Sunday, November 16, 2014

Short Story-Maa ami Sadiyaloi jamei

গল্প নহয় এটা গল্পৰ খচৰা
        মা আমি শদিয়ালৈ যামেই


    এযুৰি চকুৰ এপলক চাৱনিতে তাৰ হৃদয় উথলি উথিব বুলি সি সপোনতো ভবা নাছিল।গল্প-উপন্যাসত সি পঢ়িছে।চিনেমাত দেখিছে,গানত শুনিছে।কিন্তু বাস্তব জীৱনত প্ৰথম দৃষ্টিত প্ৰেম,সম্ভৱ জানো?সঁচাকৈয়ে সি মাধুৰীৰ প্ৰেমত পৰিছে নেকি?মাধুৰীৰ প্ৰতি এয়া জানো তাৰ প্ৰথম দৃষ্টিত প্ৰেম?প্ৰথম দৃষ্টিতে প্ৰেম সংঘটিত হবলৈ হলে হেনো প্ৰেমিক-প্ৰেমিকাৰ মাজত একেৰাহে ৮ চেকেণ্ড চকুৰ মিলন ঘটিব লাগিব-সি কৰবাত পঢ়িছিল।মাধুৰীয়ে তাইৰ ডাঙৰ ডাঙৰ আকৰ্ষণীয় প্ৰভাৱশালী চকুযুৰি তাৰ চকুত দৃষ্টি নিবদ্ধ কৰি যেতিয়া তাক কৈছিল-আকৌ আহিব দেই!নেক্‌ষ্ট বাৰ আহিলে মোৰ বাবে----তেতিয়া সেই মুহূৰ্তখিনি  ৮ চেকেণ্ড আছিল নে বাৰু?
    মাধুৰীক সি এবাৰ লগ কৰি যাবই লাগিব।কাৰন আৰু কিছুদিনৰ পিছত সি এই ঠাইখন এৰি গুচি যাবগৈ।তাৰ মন এক বিষাদে আচ্ছন্ন কৰি ৰাখিছে।সি অৱস আৰু অলস হৈ বিছ্নাতে পৰি থাকিল বহু সময়।
    আজিৰ পৰা ঠিক এবছৰ তিনিমাহৰ আগতে সি এই ঠাইখনলৈ প্ৰথম আহিছিল।জীৱনৰ প্ৰথম চাকৰিত প’ষ্টিং।মনত যথেষ্ট উৎসাহ আৰু উত্তেজনা।নতুন ঠাইত নতুন চাকৰিত যোগদান কৰাৰ উৎসাহ আৰু উত্তেজনা।
    শদিয়া----।ঠাইখনৰ নাম সি আগতেও শুনিছে,কিন্তু নামৰ বাহিৰে ঠাইখনৰ বিষয়ে একো নাজানে।অসমৰ মানচিত্ৰখন চাই সি ঠাইখনৰ অৱস্থিতি উলিয়াই লৈছিল।
    জীৱনৰ প্ৰথম চাকৰি,তাতে ঘৰৰ পৰা বহু দূৰৰ অচিনাকী ঠাইত।মনত অলেখ সপোন,উৎসাহ আৰু ৰোমাঞ্চ।শদিয়ালৈ প্ৰথম যাত্ৰাটোৱেই আছিল এক ৰোমাঞ্চকৰ অভিজ্ঞতা।ৰাতিপূৱা ছৈখোৱাঘাটৰ পৰা শদিয়াঘাটলৈ মহাবাহু ব্ৰক্ষ্মপুত্ৰৰ বুকু ফালি ফেৰিৰে যাত্ৰা জীৱনৰ এক অবিষ্মৰণীয় যাত্ৰা।
    ডিফুৰ পৰা নৈশ বাছত তিনিচুকীয়ালৈকে গৈ তাৰ পৰা পুনৰ ফ’ৰ জিৰ’ ছেৱেন বাছেৰে গৈ সি ধলাত ৰাতি পূৱাতেই গৈ পাইছিল।ফেৰিঘাটত গৈ পায় মহাবাহু বক্ষ্মপুত্ৰৰ ৰুপ দেখি সি স্তম্ভিত হৈছিল।ব্ৰক্ষ্মপুত্ৰ সি আগতেও ফেৰিৰে পাৰ হৈছিল-গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ।মাজুলীলৈও সি গৈছে ফেৰিৰে।কিন্তু ছৈখোৱাঘাটৰ মহাবাহুৰ দৃশ্য সম্পূৰ্ণ বেলেগ।ইপাৰ-সিপাৰ নমনা পাৰাপাৰহীন এক বিশাল জলৰাশি।পিছতেহে সি গম পাইছিল-ব্ৰক্ষ্মপুত্ৰ বুলি কোৱা হয় যদিও এইখিনি বিস্তৃত জলৰাশি প্ৰকৃততে লোহিত,দিবাং,দিচাং আৰু কুণ্ডিল নদীৰ সংগম স্থলহে-সেয়েহে এই বিশাল অঞ্চলজুৰি পাৰাপাৰহীন জলধাৰাৰে পৰিপূৰ্ণ।

