Sunday, November 16, 2014

Short Story-Maa ami Sadiyaloi jamei

গল্প নহয় এটা গল্পৰ খচৰা
        মা আমি শদিয়ালৈ যামেই


    এযুৰি চকুৰ এপলক চাৱনিতে তাৰ হৃদয় উথলি উথিব বুলি সি সপোনতো ভবা নাছিল।গল্প-উপন্যাসত সি পঢ়িছে।চিনেমাত দেখিছে,গানত শুনিছে।কিন্তু বাস্তব জীৱনত প্ৰথম দৃষ্টিত প্ৰেম,সম্ভৱ জানো?সঁচাকৈয়ে সি মাধুৰীৰ প্ৰেমত পৰিছে নেকি?মাধুৰীৰ প্ৰতি এয়া জানো তাৰ প্ৰথম দৃষ্টিত প্ৰেম?প্ৰথম দৃষ্টিতে প্ৰেম সংঘটিত হবলৈ হলে হেনো প্ৰেমিক-প্ৰেমিকাৰ মাজত একেৰাহে ৮ চেকেণ্ড চকুৰ মিলন ঘটিব লাগিব-সি কৰবাত পঢ়িছিল।মাধুৰীয়ে তাইৰ ডাঙৰ ডাঙৰ আকৰ্ষণীয় প্ৰভাৱশালী চকুযুৰি তাৰ চকুত দৃষ্টি নিবদ্ধ কৰি যেতিয়া তাক কৈছিল-আকৌ আহিব দেই!নেক্‌ষ্ট বাৰ আহিলে মোৰ বাবে----তেতিয়া সেই মুহূৰ্তখিনি  ৮ চেকেণ্ড আছিল নে বাৰু?
    মাধুৰীক সি এবাৰ লগ কৰি যাবই লাগিব।কাৰন আৰু কিছুদিনৰ পিছত সি এই ঠাইখন এৰি গুচি যাবগৈ।তাৰ মন এক বিষাদে আচ্ছন্ন কৰি ৰাখিছে।সি অৱস আৰু অলস হৈ বিছ্নাতে পৰি থাকিল বহু সময়।
    আজিৰ পৰা ঠিক এবছৰ তিনিমাহৰ আগতে সি এই ঠাইখনলৈ প্ৰথম আহিছিল।জীৱনৰ প্ৰথম চাকৰিত প’ষ্টিং।মনত যথেষ্ট উৎসাহ আৰু উত্তেজনা।নতুন ঠাইত নতুন চাকৰিত যোগদান কৰাৰ উৎসাহ আৰু উত্তেজনা।
    শদিয়া----।ঠাইখনৰ নাম সি আগতেও শুনিছে,কিন্তু নামৰ বাহিৰে ঠাইখনৰ বিষয়ে একো নাজানে।অসমৰ মানচিত্ৰখন চাই সি ঠাইখনৰ অৱস্থিতি উলিয়াই লৈছিল।
    জীৱনৰ প্ৰথম চাকৰি,তাতে ঘৰৰ পৰা বহু দূৰৰ অচিনাকী ঠাইত।মনত অলেখ সপোন,উৎসাহ আৰু ৰোমাঞ্চ।শদিয়ালৈ প্ৰথম যাত্ৰাটোৱেই আছিল এক ৰোমাঞ্চকৰ অভিজ্ঞতা।ৰাতিপূৱা ছৈখোৱাঘাটৰ পৰা শদিয়াঘাটলৈ মহাবাহু ব্ৰক্ষ্মপুত্ৰৰ বুকু ফালি ফেৰিৰে যাত্ৰা জীৱনৰ এক অবিষ্মৰণীয় যাত্ৰা।
