানকাৱা ৩/মানদান ৪/চিছকা ৫/হাচাথ ৬/ব’ ৭/তাছ্মানিয়ান ৮/অ’না ৯/টাইন’ছ আৰু ১০/প’হাটান।
আমি ইয়াত এই দহটা জনগোষ্ঠীৰ বিষয়ে চমু আলোচনা কৰিবলৈ প্ৰয়াস কৰিম।
১/বেওথুক জনগোষ্ঠী: বেওথুক জনগোষ্ঠীৰ মানুহবোৰ ক’লা আৰু দীঘল প্ৰকৃতিৰ আৰু চুলি আৰু চকু কলা বৰণৰ।বৰ্তমানৰ নিউফাউণ্ডলেণ্ডত ভাইকিং সকলৰ বসবাস কৰা বহু হাজাৰ বছৰৰ আগতে তেওঁলোকে বসবাস কৰিছিল।জন কেবটৰ নেতৃত্বত ইউৰোপিয়ান সকলে যেতিয়াই সেই ঠাইখন দখল কৰে তেতিয়াই বেওথুক সকল তাৰ পৰা পলাই যাবলৈ বাধ্য হয়।শ্বেতাংগ সকলৰ আক্ৰমন, যক্ষ্মা বেমাৰ আৰু অপুষ্টিৰ ফলত ১৭০০ চনত বেওথুক জনগোষ্ঠী প্ৰায় বিলুপ্ত হৈ যায়।১৮২৯ চনলৈ নিউফাউণ্ডলেণ্ডত বেওথুক সম্প্ৰদায়ৰ কোনো লোক অস্তিত্ব নাইকি্যা হৈ যায়।
       


২/কাৰানকাৱা: কাৰানকাৱা সকল অমেৰিকাৰ আদিম অধিবাসী।তেওঁলোকে টেক্সাচৰ ইতিহাসত এক গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰিছিল।বেমাৰ,ইউৰোপিয়ান সকলৰ লগত সংঘৰ্ষ আৰু যুদ্ধত পৰাস্ত হৈ নিজৰ মাতৃভুমি হেৰোৱাৰ ফলত এই জনগোষ্ঠী সকল কালক্ৰমত লুপ্ত হৈ যায়।কাৰানকাৱা সকলে টেক্সাচৰ স্বাধীনতা যুদ্ধত এক গুৰুত্বপূৰ্ন ভুমিকা পালন কৰিছিল আৰু তেওঁলোকে যুক্তৰাষ্ট্ৰৰ পক্ষত থিয় দিছিল।
                      
৩/মানদান: বসন্ত বেমাৰ,যুদ্ধ আৰু যুক্তৰাষ্ট্ৰৰ লগত যুদ্ধচুক্তিয়ে মানদান জনজাতিৰ বিলুপ্ত হোৱাত যথেষ্ট অৰিহনা যোগাইছিল।বসন্ত ৰোগৰ মহামাৰিৰ ফলত ১৮৩৭ চনত মানদান জনজাতিৰ জনসংখ্যা ১২৫ জনলৈ হ্ৰাস পায়।১৯৩৪ চনত মানদান জনজাতি সকল অন্য জনজাতিৰ লগত সংমিশ্ৰ্ণ হৈ যায়।খাটি মানদান জনজাতিৰ অন্তিমজন ব্যক্তি ১৯৭১ চনত মৃত্যু ঘটে।
                          
৪/চিছকা: চিছকা জনজাতি সকলৰ বসভূমি হ’ল পুৱ টেনেছি আৰু দক্ষিন-পশ্চিম ভাৰ্জিনিয়া অঞ্চল। যেতিয়া ইউৰোপীয়ান সকলৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হৈছিল তেওঁলোকে প্ৰ্থমে সফলতা লাভ কৰিছিল। কিন্ত্ত অৱশেষত স্পেইনৰ জোৱান পাৰড’য়ে তেওঁলোকক পৰাস্ত কৰে।১৭০০ চনত তেওঁলোকে স্বাওনি জনজাতিৰ লগত সংমিশ্ৰিত হৈ চাছকেপে নাম গ্ৰহন কৰে।১৮ শতিকাত চিছকা জনজাতি সমপূৰ্ণ ভাবে বিলুপ্ত হয়,তেওঁলোকৰ চহৰ সমূহ দখলদাৰী সকলে জুই জ্বলাই ভস্মীভূত কৰে।
                         চিছকা