    সি যেতিয়া ছৈখোৱাঘাটৰ খেৰঘাটলৈ গৈ পায় তেতিয়া ঘাটত ৰাতিপূৱাৰ প্ৰথমটো ফেৰি যাত্ৰাৰ বাবে ব্যস্ততা আৰম্ভ হৈ গৈছিল।টিকটতো লৈ সি ফেৰিত উঠি দিলে সকলোৰে লগতে।ব্ৰক্ষ্মপুত্ৰৰ পাৰাপাৰহীন বিশাল জলৰাশি দেখি সি অভিভূত হ’ল।ফেৰিখন কিছুদূৰ উজাই যোৱাৰ পিছত মহাবাহুৰ সম্পূৰ্ণ জলৰাশিৰ দৃশ্য উপভোগ কৰিবলৈ সি ওপৰৰ ডেকলৈ উঠি গ’ল।ৰাতিপূৱাৰ সূৰ্যটো তেতিয়া পূৱফালে প্ৰকট হৈ উঠিছে।নদীৰ বুকুত ফিৰ্‌ফিৰিয়া ঠাণ্ডা বতাহ।নদীৰ মাজে মাজে কিছুমানত দ্বীপৰ দৰে বালিৰ চৰ-চাপৰি।তাৰ বাবে সম্পূৰ্ণ এক নতুন দৃশ্য।
    তাৰ মন-প্ৰাণ ৰোমাঞ্চিত হৈ আছিল এক সম্পূৰ্ণ অচিনাকী ঠাইলৈ যাত্ৰাৰ বাবে আনহাতে মহাবাহুৰ বিশালতা দেখি তাৰ মনত কিছু সংশয়ো উপজিছিল।পাৰাঘাট যেন গৈ নাপায়হে নাপায়।সম্পূৰ্ণ ডেৰঘ্ণ্টাৰ যাত্ৰাৰ অন্তত অৱশেষত ঘাটত ফেৰি লাগিলহি।ঘাটত ফেৰি লগাৰ লগে লগেই যাত্ৰীসকলে পাৰলৈ দৌৰি যোৱা সি লক্ষ্য কৰিলে।প্ৰথমে সি ধৰিব পৰা নাছিল কিহৰ বাবে এই লৰা-ধপৰা।পিছতহে সি ধৰিব পাৰিছিল পাৰত কিছু দূৰত ৰৈ আছেহি দূখন বাছ।তাৰমানে গন্তব্য ঠাইলৈ বাছেৰে আৰু যাব লাগিব।যাত্ৰীৰে পুৰিপূৰ্ণ বাছত সি ওলমি গ’ল।
    চপাখোৱাত গৈ সি হতাশ হ’ল-তাৰ ইমান দিনৰ কল্পনাৰ শদিয়া-এটা নিষ্প্ৰাণ মফচলীয়া চহৰ।তাৰ সকলো উৎসাহ-উত্তেজনা নিমিষতে শেষ হ’ল।
    পিছদিনাখন সি অফিচলৈ গ’ল নতুন চাকৰিত যোগদান কৰিবলৈ।নতুন বিষয়া যোগদান কৰিবলৈ অহা বুলি শুনি উপস্থিত কৰ্মচাৰীসকলে তাৰ লগত চিনাকী হ’বলৈ আহিল।চিনাকী পৰ্বৰ সচৰাচৰ দুই এটা কথা বিনিময় হোৱাৰ পিছত তেওঁলোকে তাক সুধিছিল-আপোনাৰ বিয়া হ’ল নে?প্ৰশ্নটো শুনি সি অপ্ৰস্তু হৈছিল।প্ৰথম চিনাকিতে ইমান ব্যক্তিগত প্ৰশ্ন! পাছত সি লক্ষ্য কৰিলে যে- ইয়াৰ মানুহৰ এয়া দস্ত্তৰ,প্ৰথম চিনাকী পৰ্বতে মানুহৰ বৈবাহিক স্থিতিৰ বিষয়ে জানি ল’ব বিচাৰে।
    নতুন অচিনাকি ঠাই।চিনাকী মানুহ আৰু বন্ধু-বান্ধৱৰ অভাৱ।প্ৰথম তিনিমাহ সি ইমান আমনি আৰু অকলশৰীয়া অনুভৱ কৰিছিল যে-এই ঠাইখনৰ প্ৰতি,ইয়াৰ মানুহৰ প্ৰতি,তাৰ নিজৰ কামৰ প্ৰতি মনত এক বিৰুপ ভাৱে প্ৰতিক্ৰিয়া কৰিছিল।তেতিয়া তাৰ মানসিক অৱস্থাটো ঠিক “ইংলিছ,আগষ্ট’”ৰ সেই অগ্যস্ত্য সেনৰ দৰে হৈছিল।এক বিচ্ছিন্নতাবোধ আৰু নিসংগতাই তাক অহৰহ পীড়া দিছিল।বহুদিন সি কামত মন বহুৱাব পৰা নাছিল।তেতিয়াই সি গুৱাহাটীলৈ গৈ বদলিৰ বাবে আবেদন কৰি আহিছিল।
    শদিয়া ঠাইখনক চৰকাৰী কৰ্মচাৰী সকলৰ মাজত অসমৰ ‘কলিয়াপানী’ হিচাপেহে জনাজাত।ইয়াত যোগদান কৰাৰ পিছতেহে সি কথাটো জানিছিল।চৰকাৰে বিষয়া-কৰ্মচাৰীসকলক ‘শাস্তি’ প্ৰদান কৰিবলৈ এই ঠাইখনলৈ বদলি কৰে।গতিকে ইয়াত নতুন মানুহ চাকৰিত যোগদান কৰিবলৈ আহিলে সন্দেহৰ চকুৰে চোৱা হয়।
    অফিচত এদিন নতুন বিষয়া যোগদান কৰিবলৈ আহিছিল-মানস দাস,মীন বিষয়া।মোম্বাইৰ পৰা ফিছাৰিত মাষ্টাৰ ডিগ্ৰী সমাপ্ত কৰিয়েই ইয়াত যোগদান কৰিবলৈ আহিছে।মানস আৰু সি একেখন কলেজৰেই ছাত্ৰ আছিল।মানসক পায় সি খুব আনন্দিত হ’ল-যেন সি মৰুভূমিত মৰুদ্যানহে বিচাৰি পালে।অন্তত: সি কথা পতাৰ সংগী বিছাৰি পালে।সিহঁতে এটা কোৱাৰ্টাৰত একেলগে থকাৰ ব্যৱস্থা কৰি ল’লে।
    মানসৰ যোগেদি পিছত তাৰ চিনাকী হৈছিল-ৰাজেন শৰ্মা,বিৰাজ নাথ আৰু অনন্ত গোস্বামীৰ লগত।লগতে বীণা আৰু ববিতা।আটাই কেইজনেই ইয়াত চাকৰি সূত্ৰে আছেহি।ৰাজেন,বিৰাজ,অনন্ত,মানস আৰু সি একেখন কলেজৰেই ছাত্ৰ আছিল।ৰাজেন আৰু বিৰাজ ইয়াতে জুনিয়ৰ টেলিকম অফিচাৰ।অনন্ত তাৰ ক্লাচমেট।ইতিহাস পঢ়াই ইয়াৰ হায়াৰ চেকেণ্ডাৰী স্কুলখনত।বীণা আৰু ববিতাই বিজ্ঞান পঢ়ায়।
    ইমানদিনে তাহাঁতৰ লগত দেখা সাক্ষাৎ হোৱা নাছিল।মানস অহাৰ পিছতহে সকলোৰে লগত তাৰ চিনাকী হ’ল।এতিয়া সিহঁতৰ মাজত এটা বন্ধুৰ ‘চাৰ্কোল’ এটা গঢ়ি উঠিল।
    এটা অবিবাহিত ডেকাৰ জুম-স্বাভাবিকতে আড্ডাত ছোৱালীৰ কথা ওলাইছিল।কথাটো প্ৰথমে ৰাজেনে উলিয়াইছিল-শদিয়ালৈ অহাৰ আগতে তাক পৰিয়ালৰ মানুহে সাৱধান বাণী শুনাই পঠাইছিল-ইয়াৰ ছোৱালীবোৰৰ পৰা সাৱধানে থাকিবলৈ।কথাটো সিহঁতৰ ‘বচ্’ ৰাজবংশী ছাৰৰ প্ৰসংগত ওলাইছিল।ৰাজবংশী ছাৰে ঘৰৰ অসন্মতিতে ইয়াৰেই ছোৱালী বিয়া কৰাই বহু বছৰ ধৰি ঘৰলৈ যোৱা নাই।বহু চৰকাৰী বিষয়া-কৰ্মচাৰী ইয়াৰেই ছোৱালী বিয়া কৰাই লৈ গৈছে অথবা বিয়া বাৰু কৰাই ইয়াতে নিগাজী হৈ থাকি গৈছে।শদিয়াৰ ছোৱালীবোৰ দেখিবলৈ অতি সুন্দৰী আৰু মোহিনী বাণ আছে বুলি খ্যাতি আছে।
    এই ঠাইখনৰ ইতিহাসৰ ওপৰত জ্ঞান থকা অনন্তৰ মতে-এই ঠাইখন আগতে ইতিহাস প্ৰসিদ্ধ ভীষ্মক ৰজাৰ ৰাজ্যৰ অন্তৰ্গত আছিল।ভীষ্মক ৰজাৰ অতি সুন্দৰী কন্যা ৰুক্মিনীক ভগৱান কৃষ্ণই হৰণ কৰি ৰথত লৈ যাওঁতে এই শদিয়া অঞ্চলতে হেনো ৰুক্মিনীৰ ওৰনি খহি গৈছিল।সেই কাৰণে হেনো ইয়াৰ ছোৱালীবোৰ প্ৰেমত বহুত ‘এগ্গ্ৰেচিভ’। মোহনী বাণ বুলি কোনো কথা নাই।আচলতে ৰুপ-লাবণ্যই ছোৱালীৰ মোহনী।
        অধ্যয়নপুষ্ট মানসে কৈছিল-হয়,তাকো মাকে সাৱধান কৰি দিছিল।সি ‘চিটি অফ্‌ জয়’ কিতাপখনৰ কথা উল্লেখ কৰি কৈছিল-বিদেশৰ পৰ পুৰুষ মানুহ ভাৰতবৰ্ষলৈ আহিলে হেনো ভাৰতীয় নাৰীৰ পৰা সাৱধানে থকিবলৈ কৈ পঠোৱা হয়।ভাৰতবৰ্ষ যাদু-মন্ত্ৰৰ দেশ-সুন্দৰী নাৰীসকলে বিদেশী পুৰুষক মন্ত্ৰৰে বশ কৰে বুলি কথিত আছে।তাকো বাইদেউহঁতে কৈছিল-‘লংকি,তোমাৰ বাবে আমি ইয়াতে ছোৱালী চাম ’।
    স্বাভাবিকতে সিহঁতেও শদিয়াৰ সুন্দৰী গাভৰুবোৰৰ পৰা সাৱধানে চলিছিল।গতিকে জীৱনটো এটা গতানুগতিক গতিত চলি থাকিল।
    কিন্তু হেমেনক লগ পোৱাৰ পিছতেই তাৰ নিৰস জীৱনটো হঠাতে প্ৰাণ পাই উঠিল।তেতিয়াই তাৰ জীৱনে হঠাতে লুটি বাগৰ মাৰি গতি সলাই দিলে।মাধুৰীয়ে তাৰ সমগ্ৰ সত্তাটো আৱৰি ৰাখিছিল।ইতিমধ্যে শদিয়াৰ জীৱন প্ৰণালীৰ লগত সি নিজকে খাপ খোৱাই ল’বলৈ চেষ্টা কৰিছিল।
    হেমেন পাঠক-তাৰ কলেজ হোষ্টেলৰ ৰুমমেট।সি ইয়াত ফৰেষ্ট ৰেঞ্জ অফিচাৰ।প্ৰায় তিনিবছৰ ধৰি ইয়াত আছেহি।তাক ইয়াতে এনেকৈ লগ পাব বুলি সি সপোনতো ভবা নাছিল।হায়াৰ চেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত সিহঁতৰ মাজত যোগাযোগ ঘটা নাছিল।
    হেমেন অকনো সলনি হোৱা নাই।অৱশ্যে কিছু শকত হৈছে।প্ৰাণ-প্ৰাচুৰ্য্যৰে ভৰা এজন সক্ৰিয় বন-বিষয়া।শদিয়াত চৰকাৰী বিষয়াসকলৰ মাজত বহুত জনপ্ৰিয়।তাৰ জৰিয়তে সি ইতিমধ্যে বিভিন্ন বিভাগৰ বিষয়াৰ লগত চিনাকী হৈছে।চিভিল হস্পিতালৰ ডা:কাকতি,ভেটেৰিনেৰিৰ ডা:মালাকাৰ,কৃষি বিষয়া হাজৰিকাদা আৰু বিভিন্নজনৰ লগত।
    হেমেনৰ বিয়া ঠিক হৈ আছে তিনিচুকীয়াৰে ডা:ৰমেন বৰুৱাৰ জীয়েকৰ লগত।ডা:বৰুবাৰ ডাঙৰজনী জীয়েকৰ বিয়া হ’ব অহা মাহত। গতিকে তেওঁলোকে ভাবী জোঁৱাই হেমেনক দায়িত্ব দিছে অৰুণাচলৰ ৰ’য়িঙৰ পৰা পনিৰ আনিবলৈ বিয়াৰ বাবে।গতিকে হেমেনে তাক লগ ধৰিলে ৰ’য়িঙলৈ।সিহঁত গ’ল ৰ’য়িঙলৈ অফিচৰ জীপছীখনেৰে।শান্তিপুৰ সীমান্ত চকী পাৰ হ’লেই অৰুণাচল প্ৰদেশ।শদিয়াৰ বিধ্বস্ত ৰাস্তাৰ পৰিবৰ্তে অৰুণাচল প্ৰদেশত প্ৰবেশ কৰাৰ লগে লগে আহল-বহল ধুনিয়া ৰাস্তা।চৌদিশে সেউজীয়াৰ সমাহাৰ।অৰুণাচলৰ প্ৰাকৃতিক শোভাই তাক মুগ্ধ কৰিছিল।প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিবেস্তিত ৰ’য়িং অৰুণাচল ডিবাং ভেলিৰ এটা সৰু ধুনীয়া পাহাৰীয়া চহৰ।তাৰ ডিফুলৈ খুব মনত পৰিছিল।
        এই ৰ’য়িং চহৰৰ মাজ মজিয়াতে আছে ডা:শিৱচৰন প’দ্দাৰ,ডা:বৰুৱাৰ বন্ধু।ভেটেৰিনেৰি বিভাগৰ বিষয়া।ডা:প’দ্দাৰৰ ঘৰ বিছাৰি উলিওৱাত সিহঁতৰ কষ্ট নহ’ল।সিহঁত যোৱাৰ খবৰ তেওঁলোকে ইতিমধ্যে পাইছিল।সিহঁতক ডা:প’দ্দাৰৰ মাকে আথে-বেথে আদৰিলে। ডা:প’দ্দাৰহঁত হিন্দিভাষী।কিন্তু ঘৰৰ সকলোৱে ধুনীয়া অসমীয়া কয়।তেওঁলোকৰ মাজত কিন্তু মৈথেলী ভাষাত কথা পাতে।মৈথেলী ভাষা শুনিবলৈ ইমান শুৱলা! সি জীৱনত প্ৰথম শুনিলে।ইতিমধ্যে ডা:প’দ্দাৰ অফিচৰ পৰা আহিল।প্ৰাৰম্ভিক চা-চিনাকীৰ পিছত তেওঁ হেমেনৰ পৰা ডা:বৰুৱাহঁতৰ কুশল-বাৰ্তা ল’লে।ডা:প’দ্দাৰে সিহঁতক পনিৰ প্ৰস্তত কৰা প্ৰক্ৰিয়াৰ বিষয়ে ব্যাখ্যা কৰি কলে-সময় কিছু ল’ব গতিকে তেওঁ পিছত হেমেনক জনাব।গতিকে চাহ-জলপান খোৱাৰ পিছত সিহঁতে ঘূৰি আহিবলৈ মনস্থ কৰিলে।কিন্তু ডা:প’দ্দাৰৰ পৰিবাৰে ভাত এহাজ খাই যাবলৈ জোৰ কৰাত থাকি গ’ল। ভাত ৰন্ধা হয় মানে সিহঁতে ৰ’য়িং চহৰ এপাক ঘূৰি মেলি আহো বুলি ওলাই আহিল।ৰ’য়িং সঁচাকৈয়ে এখন সৰু ধুনীয়া চহৰ।চহৰখনত সিহঁতে ঘূৰি মেলি চালে।তাৰ পিছতে সিহঁত গ’ল অৰুণাচল প্ৰদেশ বন বিভাগে উদ্ভিদ-উদ্যান ৰুপে গঢ়ি তুলা জৱাহৰলাল নেহৰু পাৰ্কখনলৈ।পাৰ্কৰ সৌন্দৰ্য্য দেখি তাৰ মন মোহিত হ’ল।পাৰ্কখনত গ্ৰীণ হাউছত নাম নজনা শতাধিক বনৰিয়া অৰ্কিড দেখি সি অভিভূত হ’ল।পাৰ্কখনৰ কাষেদি বৈ গৈছে খৰস্ৰোতা নদী দেওপানী। হিমালয়ৰ সু-উচ্চ পাহাৰৰ পৰা তীব্ৰবেগে বৈ অহা পানীৰ শব্দ দূৰৰ পৰাই শুনিব পোৱা গৈছিল।এই নদীখনতে থকা এছিয়াৰ দীৰ্ঘতম ওমলা দলংখনো সিহঁতে চাই আহিল।
    সিহঁতে দেওপানী নৈ পাৰ হৈ চেলি লেকখনো চাবলৈ গ’ল।চেলি লেক হ’ল পাহাৰৰ ওপৰত এটা প্ৰাকৃতিক জলাশয়।প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰাজি উপভোগ কৰি সিহঁত পুনৰ ঘূৰি আহিল ডা:প’দ্দাৰৰ ঘৰলৈকে।কিন্তু ডা:প’দ্দাৰৰ ঘৰত সিহঁতৰ কাৰণে ৰৈ আছিলহি অন্য এক সৌন্দৰ্য্যই।এইবাৰ সিহঁতক আদৰণি জনালে প’দ্দাৰৰ ভনীয়েক মাধু-মাধুৰী প’দ্দাৰে।মাধুক অপ্ৰত্যাহিতভাবে দেখি সিহঁত বাকৰুদ্ধ হ’ল আৰু থৰ লাগি চাই ৰ’ল।ইমান ধুনীয়া ছোৱালী-সিহঁত ৰাতিপূৱা আহোতেটো দেখা পোৱা নাছিল।
    তাই ওচৰৰে অফিচ এটাত চাকৰি কৰে।আলহি অহা বুলি গম পায় তাই ঘৰলৈ আহিছে ‘ভাবী’ক সহায় কৰিবলৈ।মাধুৱে আহঁক আহঁক-বহক বুলি কওঁতেহে সিহঁতৰ সম্বিৎ ঘূৰি আহিছিল।ইমান ধুনীয়া আকৰ্ষণীয় চকুজুৰি সি জীৱনত দেখা নাছিল।মন্ত্ৰমুগ্ধ সন্মোহিত মানুহৰ দৰে সিহঁতে অবাক হৈ মাধুৰ মুখ-মণ্ডললৈ থৰ লাগি চাই থকিল আৰু নিৰবে চ’ফাত বহি পৰিল।ভাবীয়ে সিহঁতক মাধুৰ লগত পৰিচয় কৰাই দিছিল।
    ভাবীজীয়ে ইতিমধ্যে খোৱা টেবুল ৰেডি কৰি থৈছিল।সিহঁত হাত-মুখ ধুই খোৱা টেবুলত বহিল।ইমান কম সময়তে ইমান আয়োজন!সিহঁতে ভাবীজী আৰু প’দ্দাৰ পৰিয়ালৰ আতিথিয়তাত মুগ্ধ হ’ল।সিহঁতে ভাবীজী আৰু মাধুক ধন্যবাদ জনাই ৰ’য়িঙৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু মাধুৰীৰ মধুৰ স্মৃতি বুকুত লৈ ঘূৰি আহিছিল শদিয়ালৈ।
    ৰ’য়িঙৰ পৰা ঘূৰি অহা বহুদিনলৈকে সিহঁতৰ মুখৰ পৰ মাধুৰ নাম গুচা নাছিল।সিহঁতৰ মুখত কেৱল মাধুৰীৰ ৰুপৰ বন্দনা।
    সেইদিনা ৰাতিখন তাৰ বহু ৰাতিলৈকে টোপনি অহা নাছিল।মাধুৰ সেই আকৰ্ষণীয় চকুজুৰিয়ে তাৰ মন-প্ৰাণ আলোড়িত কৰি আমনি দি আছিল।ছাবিশটা বসন্তই গৰকা তাৰ জীৱনত কোনো ছোৱালীয়ে মনত ইমান গভীৰভাবে প্ৰভাৱ বিস্তাৰ কৰা নাছিল।সি কোনো ছোৱালীৰ প্ৰতিও ৰোমান্তিক ভাবে আকৰ্ষণ অনুভৱ কৰা মনত নপৰে।কিন্তু মাধুৰীয়ে তাৰ মন প্ৰাণ ৰোমাঞ্চিত কৰি তুলিছিল।মাধুৰীৰ দুচকুৰ পৰা নিৰ্গত কিউপিডৰ কামধনুৰ শৰে তাৰ হৃদয় ক্ষত-বিক্ষত কৰিছিল।সুন্দৰী নাৰীৰ চকুৰ চাৱনিৰ আঘাত ইমান তীব্ৰ হব পাৰে বুলি সি কল্পনা কৰিব পৰা নাছিল।পিছদিনাখন ৰাতিপূৱা বহু সময়লৈকে সি বিচনাতে অলস হৈ পৰি থকিল।
    ওখ,লাহী আৰু লাবণ্যময়ী দেহাৰে মাধুৰী দেখাতেই সুন্দৰী,কিন্তু তাইৰ প্ৰভাৱশালী আকৰ্ষণীয় চকুযুৰিয়ে তাইক অধিক সুন্দৰী কৰি তুলিছিল।তাই স্বল্প আৰু মৃদুভাষী,কিন্তু তাইৰ চকুৰ চাৱনিয়ে বহু কথা ব্যক্ত কৰিছিল।তাইৰ দৰে সুন্দৰীৰ আকৰ্ষণীয় চকুযুৰিক দেখিয়েই হয়তো কবিয়ে লিখিছিল-তোমাৰ চকুত প্ৰিয়া,সাগৰৰ এচামুচ নীলা----
    কিন্তু অকল মাধুৰীৰ চকুযুৰিয়ে তাক আকৰ্ষণ কৰিছিল নে?
মাধুৰীহঁতৰ ঘৰত ভাত খোৱাৰ পিছত সিহঁতে খন্তেক জিৰণি লৈছিল।সেই খন্তেকীয়া মুহুৰ্ততে সিহঁতে ভাবীজী,মাধু আৰু মাকৰ লগত কিছু ঘৰুৱা আন্যান্য কথা পাতিছিল মাধুৱে তাৰ প্ৰতি আকৰ্ষণীয় চকুযুৰি নিক্ষেপ কৰি সুধিছিল-আপোনাৰলোকৰ কাৰবি মহিলাসকলৰ পোছাক মোৰ বৰ ভাল লাগে।খুব আকৰ্ষণীয় আৰু মাৰ্জিত পোছাক।নাৰীৰ সৌন্দৰ্য্যক ধুনীয়াকৈ তুলি ধৰে।আপোনালোকে মেখেলাক ‘পিনি’ আৰু চাদৰখনক ‘পেকক’ বুলি কয় নহ্য় নে?--- আৰু সেই ককালত বন্ধা বেল্টতো কি বুলি কয়--- অ’ ৱামকক,ৱামকক নহয় জানো?—তাই সঠিক উচ্চাৰণ কৰিব পৰা নাছিল।–মোৰ কাৰনে এযোৰ আনি দিব পাৰিবনে? তাই খাটনি ধৰিছিল।
    মাধুৰীৰ কথা শুনি সি বিস্মিত হৈছিল-তাই কৰ পৰা জানিলে ইমান কথা?তাই ব্যাখ্যা কৰি কলে যে আচলতে তাই উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় মহিলাসকলৰ সাজ-পোছক সংগ্ৰহ কৰি আহিছে।ভাবিজী আৰু মাকে জনালে যে এইটো তাইৰ চ’খ।তাই টেস্কটাইল টেক্টন’লজি পঢ়িছিল আৰু ফেশ্বন ডিজাইন কৰে।ইতিমাধ্যে অৰুণাচলৰ বিভিন্ন জানজাতীয় মহিলাসকলৰ সাজপাৰ সংগ্ৰহ কৰিছে,কিন্তু অসমৰ কিছুমান পোৱা নাই।গতিকে সি আনি দিব লাগে।
    গাড়ীলৈকে বিদায় দিবলৈ আহি তাই তাক পুনৰ সেই বিশেষ চাৱনি নিক্ষেপ কৰি কৈছিল-আকৌ আহিব দেই।নেকষ্ট্ বাৰ আহিলে পিনি-পেকক আনি দিবলৈ নাপাহৰিব দেই---।
    কিন্তু পিনি-পেকক আনিবলৈ সি ডিফুলৈ যাবলৈ নহ’ল।ৰ’য়িঙৰ পৰা ঘূৰি অহা বাৰ দিনৰ পিছতেই তাৰ বদলিৰ  আদেশ পত্ৰখন আহি পালেহি।সি কিন্তু ইমান সোনকালে বদলিৰ আদেশ আহি পাব বুলি আশা কৰা নাছিল।কাৰন এখন ঠাইত তিনি বছৰ পূৰ্ণ নোহোৱালৈকে বদলি কৰা চৰকাৰী নীতি-নিয়ম নাই বুলি তাৰ ফাইল দিছপুৰত আৱদ্ধ হৈ ৰৈছিল।ফলত সি শদিয়াৰ পৰা বদলি হোৱাৰ আশা বাদেই দিছিল।
    কিন্তু হঠাতে বদলিৰ আদেশ পত্ৰটো পায় সি এক দোদুল্যমান অৱস্থাত পৰিল।সি মনস্থ কৰিলে যে এই ঠাইখনৰ পৰা বদলি হৈ যোৱাৰ আগতে সি মাধুৰীক এবাৰ লগ কৰি যাবই আৰু পিনি পেকক খনো দি যাব।***