    ডিফুৰ পৰা নৈশ বাছত তিনিচুকীয়ালৈকে গৈ তাৰ পৰা পুনৰ ফ’ৰ জিৰ’ ছেৱেন বাছেৰে গৈ সি ধলাত ৰাতি পূৱাতেই গৈ পাইছিল।ফেৰিঘাটত গৈ পায় মহাবাহু বক্ষ্মপুত্ৰৰ ৰুপ দেখি সি স্তম্ভিত হৈছিল।ব্ৰক্ষ্মপুত্ৰ সি আগতেও ফেৰিৰে পাৰ হৈছিল-গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ।মাজুলীলৈও সি গৈছে ফেৰিৰে।কিন্তু ছৈখোৱাঘাটৰ মহাবাহুৰ দৃশ্য সম্পূৰ্ণ বেলেগ।ইপাৰ-সিপাৰ নমনা পাৰাপাৰহীন এক বিশাল জলৰাশি।পিছতেহে সি গম পাইছিল-ব্ৰক্ষ্মপুত্ৰ বুলি কোৱা হয় যদিও এইখিনি বিস্তৃত জলৰাশি প্ৰকৃততে লোহিত,দিবাং,দিচাং আৰু কুণ্ডিল নদীৰ সংগম স্থলহে-সেয়েহে এই বিশাল অঞ্চলজুৰি পাৰাপাৰহীন জলধাৰাৰে পৰিপূৰ্ণ।

    সি যেতিয়া ছৈখোৱাঘাটৰ খেৰঘাটলৈ গৈ পায় তেতিয়া ঘাটত ৰাতিপূৱাৰ প্ৰথমটো ফেৰি যাত্ৰাৰ বাবে ব্যস্ততা আৰম্ভ হৈ গৈছিল।টিকটতো লৈ সি ফেৰিত উঠি দিলে সকলোৰে লগতে।ব্ৰক্ষ্মপুত্ৰৰ পাৰাপাৰহীন বিশাল জলৰাশি দেখি সি অভিভূত হ’ল।ফেৰিখন কিছুদূৰ উজাই যোৱাৰ পিছত মহাবাহুৰ সম্পূৰ্ণ জলৰাশিৰ দৃশ্য উপভোগ কৰিবলৈ সি ওপৰৰ ডেকলৈ উঠি গ’ল।ৰাতিপূৱাৰ সূৰ্যটো তেতিয়া পূৱফালে প্ৰকট হৈ উঠিছে।নদীৰ বুকুত ফিৰ্‌ফিৰিয়া ঠাণ্ডা বতাহ।নদীৰ মাজে মাজে কিছুমানত দ্বীপৰ দৰে বালিৰ চৰ-চাপৰি।তাৰ বাবে সম্পূৰ্ণ এক নতুন দৃশ্য।
    তাৰ মন-প্ৰাণ ৰোমাঞ্চিত হৈ আছিল এক সম্পূৰ্ণ অচিনাকী ঠাইলৈ যাত্ৰাৰ বাবে আনহাতে মহাবাহুৰ বিশালতা দেখি তাৰ মনত কিছু সংশয়ো উপজিছিল।পাৰাঘাট যেন গৈ নাপায়হে নাপায়।সম্পূৰ্ণ ডেৰঘ্ণ্টাৰ যাত্ৰাৰ অন্তত অৱশেষত ঘাটত ফেৰি লাগিলহি।ঘাটত ফেৰি লগাৰ লগে লগেই যাত্ৰীসকলে পাৰলৈ দৌৰি যোৱা সি লক্ষ্য কৰিলে।প্ৰথমে সি ধৰিব পৰা নাছিল কিহৰ বাবে এই লৰা-ধপৰা।পিছতহে সি ধৰিব পাৰিছিল পাৰত কিছু দূৰত ৰৈ আছেহি দূখন বাছ।তাৰমানে গন্তব্য ঠাইলৈ বাছেৰে আৰু যাব লাগিব।যাত্ৰীৰে পুৰিপূৰ্ণ বাছত সি ওলমি গ’ল।
    চপাখোৱাত গৈ সি হতাশ হ’ল-তাৰ ইমান দিনৰ কল্পনাৰ শদিয়া-এটা নিষ্প্ৰাণ মফচলীয়া চহৰ।তাৰ সকলো উৎসাহ-উত্তেজনা নিমিষতে শেষ হ’ল।