৫/হাচাথ: এই জনগোষ্ঠীৰ লোক সকল ভেংকুৱাৰ দ্বীপ আৰু বাৰ্কলেণ্ড দ্বীপত বসবাস কৰিছিল।তেওঁলোক নকটা জনগোষ্ঠী এটা ফৈদ।ইউৰোপীয়ান সকলৰ লগত সংযোগ আৰু বসন্ত ৰোগেই জনগোষ্ঠীটোৰ লুপ্ত হোৱা কাৰনে দায়ী বুলি ধৰা হৈছে।
                         

৬/ব’ জনজাতি: প্ৰায় ৬৫ হাজাৰ বছৰ ধৰি ব’ সংস্কৃতি আৰু ভাষা ভাৰতৰ আন্দামান দ্বীপত প্ৰ্চলিত আছিল।২০১০ চনত বোৱা চিনিয়ৰৰ মৃত্যু হোৱাৰ লগে লগে জনজাতিটোৰ লগত জড়িত ভাষা-সংস্কৃতি সকলো চিৰ দিনৰ বাবে বিলুপ্ত হৈ যায়।
                         

৭/তাছমানিয়ান: তাছ্মানিয়াৰ ভুমিপুত্ৰ এই জনজাতি সকল মহামাৰী আৰু বিভিন্ন ৰোগৰ ফলত বিলুপ্ত হয়।১৮২৮ আৰু ১৮৩২ চনৰ মাজত ব্ৰিটিছ সাম্ৰাজ্যবাদী আৰু তাছ্মানিয়ান সকলৰ মাজত সংঘটিত যুদ্ধ ও জনগোজাতিটোৰ বিলুপ্ত হোৱাত অৰিহণা যোগাই।
৮/অ’না: অ’না জনজাতি সকল বৰ্ত্ত্মানৰ চিলি আৰু আৰ্জেন্টিনাত বসবাস কৰিছিল।যদিও তেওঁলোগ বহিৰাগতৰ লগত এক সু-সমপৰ্ক বজাই ৰাখিছিল।১৯০০ চন মানলৈকে তেওঁলোকৰ জনসংখ্যা যথেষ্ট হ্ৰাস পায়।খ্ৰীষ্টান মিছ্নাৰী সকলৰ অশেষ প্ৰচেষ্টা স্বতেও এই জনজাতি সকল কুৰি শতিকাৰ মধ্যভাগত লুপ্ত হৈ যায়।


               
৯/টাইন’ছ: টাইন’ছ জনজাতি সকল হ’ল বৰ্তমান বাহামাৰ ভুমিপুত্ৰ।ইউৰোপিয়ান সকলৰ আগমনৰ লগে লগে টাইন’ছ সকলক তেওঁলোকৰ গৃহভূমিৰ পৰা উচ্ছেদ কৰা হয়।বসন্ত ৰোগৰ বাবে যোৱা ১৮ শতিকাত এই জনজাতি সকল বিলুপ্ত হৈ যায়।কিছুমান টাইন’ছ মহিলা সকলক স্পেনিছ সকলে বিবাহ কৰি এটা নতুন প্ৰজাতি জন্ম দিছিল।তেওঁলোকো বৰ্তমান লুপ্ত হৈ গৈছে।অৱশ্যে তাৰে মেজটিজ’চ সকল এতিয়াও জীয়াই আছে।



১০/প’হাটান: প’হাটান সকল হ’ল ভাৰ্জিনিয়া অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ এক সমষ্টি।তেওঁলোকে এলগ’কুইন ভাষা কয় যাক প’হাটান বা ভাৰ্জিনিয়া এলগ’কুইন বুলি জনা যায়।প’হাটান জনগোষ্ঠী প্ৰায় লুপ্ত হৈ গৈছে।বৰ্তমান মাত্ৰ ৮ জন প’হাটান জনগোষ্ঠীৰ মানুহ জীয়াই আছে বুলি জনা যায়।
                        


*****
        (ইন্টাৰনেটৰ তথ্যৰ সহায়ত যুগুত কৰা হৈছে)


1 comment:

  1. titanium-arts.com - Titanium Art
    Titanium.com is titanium engagement rings proud to provide you with 2019 ford fusion hybrid titanium a world of titanium rod in femur complications premium titanium apple watch band materials. titanium flash mica TITNCERBES.com is an innovative online marketplace that offers premium products.

    ReplyDelete