           ( বৰ্ণালী হাজৰিকাৰ প্ৰতি কৃতজ্ঞতাৰে)

Short Story-Night-mare

    গল্প নহয়, গল্পৰ চলেৰে এটা সঁচা কাহিনী                                ছাৰমেনৰ দুঃস্বপ্ন

ফেচবুক খোলাৰ লগে লগে তাৰ হ’ম পেজত নটিফিকেশ্বনৰ ৰঙা এলাৰ্ট জ্বলি থকা ছাৰমেনে লক্ষ্য কাৰিলে।সি এফালৰ পৰা সকলো এটা এটাকৈ খুলি চালে।এটা বন্ধুত্বৰ অনুৰোধ বনানী বৰুৱাৰ পৰা আৰু বাকী বন্ধু-বান্ধৱী সকলৰ পাৰ্ছনেল মেছেজ আৰু তাৰ ৱাল প’ষ্টিঙৰ ওপৰত কমেন্ট।ছাৰমেনে বন্ধুত্বৰ অনুৰোধটো কনফাৰ্ম কৰাৰ আগতে বনানী বৰুৱাৰ প্ৰ’ফাইল খুলি চালে-নাই ইনফৰ্মেচনত বিশেষ একো লিখা নাই।তাই ইটানগৰৰ-ইমানেই সি জানিব পাৰিলে।তাইৰ এলবাম খুলি চালে-অচিনাকী মুখ-তাৰ চিনাকী মুখৰ ভিতৰত নপৰে।তাই মিচ্যুৱেল বন্ধুৰ মাজতো নাই।মুঠতে তাই ছাৰমেনৰ সম্পূৰ্ণ অচিনাকী।এলবামৰ ফটোবোৰৰ পৰা তাৰ প্ৰাথমিক ধাৰণা হ’ল-তাই বিবাহিতা,দুজনী কিশোৰী ছোৱালীৰ মাক।সচৰাচৰ কৰাৰ দৰে ছাৰমেনে বিশেষ একো নভবাকৈয়ে বন্ধুত্বৰ অনুৰোধটো গ্ৰহণ কৰি কনফাৰ্ম কৰি দিলে।এক ই-সৌজন্যতা-ইমানেই।
    কিন্তু এদিন বন্ধুবোৰৰ মেছেজ আৰু আপদেডবোৰ পঢ়ি থাকোতে হঠাতে ছাৰমেনৰ মনত পৰিল-বনানী বৰুৱা-তাই নামৰুপৰ বনানী বৰুৱা নহয়টো?সি লগে লগেই মেছেজ কৰি সুধি পঠিয়ালে-‘আপুনি নামৰুপৰ বনানী বৰুৱা নহয়নে?’
    পিছদিনাখনেই তাই লিখিলে-‘ছাৰমেন,তুমি মোক চিনি পালা বাবে বৰ ভাল লাগিল---বিচাৰি বিচাৰি তোমাক ফেচবুকত পালো---কেইবাদিনো চাটিঙত কথা পাতিম বুলি ভাবিছিলো---কিন্তু তুমি মোক চিনি নাই পোৱা বুলিয়ে ইমান দিন অপেক্ষা কৰি আছিলো---কিজানি মনত পৰেইবা---ভগৱানক ধন্যবাদ,অৱশেষত তোমাৰ মনত পৰিল---ইমান দিনৰ পিছত তোমাক পায় খুব ভাল লাগিছে।তুমি অকণো সলনি হোৱা নাই।অলপ শকত হৈছা অৱশ্যে।–তুমি কি কৰা,ক’ত আছা মই নাজানো কিন্তু---মই তোমাক আপুনি-ছাপুনি মাতিব নোৱাৰো দেই—তুমি মোৰ সেই ক্লাছ চেৱেন-এইটৰ চিতুংলাংছ’ৰ ‘কৃষ্টি পঁজা’ৰ ছাৰমেন ৰংপি হৈয়েই আছা,বুজিলা? তোমাক নাই পাহৰা আৰু নাপাহৰো---বহুত দিনৰ পিছত তোমাক দেখি কি কম কি নকম লাগিছে---তোমাৰ শ্ৰীমতী আৰু ছোৱালীজনীৰ ফটোবোৰ চালো---বৰ মৰম লগা।উত্তৰ নিদিয়াকৈ নাথকিবা।উত্তৰ পালে মোৰ কথা জনাম---বনানী---সি একে উশাহতে মেছেজটো পঢ়ি পেলালে।হঠাতে তাৰ স্মৃতিৰ দোৱাৰ খোল খাই গ’ল।বনানী বৰুৱা তাৰ শৈশৱৰ পত্ৰবান্ধবী।ইমানদিনে তাৰ মনত পৰা নাছিল।
    সত্তৰ-আশী দশকত অসমত ‘পত্ৰ-বন্ধুৰ এক ‘ক্ৰেজ’ আছিল।অসমত তেতিয়া এনেকোৱা স্কুলীয়া ল’ৰা-ছোৱালী নোলাব যাৰ পত্ৰ-বন্ধু নাই।সিও তাৰ ব্যতিক্ৰম নাছিল।সি চিঠি লিখি ভাল পাইছিল আৰু চিঠি পঢ়িও ভাল পাইছিল।বনানীৰ মেছেজে তাক আকৌ এবাৰ শৈশৱ আৰু কৈশোৰৰ পত্ৰ-বন্ধুৰ সেই সোণোৱালী দিনবোৰৰ কথালৈ সোৱৰাই দিলে।পত্ৰ-বন্ধুবোৰৰ পৰা ডাকযোগে অহা চিঠি পোৱাৰ কি যে এক অনাবিল আনন্দ!তাৰ মনটো’পত্ৰ-বন্ধু’ৰ দিনবোৰলৈ ঘূৰি গ’ল-পত্ৰ-বন্ধুৰ পৰা পোৱা চিঠিবোৰ পঢ়োতে সেই মিঠা মিঠা অনামি অনুভূতি আৰু উত্তেজনা এতিয়াও সি অনুভৱ কৰিলে।হঠাতে হি নষ্টালজিক হৈ পৰিল।
    এটা সময়ত চিঠিয়েই আছিল খবৰ আৰু মনৰ ভাৱ আদান প্ৰদানৰ একমাত্ৰ মাধ্যম।সি এসময়ত বন্ধু-বান্ধবীলৈ এনফ্ৰাংকৰ ডায়েৰীৰ আৰ্হিত দীঘ্লীয়া চিঠি লিখিছিল।তাৰ ক’ৰবাত এবাৰ পঢ়া মনত আছে-চিঠি লিখা হেনো এটা আৰ্ট।এক সাহিত্য কৰ্ম।বিশ্বৰ বিখ্যাত লোক সকলে লিখা চিঠিবোৰ পৰবৰ্তি কালত উৎকৃষ্ট সাহিত্য ৰুপে বিবেচিত হৈছে।পণ্ডিত নেহেৰুৱে জেলৰ ভিতৰৰ পৰা জীয়েক ইন্দিৰালৈ লিখা চিঠিবোৰ সাহিত্যৰ কিতাপত স্থান পাইছে।
    কিন্তু সেই দিনবোৰ এতিয়া আৰু নাই।মানুহে এতিয়া চিঠি লিখা বাদ দিলে।এতিয়া আহিল ম’বাইল,এছ-এম-এছ,ই-মেইল,চাটিং,ৱাটছআপ,ছ’চিয়েল নেটৱৰ্ক ইত্যাদি।বহুদিন ছাৰমেনো চিঠি লিখা নাই।বৰ্তমান দিনত তাৰ বাবে ফেচবুকেই বন্ধু-বান্ধবী সকলৰ লগত সম্পৰ্ক ৰক্ষা কৰা উপযুক্ত মাধ্যম হিচাপে বিবেচিত হৈছে।কাৰন তাৰ স্কুল-কলেজীয়া বন্ধুবোৰক সকলোকে ফেচবুকত বিচাৰি পাইছে।কিন্তু শৈশৱ আৰু কৈশোৰৰ ‘পত্ৰ-বন্ধু’বোৰক কাহানিও ‘ফেচবুক’ত বিচৰা কথাটো তাৰ মনলৈ সমূলি অহা নাছিল।আচল কথাটো হ’ল-সি সঁচাকৈয়ে ‘পত্ৰ-বন্ধু’বোৰক পাহৰি পেলাইছিল।শৈশৱ আৰু কৈশোৰৰ এছোৱা কালৰ কথা ছাৰমেনে পাহৰি পেলাইছে।বিশেষকৈ চিতুংলাংছ’ৰ লগত জড়িত কথাবোৰ।বনানীয়ে চিতুংলাংছ’ৰ কথা উল্লেখ কৰাত তাৰ মনত পুনৰ সেই পুৰণা দুখে খুন্দা মাৰিলে।চিতুংলাংছ’ গাৱৰ সিহঁতৰ ‘কৃষ্টি পঁজা’ চাংঘৰটিযে কেতিয়াবাই ধ্বংস হৈ গ’ল সি এতিয়া বনানীক কেনেকৈ ক’ব?মৰমৰ ‘কৃষ্টি পঁজা’টি ধ্বংস হোৱাৰ দুখ পাহৰি যাবলৈ চেষ্টা কৰোতে চিতুংলাংছ’ৰ লগত জড়িত বহুতো কথাই যে সি পাহৰি পেলাইছে।বনানীয়ে ফেচবুকত তাক সোধে-মনত পৰেনে তোমাৰ ’৮১ চনৰ কথাবোৰ?নাই,ছাৰমেনৰ একো মনত নাই।সঁচাকৈয়ে তাৰ মনত পেলাব নাই-কিবা আছিল কথাবোৰ!!
    বনানীয়ে লিখে-তুমি চিতুংলাংছ’ৰ জুৰিটিৰ কথা আৰু তাৰেই কাছ আৰু মাছবোৰৰ কথা লিখিছিলা,চিতুংলাংছ’ৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনা কৰিছিলা,তুমি চিতুংলাংছ’ৰ শাৰী শাৰী ‘হেমথেংছং’ আৰু চ’মাংকান উৎসৱৰ কথা লিখিছিলা,পিনি-পেকক পোছাকৰ কথা লিখিছিলা---আৰু তুমি মোক ৰুণজুন বুলি সম্বোধন কৰি চিঠি লিখিছিলা,কিন্তু আপুনি বুলি তুমি মোক কেতিয়াও মাতা নাছিলা আগতে----একেবাৰে পাহৰি গৈছা যদি মনত নেপেলাও দিয়া---‘কৃষ্টি পঁজা’,চিতুংলাংছ’-এটা সময়ত এই ঠিকনাটি মোৰ বৰ চিনাকী আছিল---ইমান বছৰৰ পিছতো একেবাৰে পাহৰা নাছিলো---তোমালোকৰ হেমথেংছং ‘কৃষ্টি পঁজা’ চাংঘৰৰ্টি সেই আগৰ দৰেই আছেনে?নে এতিয়া তোমালোকৰ চিতুংলাংছ’ আৰু পাহাৰখন বহুত পৰিবৰ্তন হ’ল?---
    বনানী বৰুৱাই পুৰণি স্মৃতি ৰোমন্থন কৰি আৰু বহু কিবা কিবি লিখিছিল মেছেজত।কিন্তু ছাৰমেনৰ মনত ইতিমধ্যে এজাক ধুমুহা পাৰ হৈ গ’ল।যেনেকৈ সিহঁতৰ পৰিয়ালৰ ওপৰত, ‘কৃষ্টি পঁজা’ৰ ওপৰত এদিন এটা প্ৰচণ্ড ডাঙৰ ধুমুহাই পাৰ হৈ গৈছিল।মেছেজ লিখিবলৈ গৈও ছাৰমেন থমকি ৰ’ল।সি বহু সময় নিথৰ হৈ বহি থাকিল।তাৰ মানস পটত শৈশৱৰ হেৰুৱা স্মৃতিৰ ডোখৰীয়া ছবি আৰু ছিতুংলাংছ’ৰ ‘কৃষ্টি পঁজা’ চাংঘৰটি সজীৱ হৈ ওপঙি ৰ’ল বহু সময়।হঠাৎ সি আবেগিক হৈ পৰিল আৰু এজন সৰু ল’ৰাৰ দৰে উচুপি উঠিছিল।
    ছাৰমেনৰ এতিয়াও ভাবিলে বুকু একোণত বিষ অনুভৱ কৰে-দুখ লাগে-নব্বৈ দশকৰ কাৰবি আন্দোলনৰ সময়ত চিতুংলাংছ’ৰ ‘কৃষ্টি পঁজা’টি যে দুস্কৃতিকাৰী আন্দোলনকাৰীৰ আক্ৰমনত সম্পূৰ্ণ ভাঙি-ছিঙি ধ্বংস হৈ গ’ল।সেই আক্ৰমনত তাৰ শৈশৱ-কৈশোৰৰ স্মৃতি বিজড়িত চিঠি-পত্ৰ,এলবাম,কিতাপ-পত্ৰ আৰু মা-দেউতাই গঢ়ি তোলা কষ্টোপাৰ্জিত সম্পত্তি সকলো ধ্বংস হৈ গৈছিল।ফলত থান-বান হৈ গৈছিল সিহঁতৰ পৰিয়াল।এই ঘটনাই ছাৰমেনক ইমান দুখ দিছিল যে এসময়ত জীয়াই থকাৰ প্ৰেৰণাই তাৰ হেৰাই গৈছিল।মানসিক ভাবে সি ভাগি পৰিছিল।মানুহৰ ওপৰত তাৰ আস্থা আৰু বিশ্বাস হেৰাই গৈছিল।সি বন্ধু-বান্ধৱ আৰু মানুহৰ সংস্পৰ্শ আৰু সমাজৰ পৰা আঁতৰি ফুৰিছিল।এই ঘটনাৰ দুখে তাক ইমান আঘাত দিছিল যে সি বহুবছৰলৈকে বহুত চেষ্টা কৰিও পাহৰিব পৰা নাছিল। 