    পিছদিনাখন সি অফিচলৈ গ’ল নতুন চাকৰিত যোগদান কৰিবলৈ।নতুন বিষয়া যোগদান কৰিবলৈ অহা বুলি শুনি উপস্থিত কৰ্মচাৰীসকলে তাৰ লগত চিনাকী হ’বলৈ আহিল।চিনাকী পৰ্বৰ সচৰাচৰ দুই এটা কথা বিনিময় হোৱাৰ পিছত তেওঁলোকে তাক সুধিছিল-আপোনাৰ বিয়া হ’ল নে?প্ৰশ্নটো শুনি সি অপ্ৰস্তু হৈছিল।প্ৰথম চিনাকিতে ইমান ব্যক্তিগত প্ৰশ্ন! পাছত সি লক্ষ্য কৰিলে যে- ইয়াৰ মানুহৰ এয়া দস্ত্তৰ,প্ৰথম চিনাকী পৰ্বতে মানুহৰ বৈবাহিক স্থিতিৰ বিষয়ে জানি ল’ব বিচাৰে।
    নতুন অচিনাকি ঠাই।চিনাকী মানুহ আৰু বন্ধু-বান্ধৱৰ অভাৱ।প্ৰথম তিনিমাহ সি ইমান আমনি আৰু অকলশৰীয়া অনুভৱ কৰিছিল যে-এই ঠাইখনৰ প্ৰতি,ইয়াৰ মানুহৰ প্ৰতি,তাৰ নিজৰ কামৰ প্ৰতি মনত এক বিৰুপ ভাৱে প্ৰতিক্ৰিয়া কৰিছিল।তেতিয়া তাৰ মানসিক অৱস্থাটো ঠিক “ইংলিছ,আগষ্ট’”ৰ সেই অগ্যস্ত্য সেনৰ দৰে হৈছিল।এক বিচ্ছিন্নতাবোধ আৰু নিসংগতাই তাক অহৰহ পীড়া দিছিল।বহুদিন সি কামত মন বহুৱাব পৰা নাছিল।তেতিয়াই সি গুৱাহাটীলৈ গৈ বদলিৰ বাবে আবেদন কৰি আহিছিল।
    শদিয়া ঠাইখনক চৰকাৰী কৰ্মচাৰী সকলৰ মাজত অসমৰ ‘কলিয়াপানী’ হিচাপেহে জনাজাত।ইয়াত যোগদান কৰাৰ পিছতেহে সি কথাটো জানিছিল।চৰকাৰে বিষয়া-কৰ্মচাৰীসকলক ‘শাস্তি’ প্ৰদান কৰিবলৈ এই ঠাইখনলৈ বদলি কৰে।গতিকে ইয়াত নতুন মানুহ চাকৰিত যোগদান কৰিবলৈ আহিলে সন্দেহৰ চকুৰে চোৱা হয়।
    অফিচত এদিন নতুন বিষয়া যোগদান কৰিবলৈ আহিছিল-মানস দাস,মীন বিষয়া।মোম্বাইৰ পৰা ফিছাৰিত মাষ্টাৰ ডিগ্ৰী সমাপ্ত কৰিয়েই ইয়াত যোগদান কৰিবলৈ আহিছে।মানস আৰু সি একেখন কলেজৰেই ছাত্ৰ আছিল।মানসক পায় সি খুব আনন্দিত হ’ল-যেন সি মৰুভূমিত মৰুদ্যানহে বিচাৰি পালে।অন্তত: সি কথা পতাৰ সংগী বিছাৰি পালে।সিহঁতে এটা কোৱাৰ্টাৰত একেলগে থকাৰ ব্যৱস্থা কৰি ল’লে।
    মানসৰ যোগেদি পিছত তাৰ চিনাকী হৈছিল-ৰাজেন শৰ্মা,বিৰাজ নাথ আৰু অনন্ত গোস্বামীৰ লগত।লগতে বীণা আৰু ববিতা।আটাই কেইজনেই ইয়াত চাকৰি সূত্ৰে আছেহি।ৰাজেন,বিৰাজ,অনন্ত,মানস আৰু সি একেখন কলেজৰেই ছাত্ৰ আছিল।ৰাজেন আৰু বিৰাজ ইয়াতে জুনিয়ৰ টেলিকম অফিচাৰ।অনন্ত তাৰ ক্লাচমেট।ইতিহাস পঢ়াই ইয়াৰ হায়াৰ চেকেণ্ডাৰী স্কুলখনত।বীণা আৰু ববিতাই বিজ্ঞান পঢ়ায়।
    ইমানদিনে তাহাঁতৰ লগত দেখা সাক্ষাৎ হোৱা নাছিল।মানস অহাৰ পিছতহে সকলোৰে লগত তাৰ চিনাকী হ’ল।এতিয়া সিহঁতৰ মাজত এটা বন্ধুৰ ‘চাৰ্কোল’ এটা গঢ়ি উঠিল।
    এটা অবিবাহিত ডেকাৰ জুম-স্বাভাবিকতে আড্ডাত ছোৱালীৰ কথা ওলাইছিল।কথাটো প্ৰথমে ৰাজেনে উলিয়াইছিল-শদিয়ালৈ অহাৰ আগতে তাক পৰিয়ালৰ মানুহে সাৱধান বাণী শুনাই পঠাইছিল-ইয়াৰ ছোৱালীবোৰৰ পৰা সাৱধানে থাকিবলৈ।কথাটো সিহঁতৰ ‘বচ্’ ৰাজবংশী ছাৰৰ প্ৰসংগত ওলাইছিল।ৰাজবংশী ছাৰে ঘৰৰ অসন্মতিতে ইয়াৰেই ছোৱালী বিয়া কৰাই বহু বছৰ ধৰি ঘৰলৈ যোৱা নাই।বহু চৰকাৰী বিষয়া-কৰ্মচাৰী ইয়াৰেই ছোৱালী বিয়া কৰাই লৈ গৈছে অথবা বিয়া বাৰু কৰাই ইয়াতে নিগাজী হৈ থাকি গৈছে।শদিয়াৰ ছোৱালীবোৰ দেখিবলৈ অতি সুন্দৰী আৰু মোহিনী বাণ আছে বুলি খ্যাতি আছে।
    এই ঠাইখনৰ ইতিহাসৰ ওপৰত জ্ঞান থকা অনন্তৰ মতে-এই ঠাইখন আগতে ইতিহাস প্ৰসিদ্ধ ভীষ্মক ৰজাৰ ৰাজ্যৰ অন্তৰ্গত আছিল।ভীষ্মক ৰজাৰ অতি সুন্দৰী কন্যা ৰুক্মিনীক ভগৱান কৃষ্ণই হৰণ কৰি ৰথত লৈ যাওঁতে এই শদিয়া অঞ্চলতে হেনো ৰুক্মিনীৰ ওৰনি খহি গৈছিল।সেই কাৰণে হেনো ইয়াৰ ছোৱালীবোৰ প্ৰেমত বহুত ‘এগ্গ্ৰেচিভ’। মোহনী বাণ বুলি কোনো কথা নাই।আচলতে ৰুপ-লাবণ্যই ছোৱালীৰ মোহনী।
        অধ্যয়নপুষ্ট মানসে কৈছিল-হয়,তাকো মাকে সাৱধান কৰি দিছিল।সি ‘চিটি অফ্‌ জয়’ কিতাপখনৰ কথা উল্লেখ কৰি কৈছিল-বিদেশৰ পৰ পুৰুষ মানুহ ভাৰতবৰ্ষলৈ আহিলে হেনো ভাৰতীয় নাৰীৰ পৰা সাৱধানে থকিবলৈ কৈ পঠোৱা হয়।ভাৰতবৰ্ষ যাদু-মন্ত্ৰৰ দেশ-সুন্দৰী নাৰীসকলে বিদেশী পুৰুষক মন্ত্ৰৰে বশ কৰে বুলি কথিত আছে।তাকো বাইদেউহঁতে কৈছিল-‘লংকি,তোমাৰ বাবে আমি ইয়াতে ছোৱালী চাম ’।
    স্বাভাবিকতে সিহঁতেও শদিয়াৰ সুন্দৰী গাভৰুবোৰৰ পৰা সাৱধানে চলিছিল।গতিকে জীৱনটো এটা গতানুগতিক গতিত চলি থাকিল।