    জীৱনত কাদমক লগ নোপোৱা হ’লে ছাৰমেনে জীৱনটো নতুনকৈ জীয়াই থাকিবলৈ প্ৰেৰণা নাপালেহেতেন।তাৰ বাবে তায়েই বন্ধু,দাৰ্শনিক আৰু পথ প্ৰদৰ্শক।তাই প্ৰেৰণাৰ উৎস।তাইৰ সান্নিধ্য আৰু অনুপ্ৰেৰণাতেই সি চিতুংলাংছ’ৰ ঘটনাটো পাহৰিবলৈ চেষ্টা কৰিছিল।কাদমে তাক জীৱনৰ প্ৰতি নতুন দৃষ্টিভংগী ল’বলৈ আৰু জীৱনটো নতুনকৈ জীবলৈ প্ৰেৰণা যোগাইছিল।তাই ছাৰ মেনক বুজাইছিল-জীৱনত কেতিয়াবা কোনোবা আপোনজনক অথবা আপোন কিবা হেৰুৱালে মনত দুখ লগাটো স্বাভাবিক।হয়তো এই দুখবোধ কেতিয়াবা এক-দুই বছৰলৈকে থাকিব পাৰে।সেয়া কোনো ডাঙৰ কথা নহয়।কিন্তু এই দুখবোধ পাঁচ-ছয় বছৰৰ পিছতো যদি অনুভৱ কৰি থাকা সেয়াহে অস্বাভাবিক কথা।তোমাৰ এই দুখবোধে এদিন মানসিক ৰোগলৈ ৰুপান্তৰিত হ’ব।তুমি চিতুংলাংছ’ৰ ঘটনাটো সম্পুৰ্ণ পাহৰি পেলোৱা।জীৱনক প্ৰত্যাহ্বান হিচাপে লোৱা।জীৱনত তুমি ইয়াতকৈয়ো ডাঙৰ বিপদৰ সন্মুখীন হ’ব পাৰা-তেতিয়া কি কৰিবা?সৰু-খীন অৱয়বৰ এই কাদমজনীৰ ভিতৰতে যে এজনী শক্তিশালী ব্যক্তিত্ব লুকাই আছে সান্নিধ্যলৈ নাহিলে ধৰিব নোৱাৰি।কাদমৰ সাহচৰ্য্যত ছাৰমেনে চিতুংলাংছ’ৰ ঘটনাটো পাহৰি যাবলৈ চেষ্টা কৰিছিল। তথাপি তাৰ মনৰ এটা কোণত বিষণ্ণতাবোধ থকি গ’ল-যিটো সি কাহানিও কাকো প্ৰকাশ কৰা নাই।বনানীয়ে হৃদয়ংগম কৰিব পাৰিবনে?তাৰ জীৱনৰ এই ‘ট্ৰেজেডি’ৰ কথা বনানীয়ে বুজিব পাৰিবনে? নিজৰ জীৱনৰ দুখৰ কথা অচিনাকী মানুহৰ আগত প্ৰকাশ কৰাত ছাৰমেন পক্ষপাতী নহয়।কিন্তু বনানীয়ে যে চিতুংলাংছ’ৰ আৰু ‘কৃষ্ট পঁজা’ৰ বহু কথাই জানিছিল চিঠিৰ যোগেদি।তাই ছাৰমেনৰ আপোন মানুহৰ দৰেই-যদিও তাঁহাতৰ মাজত কাহানিও দেখা-সাক্ষাৎ হোৱা নাই।সি বহু কথাই তাইক ক’বলৈ মন গ’ল।ইমান দিনে তাৰ মনত সঞ্চিত হৈ থকা খং-ক্ষোভ,দুখ-বেদনা বিষাদ সকলো কথা।বুকু উজাৰি সকলো কথা প্ৰকাশ কৰিবৰ মন গ’ল ছাৰমেনৰ যাতে দুখবোৰ চিৰদিনৰ বাবে তাৰ মনৰ পৰা যেন আঁতৰি যাওঁক।ছাৰমেনে ফেচবুকৰ মেছেজ বক্সটো খুলি লিখিবলৈ ল’লে----
    ----বনানী,তুমি চিতুংলাংছ’ৰ ‘কৃষ্টি পঁজা’ৰ কথা সুধিছা,কিন্তু তোমাক কি কম-দেউতাই কাৰবি পৰম্পৰাগত চাংঘৰৰ আৰ্হিত আমাৰ মৰমৰ হেমটোন-হেমথেংছং ‘কৃষ্ট পঁজা’টি কাৰবি আন্দোলনৰ সময়ত দুস্কৃতিকাৰীহঁতে ভাঙি-ছিঙি ধ্বংস কৰি পেলালে---কৃষ্টি পঁজাৰ এতিয়া কোনো চিন-চাব নাই---আমি চিতুংলাংছ’ এৰি গুচি অহা বহুবছৰেই হ’ল---চিতুংলাংছ’ৰ কথা মই এতিয়া একো ক’ব নোৱাৰিম---চিতুংলাংছ’ৰ কথাবোৰ মই পাহৰিব বিচাৰো---কিন্তু নোৱাৰো---সেয়া ১৯৯৩ চনৰ কথা।স্বায়ত্তশাসিত ৰাজ্য দাবী আন্দোলন তেতিয়া তুংগত। শান্তিৰ মৰুদ্যান হিচাপে পৰিচিত কাৰবি পাহাৰ আন্দোলনকাৰীৰ বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীত অশান্তিময় পৰিবেশ। চাৰিওফালে শংকা আৰু সংশয়ৰ এক চেপা উত্তেজনাৰ পৰিবেশ।অনবৰতে বন্ধ,সমদল,গণ-সমাবেশ,হৰতাল,পথ-অৱৰোধ।মাজে মাজে দলীয় সংঘাত,আক্ৰমন-প্ৰত্যাক্ৰমন,ভাতৃঘাতী সংঘৰ্ষ।দাবী একেটাই-কিন্তু বিভাজিত আন্দোলনকাৰী।যেন যুযুধান দুটা দল।
    ২৭ মে’১৯৯৩ চন।ডকমকাৰ ছিং টেৰন গাঁৱৰ পাৰি টেৰনক নৃশংস হত্যা।হঠাতে ১০০ ঘন্টীয়া বন্ধ,হোষ্টেলৰ পৰা ঘৰলৈ আহি আৱদ্ধ হৈ ৰৈ গ’লো মই গাঁৱতে।২জুন,১৯৯৩ চনৰ ৰাতি।মোৰ এতিয়াও স্পষ্টকৈ মনত আছে।ঘটনাটো এতিয়াও মনত সজীৱ হৈ আছে।যেন সৌ সিদিনাখনৰ হে ঘটনা।
    জুন মাহৰ গৰমত আমি বহু পৰলৈকে শুব পৰা নাছিলো।ৰাতি কিমান বাজিছে আমি নাজানো।সম্ভব আমাৰ ঘৰৰ সকলোৰে চিলমিল টোপনি আহিছিল তেতিয়া।হঠাতে মানুহৰ গুণগুণনিৰ শব্দ আৰু এটা সমদল আমাৰ ঘৰৰ ফালে আগবাঢ়ি অহা যেন লাগিল।এইটো আমাৰ পৰিয়ালৰ মানুহৰ বাবে কোনো নতুন কথা নাছিল।কাৰন কেতিয়াবা আন্দোলনৰ সমদলকাৰী সকলে আমাৰ ঘৰৰ পদূলি মূখৰ আগেদি সমদল যাত্ৰা কৰি যায়।আৰু আমাৰ ঘৰৰ বিৰুদ্ধে শ্ল’গান দি দি যায়।অশ্ৰাব্য গালি-গালাজ কৰি যায়,শিলগুঅটি-চপৰাগুটি দলিয়াই থৈ যায়।আমাৰ পৰিয়ালৰ এটাই অপৰাধ আমি এই আন্দোলনকাৰীৰ পক্ষত নাই।
    আমাক সামাজিক ভাবে বৰ্জন কৰা হৈছিল।
কিন্তু সেইদিনা সেয়া আন্দোলনৰকাৰীৰ কোনো সমদল নাছিল।দেউতাৰ নাম ধৰি চিঞঁৰি চিঞঁৰি মতা আমি শুনিছিলো।হঠাতে শতাধিক মানুহ আমাৰ ঘৰৰ চাৰিওফালে আগুৰি ধৰিলে-ঘৰৰ দৰ্জা,বেৰ,খুটা,চালত সকলোতে লাঠিৰে বিশ্ৰামহীন ভাবে আঘাত কৰিলে।সৰু ভাইটিহঁতে টোপনিৰ জালত ধুমুহা অহা বুলি ভাবিছিল।ঘটনাৰ আকস্মিকতাত আমি কিংকৰ্তব্য বিমূঢ় হৈ পৰিছিলো।কোন মূহুঅৰ্তত শতাধিক মানুহ দৰ্জা ভাঙি সোমাই অহিলে আমি তলকিবই নোৱাৰিলো।অক্ৰমনকাৰীহঁতে আমাক সকলোকে নিৰ্বিচাৰে আক্ৰমন কৰিলে।আক্ৰমনকাৰীৰ মাজৰে এজনে চিঞঁৰা শুনিলো-‘বুঢ়ীক গাত হাত নিদিবা।বুঢ়ীক এৰি দিয়া’। মাই কান্দি কান্দি আক্ৰমণকাৰীসকলক কাবৌ কৰি কৈ আছিল-‘মোৰ বুঢ়াটোক নমাৰিবা,নামাৰিবা,বেমাৰি মানুহ।মৰি যাব’।মাই চিঞঁৰি চিঞঁৰি কান্দি আছিল।
    দেউতাক সিহঁতে নিৰ্দয়ভাবে খেদি খেদি মাৰিছিল।উপাই নাপাই দেউতাই পুখুৰীত জাপ মাৰি প্ৰাণ ৰক্ষা কৰিছিল।দেউতাই পুখুৰীত জাপ মাৰি পানীৰ তলেদি সাঁতুৰি পুখুৰীৰ এটা চুকত পানি মেটেকাৰে মুখ ধাকি লুকাই আছিল।বুঢ়া পানীত ডূবি মৰিল বুলি আক্ৰমণকাৰীহঁত গুচি আহিছিল।
    সৰু ভাইটি আৰু মই আক্ৰমণকাৰীহঁতৰ তীব্ৰ আঘাতত আৰু গছকত তেজেৰে লুটুৰি পুতৰি হৈ চোতালত অৰ্থ-অচেতন হৈ পৰি ৰ’লো।হঠাতে আক্ৰমণকাৰী দল লৰালৰিকৈ আঁতৰি গ’ল।দূৰৈত ৰাতিৰ আন্ধাৰত গাড়ীৰ পোহৰৰ দৰে পোহৰাই দিয়া দেখা গ’ল।
    ভাইটি এজনে আন্ধাৰৰ সুযুগ লৈ ইতিমধ্যে আক্ৰমণকাৰীৰ কবলৰ পৰা পলাই গৈ পুলিচক খবৰ দিছিল।
    পুলিচৰ গাড়ী আহি পোৱাৰ লগে লগে ‘কোন ক’ত আছে সোনকালে উঠা উঠা’বুলি কৈ অমাক সকলোকে গাড়ীত উঠাই ততালিকে চিতুংলাংছ’ ত্যাগ কৰি অশ্ৰয় শিবিৰলৈ লৈ আহিল।কিছুদূৰ গৈ লক্ষ্য কৰিলো গাড়ীত ভাইটি,দেউতা আৰু মই।মা নাই।মা ক’ত,মা ক’ত?আমাৰ মাজত হাহাকাৰ লাগিল।
    মা পিছদিনাখন আশ্ৰয় শিবিৰলৈ নিজে আহি ওলাইছিল।মা হেনো সেই ৰাতি জোপোহা এটাত লুকাই আছিল।গাড়ী অহা দেখা পাইছিল-কিন্তু সেয়া আক্ৰ্মণকাৰীৰ দল বুলি ভাবি ওলাই অহা নাছিল।
    সেই তেতিয়াৰ পৰাই আমি চিতুংলাংছ’ এৰিলো।বৰ্ত্ত্মান আমি ডিফুত থাকো।আক্ৰমণকাৰীহঁতৰ আঘাতত দেউতাৰ হাত ভাঙিল আৰু ভাইটিৰ ভৰি ভাঙিল।এক প্ৰ্কাৰ পংগু।মাই দুখতে অনবৰতে চকুপানী ঢুকে।চকুৰ পৰা অবিশ্ৰাম চকুৰ পানী বৈ আহে।ফলত চকুৰ দৃষ্টি হেৰাই গৈছে।
    গুৰুতৰভাবে মোৰ একো হোৱা নাই,কিন্তু আক্ৰমণকৰীহঁতৰ গছকৰ বাবে বুকু মাজে মাজে বিষায়।
    ---চিতুংলাংছ’ৰ কথাবোৰ মই পাহৰিবলৈ আপ্ৰাণ চেষ্টা কৰো।নিজৰ মাতৃভূমিতে গৃহহাৰা ভগনীয়া হ’বলগীয়া দূখ,নিজৰ মাটি-বাৰী হেৰুৱাব লগীয়া দুখ,নিজৰ জন্ম ঠাইৰ পৰা উচ্ছেদিত হোৱাৰ দুখবোৰ মই পাহৰিব খোজো।---কিন্তু চিতুংলাংছ’ৰ সেই অভিশপ্ত নিশাৰ ঘটনাটো আৰু আমাৰ মৰমৰ হেমটোন-হেমথেংছং ‘কৃষ্টি পঁজা’ ঘৰটো এতিয়াও কেতিয়াবা মাজে মাজে মই মোৰ সপোনত দেখো---এক প্ৰকাৰ ই এক দুঃস্বপ্ন---চিতুংলাংছ’ৰ সেই সমগ্ৰ ঘটনাতোৱেই মোৰ জীৱনৰ এটা দুঃস্বপ্ন---
কথাখিনি লিখি ছাৰমেনে ৰিপ্লাই বাটনত ক্লিক কৰি পঠিয়াই দিলে।তাৰ মনটো বহুত পাতল পাতল লাগিল-যেন বুকুৰ পৰা এছতা গধুৰ শিল আঁতৰি গ’ল।***
    (মোৰ এগৰাকী ফেচবুক বন্ধু বৰ্ণালী হাজৰিকাৰ এটা মেছেজৰ এটা শব্দই মোক এই কাহিনীটো লিখিবলৈ বাধ্য কৰাইছিল)