    কিন্তু হেমেনক লগ পোৱাৰ পিছতেই তাৰ নিৰস জীৱনটো হঠাতে প্ৰাণ পাই উঠিল।তেতিয়াই তাৰ জীৱনে হঠাতে লুটি বাগৰ মাৰি গতি সলাই দিলে।মাধুৰীয়ে তাৰ সমগ্ৰ সত্তাটো আৱৰি ৰাখিছিল।ইতিমধ্যে শদিয়াৰ জীৱন প্ৰণালীৰ লগত সি নিজকে খাপ খোৱাই ল’বলৈ চেষ্টা কৰিছিল।
    হেমেন পাঠক-তাৰ কলেজ হোষ্টেলৰ ৰুমমেট।সি ইয়াত ফৰেষ্ট ৰেঞ্জ অফিচাৰ।প্ৰায় তিনিবছৰ ধৰি ইয়াত আছেহি।তাক ইয়াতে এনেকৈ লগ পাব বুলি সি সপোনতো ভবা নাছিল।হায়াৰ চেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত সিহঁতৰ মাজত যোগাযোগ ঘটা নাছিল।
    হেমেন অকনো সলনি হোৱা নাই।অৱশ্যে কিছু শকত হৈছে।প্ৰাণ-প্ৰাচুৰ্য্যৰে ভৰা এজন সক্ৰিয় বন-বিষয়া।শদিয়াত চৰকাৰী বিষয়াসকলৰ মাজত বহুত জনপ্ৰিয়।তাৰ জৰিয়তে সি ইতিমধ্যে বিভিন্ন বিভাগৰ বিষয়াৰ লগত চিনাকী হৈছে।চিভিল হস্পিতালৰ ডা:কাকতি,ভেটেৰিনেৰিৰ ডা:মালাকাৰ,কৃষি বিষয়া হাজৰিকাদা আৰু বিভিন্নজনৰ লগত।
    হেমেনৰ বিয়া ঠিক হৈ আছে তিনিচুকীয়াৰে ডা:ৰমেন বৰুৱাৰ জীয়েকৰ লগত।ডা:বৰুবাৰ ডাঙৰজনী জীয়েকৰ বিয়া হ’ব অহা মাহত। গতিকে তেওঁলোকে ভাবী জোঁৱাই হেমেনক দায়িত্ব দিছে অৰুণাচলৰ ৰ’য়িঙৰ পৰা পনিৰ আনিবলৈ বিয়াৰ বাবে।গতিকে হেমেনে তাক লগ ধৰিলে ৰ’য়িঙলৈ।সিহঁত গ’ল ৰ’য়িঙলৈ অফিচৰ জীপছীখনেৰে।শান্তিপুৰ সীমান্ত চকী পাৰ হ’লেই অৰুণাচল প্ৰদেশ।শদিয়াৰ বিধ্বস্ত ৰাস্তাৰ পৰিবৰ্তে অৰুণাচল প্ৰদেশত প্ৰবেশ কৰাৰ লগে লগে আহল-বহল ধুনিয়া ৰাস্তা।চৌদিশে সেউজীয়াৰ সমাহাৰ।অৰুণাচলৰ প্ৰাকৃতিক শোভাই তাক মুগ্ধ কৰিছিল।প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিবেস্তিত ৰ’য়িং অৰুণাচল ডিবাং ভেলিৰ এটা সৰু ধুনীয়া পাহাৰীয়া চহৰ।তাৰ ডিফুলৈ খুব মনত পৰিছিল।
        এই ৰ’য়িং চহৰৰ মাজ মজিয়াতে আছে ডা:শিৱচৰন প’দ্দাৰ,ডা:বৰুৱাৰ বন্ধু।ভেটেৰিনেৰি বিভাগৰ বিষয়া।ডা:প’দ্দাৰৰ ঘৰ বিছাৰি উলিওৱাত সিহঁতৰ কষ্ট নহ’ল।সিহঁত যোৱাৰ খবৰ তেওঁলোকে ইতিমধ্যে পাইছিল।সিহঁতক ডা:প’দ্দাৰৰ মাকে আথে-বেথে আদৰিলে। ডা:প’দ্দাৰহঁত হিন্দিভাষী।কিন্তু ঘৰৰ সকলোৱে ধুনীয়া অসমীয়া কয়।তেওঁলোকৰ মাজত কিন্তু মৈথেলী ভাষাত কথা পাতে।মৈথেলী ভাষা শুনিবলৈ ইমান শুৱলা! সি জীৱনত প্ৰথম শুনিলে।ইতিমধ্যে ডা:প’দ্দাৰ অফিচৰ পৰা আহিল।প্ৰাৰম্ভিক চা-চিনাকীৰ পিছত তেওঁ হেমেনৰ পৰা ডা:বৰুৱাহঁতৰ কুশল-বাৰ্তা ল’লে।ডা:প’দ্দাৰে সিহঁতক পনিৰ প্ৰস্তত কৰা প্ৰক্ৰিয়াৰ বিষয়ে ব্যাখ্যা কৰি কলে-সময় কিছু ল’ব গতিকে তেওঁ পিছত হেমেনক জনাব।গতিকে চাহ-জলপান খোৱাৰ পিছত সিহঁতে ঘূৰি আহিবলৈ মনস্থ কৰিলে।কিন্তু ডা:প’দ্দাৰৰ পৰিবাৰে ভাত এহাজ খাই যাবলৈ জোৰ কৰাত থাকি গ’ল। ভাত ৰন্ধা হয় মানে সিহঁতে ৰ’য়িং চহৰ এপাক ঘূৰি মেলি আহো বুলি ওলাই আহিল।ৰ’য়িং সঁচাকৈয়ে এখন সৰু ধুনীয়া চহৰ।চহৰখনত সিহঁতে ঘূৰি মেলি চালে।তাৰ পিছতে সিহঁত গ’ল অৰুণাচল প্ৰদেশ বন বিভাগে উদ্ভিদ-উদ্যান ৰুপে গঢ়ি তুলা জৱাহৰলাল নেহৰু পাৰ্কখনলৈ।পাৰ্কৰ সৌন্দৰ্য্য দেখি তাৰ মন মোহিত হ’ল।পাৰ্কখনত গ্ৰীণ হাউছত নাম নজনা শতাধিক বনৰিয়া অৰ্কিড দেখি সি অভিভূত হ’ল।পাৰ্কখনৰ কাষেদি বৈ গৈছে খৰস্ৰোতা নদী দেওপানী। হিমালয়ৰ সু-উচ্চ পাহাৰৰ পৰা তীব্ৰবেগে বৈ অহা পানীৰ শব্দ দূৰৰ পৰাই শুনিব পোৱা গৈছিল।এই নদীখনতে থকা এছিয়াৰ দীৰ্ঘতম ওমলা দলংখনো সিহঁতে চাই আহিল।
    সিহঁতে দেওপানী নৈ পাৰ হৈ চেলি লেকখনো চাবলৈ গ’ল।চেলি লেক হ’ল পাহাৰৰ ওপৰত এটা প্ৰাকৃতিক জলাশয়।প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰাজি উপভোগ কৰি সিহঁত পুনৰ ঘূৰি আহিল ডা:প’দ্দাৰৰ ঘৰলৈকে।কিন্তু ডা:প’দ্দাৰৰ ঘৰত সিহঁতৰ কাৰণে ৰৈ আছিলহি অন্য এক সৌন্দৰ্য্যই।এইবাৰ সিহঁতক আদৰণি জনালে প’দ্দাৰৰ ভনীয়েক মাধু-মাধুৰী প’দ্দাৰে।মাধুক অপ্ৰত্যাহিতভাবে দেখি সিহঁত বাকৰুদ্ধ হ’ল আৰু থৰ লাগি চাই ৰ’ল।ইমান ধুনীয়া ছোৱালী-সিহঁত ৰাতিপূৱা আহোতেটো দেখা পোৱা নাছিল।