Tuesday, November 11, 2014

Karbi traditional attiers, ornaments and accessories

Karbi traditional attires, ornaments and accessories                                                                     -Kache Teronpi

In Karbi Anglong it has been observed that the demand for traditional attire is still very high as it is being preferred by the old and the young alike. So Karbi women weavers continue producing the traditional clothes, keeping alive the colours and designs of ancient time and at the same time modernising them. Though some of the clothes are now produced by modern power looms today yet the beauty and quality of traditional loom products can never be surpassed. The market is growing and we all wish that the growth   never stops.
         As the legend goes, the Karbis at the beginning used bark of trees to cover their bodies. Seeing their plight goddess Sintu brought cotton seeds from heaven and gave them to the people. Selangdi, a woman invented the art of spinning yarn from the cotton flowers. Rimsipi another women invented the art of weaving. After that a very creative woman named Dihun founded the art of colouring the yarns with flower, roots, seeds etc. making beautiful coloured designs on clothes. She is referred to as ‘ser’ meaning gold and immortalized as Serdihun, the patron of weaving. A ritual is performed even now praying for Serdihun’s blessings to rid the weavers from body pains.

         Karbi women still use ‘takiri’ a hand spindle to spin yarn. Natural dyes were used from shrubs, herbs, barks, roots, flowers, plants, seeds and insect secretions. Sibu plant was specially cultivated in every household for dyes.
         The karbi loom known as ‘kachivur-atherang’ is a    backstrap loom, which may have originated from the art of basketry and mat making credited to Saibisai jang-re. It is a simple implement consisting of the following parts basically made from bamboo-1. Therang(loom bar)2.Thening(shed rod) 3.Thepun(measuring rope)4.Uvek(bobbin)5.Thelangpong (heddle rod)6.Barlim (pattern sticks)7.Ingthi(reed/comp) 8.Hi-i(Heddle)9.Harpi(batten)10.Honthari langpong (Bobbin)11.Thehu(the backstrap)12.Dang(tightening stick) 13.Lang vet (sponging stick).
         With this traditional loom the weavers till today make various intricate designs inspired by nature, birds, fishes, flowers, trees and in modern times new objects also appear in their creations, aeroplane(rot ahem) being one of them.
         One notable aspect of Karbi traditional attire is that the different designs and colours of the clothes are meant for   particular age, sex and social status of the people using them.
The traditional attire of women consists of the following-
1.Pini-It is basically of black colour and worn around the waist tied with a belt. It can be of different designs called pini jangre, pini santok,  pini honki ranchom, marbong homkri, ahi cherop, chamburukso apini, pini mekserek etc.They are still produced in the traditional loom.

2.Pekok- It is a square piece of cloth tied at the right shoulder. It can be of different colours and designs like-pe seleng, pe duphirso, pe khonjari, pe luru, pe jangphong and pe sarpi. Pe sarpi was generally for older women, pe sleng, pe jangphong for middle aged women and pe duphirso was meant for young women. But this is not followed any longer. Pekok is now produced largely by power looms outside Karbi Anglong though the quality is not as good as that of traditional weavers.

3.Vamkok- It is the belt used to tie the pini tight at the waist. It has colourful fringes at both the length ends and can be found in the following designs- amekpi, amekso, abermung, thoithesuri angphar, suve arvo and phonglong angsu etc.This is still produced in the traditional loom.
4. Jiso-It was long black cloth with designs and decorated fringes at the length ends. It was used by women in ancient time to tie around the bust but now it’s replaced by short blouse for comfort and modern looks.
The attire of men consists of the following-
1.Choi- This is the jacket worn by men. They can be found in different types called choi hongthor, choi ik, choi ang,choi miri etc. Choi hongthor a ki-ik, choi hongthor ake-lok were meant for young men while Choi ang, choi miri were for middle aged and aged men.

2.Poho- It is worn around the head or used as muffler. But only the chiefs can wear the long white poho measuring 12 and half cubit. The differend kinds of poho are – simple long white poho, poho ke-er, and poho kelok with various designs.

3.Rikong- It is the loin cloth worn by men in ancient time during work, which is rarely used now. It was of the following types-rikong jongjong with colourful designs and simple white rikong bamon.
4.Sator- It is a white piece of cloth worn by men around the waist as the dhoti covering the whole length of the legs. A long pe seleng is also used as sator with colourful designs all over and borders at both the length ends which covers up to the knee.

         Besides these some other accessories are part of traditional attire of men and women. They are-
1.Jarong- It is a woven bag and serves many purposes. It can be found in different colours and designs. They are- jarong mokajin, jarong jambili and jarong miri. Jarong jambili is used in auspicious occasions.
2.Chui- It is a small bag for women which can be rolled up with silver girdle and decorated with silver coins. It is used to carry betel nuts and other things.
3.Piba- It is a piece of long thick cloth used to carry babies either tied in the back or front side of the body. It is also used to cover the head of young girls during the “Nimso kerung” dance ritual during chomangkan festival. They are of the following kinds-pi sobai, jir-ik and jiso. Jir-ik is also used to cover the head of a dead woman in her last rite.

4.Pelim- They are bed cloths of white colour with designs at the sides. Their different kinds are pelu and piniku. Pelu is for men and piniku for women with different designs. On wedding nights these two bed clothes are exchanged symbolising formal union of the groom and the bride. These two bed clothes are also needed to be spread on the death bed of men and women.
5.Pe-um- They are warm clothes or shawls and come in many designs and colours like pe khonjari, pe sarpi arjon, rinditho and pe khirwang.
         Various ornaments were also used by both men and women to adorn themselves. Women’s ornaments were mainly of silver as they were not allowed to wear gold. Only the males used gold ornaments. The ornaments are-
1.Lek-They are ornaments worn around the neck. Silver, gold, coins, colourful beads were used to make different kinds of neck ornaments. They were-  lek sobai, ser alek pongting, lek pengkhara, lek ruve, lek bonghom, lek waikom, lek manduli, lek jingjiri etc. Lek ruve, lek sobai and lek manduli were worn by men.  Many of these ornaments are no longer found.
2. Roi-They are kinds of bracelets worn around the wrists called roi pengkhara, roi ke-er, roi kelok etc.
3.No thengpi- They are ear ornaments. Their different types are-no thengpi  angrong katengbai, angrong kangchim etc worn by women. While norik was worn by men often made of gold or silver.

4.Arnan-They are rings for the finger. Arnan ke-et, arnan kelok, rup bonda, ser bonda, vokapardon arnan are some of the arnans used by the karbis. The priests wear rings made of copper.
5.Nokek/nokanti- a small  knife was carried by women in their bag called nokek or tari. Their handle was often made of ivory or buffalo horn decorated with coins. Nokanti is a special kind of large knife carried by men which was also decorated with ivory, silver coins etc.
6.Kove longtok- The older women used this small mortar and carried along in their bag for grounding betel nuts. Some used silver mortar for the purpose.
7.Saini hem- It is a small box to keep lime. It is often made of silver and a small spoon is fitted to it with a chain for taking out the lime.
8. Duk keduk-It was a tattooed line on the face of women from the forehead down to the chin. There are various theories explaining the origin of the tattoo, one being a deterrent for other invading tribes to take away the beautiful women folk and slowly it ended up being a mark of fashion. But it has become obsolete now.
9. So-ik: In olden times it was a fashion to blacken the teeth among the Karbi women. The wood of a tree called phar-ik was burnt to extract the sticky juice used for blackening the teeth and it was believed to prevent tooth decay.
                  These are some of the traditional attires and accessories of Karbi men and women inhabiting the Rongkhang area. Some have disappeared, some remained till today and used currently. They were created by people out of necessity and their utility is proved by their continuity. One particular fact must be noted here that there are slight local variations in many things among the Karbi people, so in attire and ornaments also there are variations and varieties.  Now our endeavour must be to preserve them. Preservation is most essential because they are our identity and our history. If one is lost a part of our identity is lost, part of our history is destroyed. In the name of modernity let us not distort and destroy our traditions and culture. ***