    তাই ওচৰৰে অফিচ এটাত চাকৰি কৰে।আলহি অহা বুলি গম পায় তাই ঘৰলৈ আহিছে ‘ভাবী’ক সহায় কৰিবলৈ।মাধুৱে আহঁক আহঁক-বহক বুলি কওঁতেহে সিহঁতৰ সম্বিৎ ঘূৰি আহিছিল।ইমান ধুনীয়া আকৰ্ষণীয় চকুজুৰি সি জীৱনত দেখা নাছিল।মন্ত্ৰমুগ্ধ সন্মোহিত মানুহৰ দৰে সিহঁতে অবাক হৈ মাধুৰ মুখ-মণ্ডললৈ থৰ লাগি চাই থকিল আৰু নিৰবে চ’ফাত বহি পৰিল।ভাবীয়ে সিহঁতক মাধুৰ লগত পৰিচয় কৰাই দিছিল।
    ভাবীজীয়ে ইতিমধ্যে খোৱা টেবুল ৰেডি কৰি থৈছিল।সিহঁত হাত-মুখ ধুই খোৱা টেবুলত বহিল।ইমান কম সময়তে ইমান আয়োজন!সিহঁতে ভাবীজী আৰু প’দ্দাৰ পৰিয়ালৰ আতিথিয়তাত মুগ্ধ হ’ল।সিহঁতে ভাবীজী আৰু মাধুক ধন্যবাদ জনাই ৰ’য়িঙৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু মাধুৰীৰ মধুৰ স্মৃতি বুকুত লৈ ঘূৰি আহিছিল শদিয়ালৈ।
    ৰ’য়িঙৰ পৰা ঘূৰি অহা বহুদিনলৈকে সিহঁতৰ মুখৰ পৰ মাধুৰ নাম গুচা নাছিল।সিহঁতৰ মুখত কেৱল মাধুৰীৰ ৰুপৰ বন্দনা।
    সেইদিনা ৰাতিখন তাৰ বহু ৰাতিলৈকে টোপনি অহা নাছিল।মাধুৰ সেই আকৰ্ষণীয় চকুজুৰিয়ে তাৰ মন-প্ৰাণ আলোড়িত কৰি আমনি দি আছিল।ছাবিশটা বসন্তই গৰকা তাৰ জীৱনত কোনো ছোৱালীয়ে মনত ইমান গভীৰভাবে প্ৰভাৱ বিস্তাৰ কৰা নাছিল।সি কোনো ছোৱালীৰ প্ৰতিও ৰোমান্তিক ভাবে আকৰ্ষণ অনুভৱ কৰা মনত নপৰে।কিন্তু মাধুৰীয়ে তাৰ মন প্ৰাণ ৰোমাঞ্চিত কৰি তুলিছিল।মাধুৰীৰ দুচকুৰ পৰা নিৰ্গত কিউপিডৰ কামধনুৰ শৰে তাৰ হৃদয় ক্ষত-বিক্ষত কৰিছিল।সুন্দৰী নাৰীৰ চকুৰ চাৱনিৰ আঘাত ইমান তীব্ৰ হব পাৰে বুলি সি কল্পনা কৰিব পৰা নাছিল।পিছদিনাখন ৰাতিপূৱা বহু সময়লৈকে সি বিচনাতে অলস হৈ পৰি থকিল।
    ওখ,লাহী আৰু লাবণ্যময়ী দেহাৰে মাধুৰী দেখাতেই সুন্দৰী,কিন্তু তাইৰ প্ৰভাৱশালী আকৰ্ষণীয় চকুযুৰিয়ে তাইক অধিক সুন্দৰী কৰি তুলিছিল।তাই স্বল্প আৰু মৃদুভাষী,কিন্তু তাইৰ চকুৰ চাৱনিয়ে বহু কথা ব্যক্ত কৰিছিল।তাইৰ দৰে সুন্দৰীৰ আকৰ্ষণীয় চকুযুৰিক দেখিয়েই হয়তো কবিয়ে লিখিছিল-তোমাৰ চকুত প্ৰিয়া,সাগৰৰ এচামুচ নীলা----
    কিন্তু অকল মাধুৰীৰ চকুযুৰিয়ে তাক আকৰ্ষণ কৰিছিল নে?