Thursday, October 30, 2014

বিশ্বৰ দহখন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়

          বিশ্বৰ দহখন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়
                              -মংগলছিং ৰংফাৰ
অতি পৰিতাপৰ কথা যে ২০১২ চনৰ বিশ্বৰ ২০০ খন শ্ৰেষ্ঠ  বিশ্ববিদ্যালয়ৰ তালিকাত ভাৰতৰ কোনো এখন বিশ্ববিদ্যালয় বা শিক্ষানুষ্ঠানে স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই ।প্ৰতি বছৰে Quacquarelly Symonds(QS)নামৰ প্ৰতিষ্ঠান এটাই বিশ্বৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয় ৰেংকিঙৰ এক সমীক্ষা চলাই আহিছে । এই সমীক্ষাত ভাৰতৰ বিশ্ববিদ্যালয় সমূহে ১০০টা ৰেংকিঙৰ ভিতৰত স্থান লাভ কৰাটো দুৰৰেই কথা ২০০টা ৰেংকিঙৰ ভিতৰতো স্থান লাভ কৰিবলৈ সমৰ্থ হোৱা নাই । এই সমীক্ষাই ভাৰতৰ বৰ্তমান শিক্ষানুষ্ঠান সমূহৰ পুতৌজনক স্বৰুপ উদঙাই দিছে । এইটো এটা অতি লাজৰ কথা যে যিখন ভাৰতবৰ্ষত পঞ্চম-ষষ্ঠ শতিকাতে বিশ্বৰ উচ্ছ শিক্ষা কেন্দ্ৰ নালন্দা আৰু তক্ষশিলাৰ দৰে বিশ্ববিদ্যালয় স্থাপন হৈছিল-সেইখন ভাৰতৰে এখনো শিক্ষানুষ্ঠান ২০০টা ৰেংকিঙৰ তালিকাৰ ভিতৰতো এটাও বাছনিত নুঠিল ! ভাৰতৰ ৰাষ্ট্ৰ্পতি প্ৰণৱ মূখাৰ্জীয়ে ভাৰতীয় শিক্ষানুষ্ঠান সমূহৰ এই দুৰৱস্থাৰ বাবে হতাশা প্ৰকাশ কৰি স্ংশ্লিষ্ট সকলোকে এই ঋণাত্মক ধাৰাটো পৰিবৰ্তন কৰিবলৈ আহ্বান জনাইছে ।
       আনহাতে কিন্তূ ভাৰতৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰী কপিল ছিবালে ভাৰতীয় শিক্ষানুষ্ঠান সমূহে বিশ্ব ৰেংকিঙত স্থান লাভ কৰিবলৈ সমৰ্থ নোহোৱাৰ মূল কাৰন-ভাৰতীয় শিক্ষানুষ্ঠান সমূহত বিদেশী শিক্ষক-ছাত্ৰৰ হাৰ সমানুপাতিক নোহোৱাৰ বাবে বুলি এটা দায়হৰা মন্তব্য কৰে । QS য়ে শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ সমীক্ষা কৰোতে কিন্তু অকল বিদেশী শিক্ষক-ছাত্ৰ সমানুপাতক গুৰুত্ব দিয়া নাছিল,অনান্য দিশতো সমানে গুৰুত্ব দিছিল । তেওঁলোকে এই সমীক্ষা চলাওঁতে ছয়টা parameter ক লৈ বিবেচনাৰ বাবে হাতত লৈছিল-Academic peer Review, Global Employer Review, Citation per Faculty, International Student Ratio, International Faculty Ratio, আৰু Faculty Student Ratio ।
       ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয় সমূহে বিশ্ব ৰেংকিঙত স্থান লাভ নকৰিলেও এচিয়া মহাদেশৰ জাপানৰ ৯ খন, চীনৰ ৭ খন, হ্ংকঙৰ ৫ খন, ছিংগাপুৰৰ ২ খন আৰু ছাউথ কোৰিয়াৰ ৭ খন   বিশ্ববিদ্যালয়ে বিশ্ব ৰেংকিঙত স্থান লাভ কৰিছে । হ্ংকং বিশ্ববিদ্যালয়,নেশ্বনেল ইউনিভাৰ্চিটি অৱ ছিংগাপুৰ,জাপান বিশ্ববিদ্যালয়,ছিউল নেশ্বনেল ইউনিভাৰ্চিটি,পিকিং বিশ্ববিদ্যালয় আদিয়ে বিশ্ব ৰেংকিঙত শ্ৰেষ্ঠতাৰ তালিকাত স্থান লাভ কৰিছে ।
       ২০১২ চনৰ বিশ্ব ৰেংকিঙত শীৰ্ষস্থান দখল কৰা প্ৰথম দহখন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ বিষয়ে আমি ইয়াত চমু পৰিচয় দাঙি ধৰিবলৈ প্ৰয়াস কৰিম ।

আমেৰিকাৰ মাচ্ছাছুচেটচ্‌ ইঞ্চটিটিউট অৱ টেকন’ল’জি(এমআইটি) য়ে ২০১২ চনৰ বিশ্ববিদ্যালয় ৰেংকিঙত বিশ্বৰ প্ৰথম শ্ৰেষ্ঠ বিশ্ববিদ্যালয় হিচাপে বিবেচিত হৈছে । এই বিশ্ববিদ্যালয়ে জ্ঞানৰ প্ৰচাৰ,প্ৰসাৰ আৰু স্ংৰক্ষণ কৰা কাম সম্পাদন কৰি আহিছে আৰু আন্যৰ লগত সহযোগিতাৰে এই জ্ঞানক লৈয়ে বিশ্বৰ ডাঙৰ ডাঙৰ প্ৰত্যাহ্বানকো মোকাবিলা কৰি আহিছে ।এম আই টিয়ে ইয়াৰ ছাত্ৰ সমাজক কেম্পাচত নানাবিধ বৌদ্ধিক উদ্দীপনাৰে কঠোৰ বিদ্যায়তনিক অধ্যয়ন আৰু উদ্ভাৱনৰ প্ৰতি উৎসাহৰ সংমিশ্ৰণেৰে এক শিক্ষা প্ৰদান কৰা দ্বায়িত্ব সম্পাদন কৰি আহিছে ।এম আই টিয়ে ইয়াৰ বিদ্যায়তনিক সম্প্ৰদায়ক প্ৰত্যেকজন সদস্যকে মানৱ সমাজৰ উন্নয়নৰ বাবে দক্ষতা আৰু গভীৰ অনুৰাগেৰে সুবিবেচনাপূৰ্ণ,উদ্ভাৱণীমুলক আৰু কাৰ্য্যকৰি কাম কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে । এম আই টিৰ লক্ষ্য হ’ল জ্ঞানৰ উৎকৰ্ষ সাধন,ছাত্ৰ সমাজক প্ৰযুক্তি বিদ্যাৰে শিক্ষিত কৰি গঢ়ি তোলা আৰু অনান্য বিষয়ৰ বিদ্যাৰে ২১শতিকাৰ পৃথিবীৰ মানুহক উৎকৃষ্ট সেৱা আগবঢ়োৱা ।

   কেমব্ৰিজ বিশ্ববিদ্যালয়ক বিশ্বৰ দ্বিতীয় শ্ৰেষ্ঠ বিশ্ববিদ্যালয় হিচাপে তালিকাভুক্ত কৰা হৈছে । কেমব্ৰিজ বিশ্ববিদ্যালয় হ’ল পৃথিবীৰ ভিতৰতে এটা অতি পুৰনি বিশ্ববিদ্যালয় আৰু ইউনাইটেট কিংডমৰ ভিতৰতে এটা আটাইতকৈ ডাঙৰ বিশ্ববিদ্যালয় । ইয়াৰ উৎকৃষ্ট বিদ্যায়তনিক সফলতাৰ সুখ্যাতি বিশ্ববিখ্যাত আৰু ইয়েই ইয়াৰ ছাত্ৰ সমাজৰ বৌদ্ধিক উৎকৰ্ষতা প্ৰতিফলিত কৰিছে লগতে ইয়াৰ বিশ্ববিদ্যালয় আৰু কলেজৰ গবেষক সকলৰ দ্বাৰা সম্পাদন কৰা বিশ্বমানদণ্ডৰ মৌলিক গবেষণা সমূহৰো ।ইয়াৰ সুখ্যাতিক কোৱালিটি এছুৰেঞ্চ এজেঞ্চি আৰু অন্য শিক্ষন প্ৰশিক্ষন সংস্থান সমূহেও অনুমোদন জনাইছে ।এই উচ্ছ্মানদণ্ডৰ বিদ্যায়তনিক সফলতাৰ আৰত হ’ল-কেমব্ৰিজ বিশ্ববিদ্যালয়ে আগবঢ়োৱা শৈক্ষিক বাতাবৰনৰ সুবিধা আৰু গৱেষণাৰ বাবে পুথিভঁৰাল,যাদুঘৰ আৰু অনান্য সংগ্ৰহৰ বিস্তৃত সমল ।কেমব্ৰিজত শিক্ষাদান কেৱল নিজৰ নিজৰ ক্ষেত্ৰত বিশ্ববিখ্যাত পণ্ডিত আৰু বিশেষজ্ঞ সকলৰ বক্তৃতা,চেমিনাৰ আৰু প্ৰেক্টিকেল শ্ৰেণীৰ ওপৰতে সীমাবদ্ধ নহয়,ছাত্ৰ সমাজক ব্যক্তিগত ভাবে শিক্ষা প্ৰদান কৰিবলৈও ব্যৱস্থা কৰি দিয়ে ।আনুষ্ঠানিক বা অনানুষ্ঠানিক ভাবে হলেও বিশেষজ্ঞ সকলৰ লগত মত বিনিময় কৰিবলৈ ছাত্ৰ্সকলক সুবিধা প্ৰদান কৰা হয় ।

   হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ক বিশ্বৰ বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠতাৰ ৰেংকিঙত তৃতীয় স্থানত ৰখা হৈছে। হাৰ্ভাৰ্ড হ’ল আমেৰিকাৰ আটাইতকৈ পুৰণি উচ্ছশিক্ষাৰ প্ৰতিষ্ঠান ।১৭৭৬ চনত আমেৰিকাৰ স্বাধীনতা ঘোষণা পত্ৰ চুক্তি সম্পাদন কৰাৰ ১৪০ বছৰৰ পূৰ্বে ইয়াৰ প্ৰ্তিষ্ঠা হৈছিল ।মাত্ৰ এজন শিক্ষক আৰু ন জন ছাত্ৰৰে আৰম্ভ কৰা হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় বৰ্তমান ১৮০০০ জন ডিগ্ৰীৰ ছাত্ৰ আছে ।ইয়াৰ বাহিৰেও তেৰ হাজাৰতকৈ অধিক ছাত্ৰ হাৰ্ভাৰ্ড স্কুলৰ অনান্য বিভাগত অধ্যয়ণৰত হৈ আছে ।চৈধ্য হাজাৰতকৈ অধিক লোক হাৰ্ভাৰ্ডত কৰ্মৰত,তাৰে দুই হাজাৰতকৈ অধিক লোক শিক্ষণ কাৰ্য্যত নিয়োজিত হৈ আছে ।



বিশ্বৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয় ৰেংকিঙত চতুৰ্থ স্থানত আছে UCL অৰ্থাৎ ইউনিভাৰ্চিটি কলেজ লণ্ডন । ইউ চি এল হ’ল  শিক্ষা জগতত গুণগত গৱেষণা আৰু শিক্ষা প্ৰদানৰ বাবে আন্তৰ্জাতিক খ্যাতি সম্পন্ন এখন মাল্টিডিচিপ্লিনাৰী বিশ্ববিদ্যালয়,য’ত বিজ্ঞান,কলা,সমাজবিজ্ঞান আৰু বায়’মেদিচিন আদি বিষয় পাঠ্যক্ৰমত সামৰি লোৱা হৈছে ।২০০৮ চনত ইউ চি এলক শ্ৰেষ্ঠ গবেষণা বিশ্ববিদ্যালয় হিচাপে অভিহিত কৰা হয় ।এই বিশ্ববিদ্যালয় খন লণ্ডনৰ মাজ মজিয়াতে এখন সৰু চৌহদত অৱস্থিত য’ত চাৰিও ফালে আগুৰি আছে বিশ্ব বিখ্যাত পুথিভঁৰাল,যাদুঘৰ,আৰ্কাইভ,সাংস্কৃতিক আৰু কাৰিকৰি প্ৰতিষ্ঠান সমুহে ।

       ইউনাইটেট কিংডমৰ অক্সফ’ৰ্ড বিশ্ববিদ্যালয় হ’ল বিশ্ব ৰেংকিঙত পঞ্চম শ্ৰেষ্ঠ বিশ্ববিদ্যালয় ।অক্সফ’ৰ্ড হ’ল ইংৰাজীভাষী জগতৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয় আৰু ই ন টা শতিকা জুৰি নিজৰ অস্তিত্ব বৰ্তাই ৰাখিছে ।পৃথিবী জুৰি উত্তম শিক্ষণ আৰু গৱেষণা কেন্দ্ৰ হিচাপে প্ৰসিদ্ধি লাভ কৰা অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে দেশ-বিদেশৰ ছাত্ৰ আৰু গবেষক সকলক আকৰ্ষিত কৰি আহিছে। অক্সফ’ৰ্ডৰ তিনিভাগৰ এফাগ ছাত্ৰই হ’ল বিদেশী ছাত্ৰ ।ওঠৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১৩০ টা জাতি-উপজাতিয়ে প্ৰতিনিধিত্ব কৰিছে ।

   ইম্পেৰিয়েল কলেজ,লণ্ডনক বিশ্বৰ ষষ্ঠ শ্ৰেষ্ঠ বিশ্ববিদ্যালয় হিচাপে বিশ্ব ৰেংকিঙত ৰখা হৈছে। ইম্পেৰিয়েল কলেজ,লণ্ডন হ’ল বিজ্ঞান,অভিযান্ত্ৰিক আৰু মেডিচিন ক্ষেত্ৰত উচ্ছ মানদণ্ডৰ শিক্ষা আৰু গৱেষণাৰ বাবে প্ৰখ্যাত বিশ্ববিদ্যালয় ।ইয়াৰ শিক্ষা আৰু গৱেষণাৰ ফলাফল সমূহ বানিজ্য,উদ্যোগ আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰ্ত বাস্তৱত সফল প্ৰয়োগ কৰা হৈছে ।বিশ্ববিদ্যালয় খনত তিনি হাজাৰো অধিক শিক্ষক আৰু গৱেষক আছে আৰু ১২০ খন দেশৰ চৌধ্য হাজাৰো অধিক ছাত্ৰ আছে ।বিজ্ঞান,অভিযান্ত্ৰিক,মেডিচিন আৰু বাণিজ্যৰ ক্ষেত্ৰত শিক্ষা আৰু গৱেষণাৰ বাবে থকা সুনামৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাশালী ছাত্ৰ-গৱেষক সকলক বিশ্ববিদ্যালয় খনৰ প্ৰতি আকৰ্ষিত কৰি আহিছে । আনকি চৰকাৰেও ইম্পেৰিয়েল কলেজৰ বিশেষজ্ঞৰ পৰা সততে দিশা-পৰামৰ্শ লয় ।বিশ্ব বিদ্যালয় খনে উদ্যোগ খণ্ডৰ প্ৰতি পৰামৰ্শ প্ৰদান কৰি আহিছে আৰু মেডিয়াৰ যোগেদি বিভিন্ন তথ্য যোগান ধৰি আহিছে ।