মাধুৰীহঁতৰ ঘৰত ভাত খোৱাৰ পিছত সিহঁতে খন্তেক জিৰণি লৈছিল।সেই খন্তেকীয়া মুহুৰ্ততে সিহঁতে ভাবীজী,মাধু আৰু মাকৰ লগত কিছু ঘৰুৱা আন্যান্য কথা পাতিছিল মাধুৱে তাৰ প্ৰতি আকৰ্ষণীয় চকুযুৰি নিক্ষেপ কৰি সুধিছিল-আপোনাৰলোকৰ কাৰবি মহিলাসকলৰ পোছাক মোৰ বৰ ভাল লাগে।খুব আকৰ্ষণীয় আৰু মাৰ্জিত পোছাক।নাৰীৰ সৌন্দৰ্য্যক ধুনীয়াকৈ তুলি ধৰে।আপোনালোকে মেখেলাক ‘পিনি’ আৰু চাদৰখনক ‘পেকক’ বুলি কয় নহ্য় নে?--- আৰু সেই ককালত বন্ধা বেল্টতো কি বুলি কয়--- অ’ ৱামকক,ৱামকক নহয় জানো?—তাই সঠিক উচ্চাৰণ কৰিব পৰা নাছিল।–মোৰ কাৰনে এযোৰ আনি দিব পাৰিবনে? তাই খাটনি ধৰিছিল।
    মাধুৰীৰ কথা শুনি সি বিস্মিত হৈছিল-তাই কৰ পৰা জানিলে ইমান কথা?তাই ব্যাখ্যা কৰি কলে যে আচলতে তাই উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় মহিলাসকলৰ সাজ-পোছক সংগ্ৰহ কৰি আহিছে।ভাবিজী আৰু মাকে জনালে যে এইটো তাইৰ চ’খ।তাই টেস্কটাইল টেক্টন’লজি পঢ়িছিল আৰু ফেশ্বন ডিজাইন কৰে।ইতিমাধ্যে অৰুণাচলৰ বিভিন্ন জানজাতীয় মহিলাসকলৰ সাজপাৰ সংগ্ৰহ কৰিছে,কিন্তু অসমৰ কিছুমান পোৱা নাই।গতিকে সি আনি দিব লাগে।
    গাড়ীলৈকে বিদায় দিবলৈ আহি তাই তাক পুনৰ সেই বিশেষ চাৱনি নিক্ষেপ কৰি কৈছিল-আকৌ আহিব দেই।নেকষ্ট্ বাৰ আহিলে পিনি-পেকক আনি দিবলৈ নাপাহৰিব দেই---।
    কিন্তু পিনি-পেকক আনিবলৈ সি ডিফুলৈ যাবলৈ নহ’ল।ৰ’য়িঙৰ পৰা ঘূৰি অহা বাৰ দিনৰ পিছতেই তাৰ বদলিৰ  আদেশ পত্ৰখন আহি পালেহি।সি কিন্তু ইমান সোনকালে বদলিৰ আদেশ আহি পাব বুলি আশা কৰা নাছিল।কাৰন এখন ঠাইত তিনি বছৰ পূৰ্ণ নোহোৱালৈকে বদলি কৰা চৰকাৰী নীতি-নিয়ম নাই বুলি তাৰ ফাইল দিছপুৰত আৱদ্ধ হৈ ৰৈছিল।ফলত সি শদিয়াৰ পৰা বদলি হোৱাৰ আশা বাদেই দিছিল।
    কিন্তু হঠাতে বদলিৰ আদেশ পত্ৰটো পায় সি এক দোদুল্যমান অৱস্থাত পৰিল।সি মনস্থ কৰিলে যে এই ঠাইখনৰ পৰা বদলি হৈ যোৱাৰ আগতে সি মাধুৰীক এবাৰ লগ কৰি যাবই আৰু পিনি পেকক খনো দি যাব।***

           ( বৰ্ণালী হাজৰিকাৰ প্ৰতি কৃতজ্ঞতাৰে)

No comments:

Post a Comment