       য়েল বিশ্ববিদ্যালয় হ’ল বিশ্ব ৰেংকিঙত শ্ৰেষ্ঠতাৰ সপ্তম স্থান লাভ কৰা বিশ্ববিদ্যালয়।য়েল বিশ্ববিদ্যালয় হ’ল আমেৰিকাৰ প্ৰখ্যাত বিশ্ববিদ্যালয় সমূহৰ ভিতৰত এখন,যাৰ শিক্ষাৰ প্ৰতি সেৱা কৰা এটা দীঘল ইতিহাস আছে,যাৰ প্ৰাক্তন ছাত্ৰ সকলৰ তালিকা দেখিলে বিখ্যাত সফল ব্যক্তি সকলৰ ‘Who’s Who’তালিকা পঢ়াৰ দৰে লাগিব ।বৌদ্ধিক স্বাধীনতা প্ৰদানেৰে জাতি আৰু দেশ সেৱা কৰা যিটো ইউৰোপিয়ান দৰ্শন আছিল য়েল বিশ্ববিদ্যালয়ে সেয়া বাস্তৱত ৰুপায়ন কৰিছে ।ই এখন ইতিহাস প্ৰসিদ্ধ শিক্ষা প্ৰতিষ্ঠান,যিয়ে আমেৰিকান ৰেভ্যুলোচনৰ দৰে আটাইতকৈ ধ্বংসাত্মক বিপৰ্য্যয়ৰ দিনতো নিজকে জীয়াই ৰাখিবলৈ সক্ষম হৈছিল ।সেই তেতিয়াৰ পৰাই এই বিশ্ববিদ্যলয়ে ক্ৰমানয়ে উন্নতিৰ জখলাত উঠি বৰ্ত্ত্মান বিশ্ববিখ্যাত এখন উচ্ছ মানদণ্ডৰ শিক্ষা কেন্দ্ৰ হিচাপে পৰিগনিত হৈছে ।য়েল বিশ্ববিদ্যালয় খনক আমেৰিকাৰ আটাইতকৈ পুৰণি উচ্ছ শিক্ষা কেন্দ্ৰৰ ভিতৰত এখন বুলি ধৰা হয় ।১৭০১ চনত ইয়াৰ প্ৰতিষ্ঠা হৈছিল ।

       চিকাগো বিশ্ববিদ্যালয় অষ্টম স্থানত আছে বিশ্ব শ্ৰেষ্ঠ বিশ্ববিদ্যালয় ৰেংকিঙত । চিকাগো বিশ্ববিদ্যালয় ১৮৯০ চনত আমেৰিকান বেপ্তিষ্ট ইডুকেশ্বন চ’ছাইটি আৰু প্ৰখ্যাত ব্যৱসায়ী জন ডি ৰকেফেলাৰে প্ৰতিষ্ঠা কৰিছিল ।চিকাগো বিশ্ববিদ্যালয়ে আমেৰিকাৰ উচ্ছ শিক্ষা জগতত গভীৰ প্ৰভাৱ বিস্তাৰ কৰি আহিছে ।এই বিশ্ববিদ্যালয় খনক ‘Teacher of teachers’ বুলি জনা যায় ।

   প্ৰিঞ্চটন বিশ্ববিদ্যালয় হ’ল বিশ্ব ৰেংকিঙত নৱম স্থান প্ৰাপ্ত বিশ্ববিদ্যালয় ।প্ৰিঞ্চটন হ’ল আমেৰিকাৰ চতুৰ্থ আটাইতকৈ পুৰণি কলেজ ।প্ৰিঞ্চটন বিশ্ববিদ্যালয় গবেষণা বিশ্ববিদ্যালয় হিচাপে প্ৰখ্যাত ।

   কালিফ’ৰ্ণিয়া ইনষ্টিটিউট অৱ টেকন’ল’জি (Caltech)হ’ল বিশ্ব ৰেংকিঙৰ দশম শ্ৰেষ্ঠ বিশ্ববিদ্যালয় ।এই বিশ্ববিদ্যালয় খনৰ লক্ষ্য হ’ল গৱেষণা আৰু শিক্ষা যোগেদি জ্ঞানৰ প্ৰসাৰ ঘটাই সমাজৰ হিতৰ অৰ্থে  কাম কৰা ।বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত আটাইতকৈ প্ৰত্যাহ্বান মূলক মৌলিক সমস্যা সমূহৰ ওপৰত বিশ্ববিদ্যালয় খনে গৱেষণা কৰি আহিছে ।ছাত্ৰ সকলক সমাজৰ একো একোজন সৃষ্টিশীল সদস্য ৰুপে গঢ়ি তোলাই হ’ল বিশ্ববিদ্যালয় খনৰ উদেশ্য । ###




আন্দামানৰ জাৰাৱা জনজাতি আৰু পৃথিবীৰ পৰা লুপ্ত হোৱা ১০ টা জনগোষ্ঠী

আন্দামানৰ জাৰাৱা জনজাতি আৰু পৃথিবীৰ পৰা লুপ্ত হোৱা ১০ টা জনগোষ্ঠী
                  -মংগলছিং ৰংফাৰ
     পাঠক সকলৰ নিশ্চ্য় মনত আছে,এই বছৰৰ আৰমম্ভণিতে আন্দামানৰ জাৰাৱা মহিলাৰ অৰ্ধ-উলংগ নৃত্যৰ ভিডিঅ’ ফুটেজ বিভিন্ন প্ৰ্চাৰ মাধ্যমত প্ৰ্কশিত আৰু প্ৰ্চাৰিত হোৱাত সমগ্ৰ বিশ্বতে সভ্য সমাজৰ মাজত তীব্ৰ অসন্তুষ্টি আৰু প্ৰতিবাদৰ জোৱাৰ উঠিছিল ।ভিডিঅ’ ফুটেজটোত অৰ্ধ-উলংগ জাৰাৱা জনগোষ্ঠীৰ মহিলা সকল আৰু ল’ৰা-ছোৱলি সকলে পৰ্যটকৰ মনোৰঞ্জনৰ বাবে নৃত্য কৰা দেখোৱা হৈছিল ।আচলতে তেওঁলোকক খাদ্যৰ বিনিময়ত নৃত্য কৰিবলৈ বাধ্য কৰোৱা হৈছিল ।অভিযোগ মতে এগৰাকী পুলিছে পৰ্যটকৰ পৰা উৎকোচ লৈ এই কাৰ্য্যটো কৰোৱাইছিল । ইন্টাৰনেটত এতিয়াও এই ভিডিঅ’ ফুটেজটো উপলব্ধ ।
          পিছত এই ঘটনাৰ বিভাগীয় অনুসন্ধানৰ বাবে ভাৰতৰ জনজাতীয় বিভাগৰ মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিবলৈ বাধ্য হয় ।
জাৰাৱা সকল হ’ল অস্তিত্বৰ সংকটত ভোগা আন্দামানৰ এটা লুপ্তপ্ৰায় জনগোষ্ঠী।২০০১ চনৰ লোকপিয়লৰ তথ্য মতে আন্দামানত ২৪০ জন জাৰাৱা জনসংখ্যা আছে ।সভ্য সমাজৰ সংস্পৰ্শৰ পৰা আতৰি থকা হেতুকে জাৰাৱা সকলৰ সমাজ-সংস্কৃতিৰ বিষয়ে খুব কমেইহে জানিব পৰা গৈছে।স্থানীয় আকা-বিৰ ভাষাত জাৰাৱা মানে-‘বহিৰাগত’ বা ‘হিংসুক মানুহ’।


আন্দামানৰ অনান্য স্থানীয় প্ৰাচীন জনগোষ্ঠী বোৰৰ দৰেই জাৰাৱা সকল দ্বীপ খনত বহু হাজাৰ বছৰৰ পৰা বসবাস কৰি আহিছে।অনুমান কৰা হৈছে যে তেওঁলোকৰ পুৰ্বপুৰুষ সকল ৭০ হাজাৰ বছৰৰ পুৰ্বে আফ্ৰিকাৰ পৰা প্ৰব্ৰজন কৰিছিল-আৰু আফ্ৰিকাৰ পৰা বৰ্হিজগতলৈ এয়া প্ৰ্থম সফল মানৱ প্ৰব্ৰজন বুলি ভবা হৈছে।১৯৯৮ চনৰ আগলৈকে তেওঁলোকে সভ্য সমাজৰ লগত দূৰত্ব বজাই ৰাখিছিল আৰু বাহিৰৰ জগতৰ লগত হংযোগ ৰাখিবলৈ অনীহা প্ৰকাশ কৰিছিল।
জাৰাৱা সকল এতিয়াও খাদ্যৰ কাৰনে ছিকাৰ আৰু সংগ্ৰহৰ ওপৰতে নিৰ্ভৰ্শীল।জাৰাৱা সকলে ধনু আৰু কাড়েৰে হাবিৰ গাহৰি,জীৱ-জন্তূ আৰু মাছ চিকাৰ কৰে,মৌ আৰু গছৰ গুটি আদি সংগ্ৰহ কৰে।তেওঁলোকে ৪০-৫০ জনীয়া মানুহ দলবদ্ধ হৈ এটা যাযাবৰী জীৱন যাপন কৰে।
জাৰাৱা সকলৰ অস্তিত্বৰ প্ৰ্তি বৰ্ত্ত্মান আটাইতকৈ ডাঙৰ ভাবুকি হ’ল-জাৰাৱা সকলৰ সংৰক্ষিত ভুমিত বাহিৰা মানুহৰ বেদখল।১৯৭০ চনত ‘গ্ৰেট আন্দামান ট্ৰাংক ৰোড’ জাৰাৱা সকলৰ সংৰক্ষিত বাসভুমি হাবিৰ মাজেৰে নিৰ্মান কৰাৰ পিছতেই তেওঁলোকে অস্তিত্বৰ সংকটত ভুগিব লগীয়া হয়।বাহিৰৰ মানুহৰ লগত সংস্পৰ্শৰ ফলত আধুনিক ৰোগৰ প্ৰতি প্ৰতিৰোধী ক্ষমতা নথকা জাৰাৱা সকলৰ মাজত ১৯৯৯ আৰু ২০০৬ চনত ‘সৰু আই’ বেমাৰৰ প্ৰাদুৰ্ভাৱ ঘটে।অৱশ্যে এই বেমাৰৰ ফলত জাৰাৱা সকলৰ মৃত্যুৰ খবৰ পোৱা হোৱা নাই।
আন্দামানৰ পৰ্যটন উদ্যোগেও জাৰাৱা সকলৰ অস্তিত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। জাৰাৱা সকলৰ বাসভূমিক ‘Human Zoo’ আৰু ‘Human Safari’ হিচাপে ভাৰতীয় পৰ্যটন সংস্থা সমুহে ব্যৱহাৰ কৰি আহিছে।ফলত তেওঁলোকৰ স্বাভাবিক জীৱন প্ৰণালীত ব্যাঘাত ঘটিছে।পৰ্যটক সকলে প্ৰায়েই জাৰাৱা সকলৰ প্ৰতি খাদ্য সামগ্ৰী দলিয়াই দি, তেওঁলোকক জন্ত্তৰ দৰে ব্যৱহাৰ কৰে।
২০০৮ চনৰ মাৰ্চ মাহত আন্দামান নিকোবৰ প্ৰশাসনৰ পৰ্যটন বিভাগে ‘Protection of Aboriginal Tribes Regulation,1956’ আইনৰ অধীনত এক নিৰ্দেশ যোগে জাৰাৱা সকলৰ লগত যোগাযোগ কৰা,ফটো তোলা,তেওঁলোকৰ সংৰক্ষিত বাসভূমি অতিক্ৰ্ম কৰোতে ৰস্তাত গাড়ী ৰখোৱা,তেওঁলোকক গাড়ীত উঠোৱা আদি কাৰ্য নিষিদ্ধ কৰে।
অভিযোগ মতে যদিও নিষিদ্ধ বেচৰকাৰী পৰ্যটন সংস্থা সমুহে চৰকাৰী নিষেধাজ্ঞাৰ প্ৰতি ভেঙুচালি কৰি আজিও প্ৰত্যেক দিনাই ৫০০ জনীয়া পৰ্যটকক লৈ জাৰাৱা সকলক দেখুৱাবৰ উদ্দ্যেশ্যেৰে সংৰক্ষিত এলেকাৰ মাজেদি লৈ গৈ আছে আৰু পৰ্যটক সকলেও জাৰাৱা সকলক লগ কৰি ফটো আদিও তুলি আনে।
জাৰাৱা সকলৰ সংৰক্ষিত অঞ্চলত বহিৰাগতৰ অবাধ চলাচল আৰু বেদখলে লুপ্তপ্ৰায় জনগোষ্ঠীটোৰ অস্তিত্বৰ প্ৰতি চৰম ভাবুকিয়ে দেখা দিছে।বিশেষকৈ তেওঁলোকৰ সংৰক্ষিত বাসভূমিৰ মাজেৰে হাইৱে নিৰ্মান কৰাত তেওঁলোকৰ  ভুমিত ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি উঠিছে,চোৰাং চিকাৰিয়ে আৰু কাঠ চোৰ সকলে সংৰক্ষিত বনাঞ্চলৰ গভীৰ অৰণ্যলৈকে প্ৰবেশ কৰিবলৈ লৈছে।ফলত অদূৰ ভবিষ্যতে খাদ্যৰ বাবে চিকাৰৰ ওপৰতে নিৰ্ভৰ্শীল জনগোষ্ঠীটোৱে খাদ্য সংকটত পৰিব।বহিৰগত সকলে জাৰাৱা মহিলা সকলক যৌন শোষণ কৰা তথ্যও পোহৰলৈ আহিছে।বহিৰাগতৰ লগত সংমিশ্ৰণে অস্তিত্বৰ সংকটত ভোগ জনগোষ্ঠীটোক আৰু অধিক সংকটৰ ফালে ঠেলি দিব।ভাৰত চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহন নকৰিলে জাৰাৱা জনগোষ্ঠীটো হয়তো এদিন লুপ্ত হৈ যাব।
সময়ৰ সোঁতত বহুতো ক্ষুদ্ৰ জনগোষ্ঠী এই পৃথিবীৰ পৰা লুপ্ত হৈ যোৱাৰ উদাহৰণ আছে।বিশেষকৈ যক্ষ্মা আৰু বসন্ত আদি বেমাৰ আৰু মহামাৰীৰ বাবে,ইউৰোপীয়ান আৰু শ্বেতাংগ সকলৰ লগত সংঘৰ্ষৰ ফলত বহুতো ভূমিপুত্ৰ জনগোষ্ঠী মৃত্যু মুখত পৰিছিল আৰু কালক্ৰমত লুপ্ত হৈ গৈছিল।কিছুমান জনগোষ্ঠীয়ে আকৌ অন্য জনগোষ্ঠীৰ লগত সংমিশ্ৰ্ণ হৈ গৈছিল আৰু আনহাতে কিছুমানে সময়ৰ সোঁতত বিলুপ্ত হৈ গৈছিল।তাৰে ভিতৰত পৃথিবীৰ পৰা বিলুপ্ত হোৱা উল্লেখযোগ্য দহ টা ভূমিপুত্ৰ জনগোষ্ঠী হ’ল-১/বেওথুক জনগোষ্ঠী ২/কাৰানকাৱা ৩/মানদান ৪/চিছকা ৫/হাচাথ ৬/ব’ ৭/তাছ্মানিয়ান ৮/অ’না ৯/টাইন’ছ আৰু ১০/প’হাটান।
আমি ইয়াত এই দহটা জনগোষ্ঠীৰ বিষয়ে চমু আলোচনা কৰিবলৈ প্ৰয়াস কৰিম।
১/বেওথুক জনগোষ্ঠী: বেওথুক জনগোষ্ঠীৰ মানুহবোৰ ক’লা আৰু দীঘল প্ৰকৃতিৰ আৰু চুলি আৰু চকু কলা বৰণৰ।বৰ্তমানৰ নিউফাউণ্ডলেণ্ডত ভাইকিং সকলৰ বসবাস কৰা বহু হাজাৰ বছৰৰ আগতে তেওঁলোকে বসবাস কৰিছিল।জন কেবটৰ নেতৃত্বত ইউৰোপিয়ান সকলে যেতিয়াই সেই ঠাইখন দখল কৰে তেতিয়াই বেওথুক সকল তাৰ পৰা পলাই যাবলৈ বাধ্য হয়।শ্বেতাংগ সকলৰ আক্ৰমন, যক্ষ্মা বেমাৰ আৰু অপুষ্টিৰ ফলত ১৭০০ চনত বেওথুক জনগোষ্ঠী প্ৰায় বিলুপ্ত হৈ যায়।১৮২৯ চনলৈ নিউফাউণ্ডলেণ্ডত বেওথুক সম্প্ৰদায়ৰ কোনো লোক অস্তিত্ব নাইকি্যা হৈ যায়।
       


২/কাৰানকাৱা: কাৰানকাৱা সকল অমেৰিকাৰ আদিম অধিবাসী।তেওঁলোকে টেক্সাচৰ ইতিহাসত এক গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰিছিল।বেমাৰ,ইউৰোপিয়ান সকলৰ লগত সংঘৰ্ষ আৰু যুদ্ধত পৰাস্ত হৈ নিজৰ মাতৃভুমি হেৰোৱাৰ ফলত এই জনগোষ্ঠী সকল কালক্ৰমত লুপ্ত হৈ যায়।কাৰানকাৱা সকলে টেক্সাচৰ স্বাধীনতা যুদ্ধত এক গুৰুত্বপূৰ্ন ভুমিকা পালন কৰিছিল আৰু তেওঁলোকে যুক্তৰাষ্ট্ৰৰ পক্ষত থিয় দিছিল।
                      
৩/মানদান: বসন্ত বেমাৰ,যুদ্ধ আৰু যুক্তৰাষ্ট্ৰৰ লগত যুদ্ধচুক্তিয়ে মানদান জনজাতিৰ বিলুপ্ত হোৱাত যথেষ্ট অৰিহনা যোগাইছিল।বসন্ত ৰোগৰ মহামাৰিৰ ফলত ১৮৩৭ চনত মানদান জনজাতিৰ জনসংখ্যা ১২৫ জনলৈ হ্ৰাস পায়।১৯৩৪ চনত মানদান জনজাতি সকল অন্য জনজাতিৰ লগত সংমিশ্ৰ্ণ হৈ যায়।খাটি মানদান জনজাতিৰ অন্তিমজন ব্যক্তি ১৯৭১ চনত মৃত্যু ঘটে।
                          
৪/চিছকা: চিছকা জনজাতি সকলৰ বসভূমি হ’ল পুৱ টেনেছি আৰু দক্ষিন-পশ্চিম ভাৰ্জিনিয়া অঞ্চল। যেতিয়া ইউৰোপীয়ান সকলৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হৈছিল তেওঁলোকে প্ৰ্থমে সফলতা লাভ কৰিছিল। কিন্ত্ত অৱশেষত স্পেইনৰ জোৱান পাৰড’য়ে তেওঁলোকক পৰাস্ত কৰে।১৭০০ চনত তেওঁলোকে স্বাওনি জনজাতিৰ লগত সংমিশ্ৰিত হৈ চাছকেপে নাম গ্ৰহন কৰে।১৮ শতিকাত চিছকা জনজাতি সমপূৰ্ণ ভাবে বিলুপ্ত হয়,তেওঁলোকৰ চহৰ সমূহ দখলদাৰী সকলে জুই জ্বলাই ভস্মীভূত কৰে।
                         চিছকা

৫/হাচাথ: এই জনগোষ্ঠীৰ লোক সকল ভেংকুৱাৰ দ্বীপ আৰু বাৰ্কলেণ্ড দ্বীপত বসবাস কৰিছিল।তেওঁলোক নকটা জনগোষ্ঠী এটা ফৈদ।ইউৰোপীয়ান সকলৰ লগত সংযোগ আৰু বসন্ত ৰোগেই জনগোষ্ঠীটোৰ লুপ্ত হোৱা কাৰনে দায়ী বুলি ধৰা হৈছে।
                         

৬/ব’ জনজাতি: প্ৰায় ৬৫ হাজাৰ বছৰ ধৰি ব’ সংস্কৃতি আৰু ভাষা ভাৰতৰ আন্দামান দ্বীপত প্ৰ্চলিত আছিল।২০১০ চনত বোৱা চিনিয়ৰৰ মৃত্যু হোৱাৰ লগে লগে জনজাতিটোৰ লগত জড়িত ভাষা-সংস্কৃতি সকলো চিৰ দিনৰ বাবে বিলুপ্ত হৈ যায়।
                         

৭/তাছমানিয়ান: তাছ্মানিয়াৰ ভুমিপুত্ৰ এই জনজাতি সকল মহামাৰী আৰু বিভিন্ন ৰোগৰ ফলত বিলুপ্ত হয়।১৮২৮ আৰু ১৮৩২ চনৰ মাজত ব্ৰিটিছ সাম্ৰাজ্যবাদী আৰু তাছ্মানিয়ান সকলৰ মাজত সংঘটিত যুদ্ধ ও জনগোজাতিটোৰ বিলুপ্ত হোৱাত অৰিহণা যোগাই।
৮/অ’না: অ’না জনজাতি সকল বৰ্ত্ত্মানৰ চিলি আৰু আৰ্জেন্টিনাত বসবাস কৰিছিল।যদিও তেওঁলোগ বহিৰাগতৰ লগত এক সু-সমপৰ্ক বজাই ৰাখিছিল।১৯০০ চন মানলৈকে তেওঁলোকৰ জনসংখ্যা যথেষ্ট হ্ৰাস পায়।খ্ৰীষ্টান মিছ্নাৰী সকলৰ অশেষ প্ৰচেষ্টা স্বতেও এই জনজাতি সকল কুৰি শতিকাৰ মধ্যভাগত লুপ্ত হৈ যায়।


               
৯/টাইন’ছ: টাইন’ছ জনজাতি সকল হ’ল বৰ্তমান বাহামাৰ ভুমিপুত্ৰ।ইউৰোপিয়ান সকলৰ আগমনৰ লগে লগে টাইন’ছ সকলক তেওঁলোকৰ গৃহভূমিৰ পৰা উচ্ছেদ কৰা হয়।বসন্ত ৰোগৰ বাবে যোৱা ১৮ শতিকাত এই জনজাতি সকল বিলুপ্ত হৈ যায়।কিছুমান টাইন’ছ মহিলা সকলক স্পেনিছ সকলে বিবাহ কৰি এটা নতুন প্ৰজাতি জন্ম দিছিল।তেওঁলোকো বৰ্তমান লুপ্ত হৈ গৈছে।অৱশ্যে তাৰে মেজটিজ’চ সকল এতিয়াও জীয়াই আছে।



১০/প’হাটান: প’হাটান সকল হ’ল ভাৰ্জিনিয়া অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ এক সমষ্টি।তেওঁলোকে এলগ’কুইন ভাষা কয় যাক প’হাটান বা ভাৰ্জিনিয়া এলগ’কুইন বুলি জনা যায়।প’হাটান জনগোষ্ঠী প্ৰায় লুপ্ত হৈ গৈছে।বৰ্তমান মাত্ৰ ৮ জন প’হাটান জনগোষ্ঠীৰ মানুহ জীয়াই আছে বুলি জনা যায়।
                        


*****
        (ইন্টাৰনেটৰ তথ্যৰ সহায়ত যুগুত কৰা হৈছে)


Wednesday, October 29, 2014

Han-up ahi kiti- Traditional way of preserving pork with bamboo shoot

Han-up ahi kiti- Traditional way of preserving pork with bamboo shoot
We all know about “Ham”-processed pork traditionally made from the back legs of pig, which is preserved through processes such as curing, smoking or salting.
            We, the Karbis also have a unique traditional way of preserving pork with bamboo shoots. This age old traditional method of preserving pork is called-Han up ahi kiti. In Hill areas of Karbi Anglong the people still practice this traditional method-they rather observed it as an annual event with traditional dance, music and rituals.
            In the month of Chiti (September), this event is observed as a community festival in a village. So, there is even a saying in Karbi-“Chiti- han-up ahi kiti”. But some years it is delayed due to weather condition.
The villagers first collect bamboo shoots from nearby forest after the ritual of “keipho aphang akengri voti kepan” at the roots of a bamboo bush and stock them in a particular place. On a fixed day the villagers cut the bamboo shoots into pieces and smashed with heavy bamboo stick and mixed them with pieces of pork, ripe pumpkin and put them in an especially made bamboo basket covered with banana leaves and preserve this for 3-4 months. The liquid extraction of this mixture of pork and bamboo shoots is also collected from the basket through a pipe at the bottom. This liquid extraction of Han-up ahi is used for flavour and taste in curry.
            After preserving it for 3-4 month han-up ahi is ready for cooking and consumption. Traditionally preserved pork and bamboo shoots is a karbi delicacy. Those who have once tasted it can never forget the “Han-up ahi”.

            I have witnessed the event of han-up ahi kiti karcho in Langhan near Donkamokam on 24th and 25th October. 





Karbi Adorbar-its glorious contributions

Karbi Adorbar-its glorious contributions
                                                                                    Kache Teronpi
                                                                                               
Assam came under the British rule after the Yandaboo Treaty in the year 1826.But the other hilly regions of the North-East came under the British rule at different periods of time. Karbi Anglong known as Mikir hills came under the British rule in 1838. The hilly regions of the North-East including NC hills, Jayantia hills, Garo hills, Khasi hills, Naga hills, Mikir hills and Losai hills were kept under the direct administration of the governors due to its remote state and unique social set-up. Even so Mikir hills remained behind in all aspects, the people in the grip of poverty and social ills. Living in far-flung areas, having no permanent land of their own, roaming from hill to hill searching for new jhum lands, the light of education and modernity had not reached the Karbi people scattered all over that large and remote area called the Mikir hills tract and beyond.
            In this grim scenario Samsonsing Ingti became the first graduate from among the Karbis in 1933. He was acutely aware of the backwardness of his people and wanted to unite the whole Karbi people who were scattered all over the North-Eastern hills. Joining government service as a School Inspector, he worked dedicatedly for the education and social uplift of his people.
            In 1937 election was held for the Provincial Assembly in the Hill Tracts. In the background of India’s Independence Movement and the strong immergence of the Indian National Congress, Khorsing Terang,Mouzadar, philanthropist, a popular and influential personality, as congress candidate was elected to represent the Mikir hills tract, defeating Thengkursing Ingti and Mohansing Teron. The total number of voters in that election was 171. Only the Sarkari gaonburas were entitled to vote in those elections, who had to travel long distance to cast their vote in the designated polling centres in the Dak Bungalows outside the Mikir hills Tract. It was a step forward but not enough to bring overall change in the Karbi society.
            In the year 1940, in a meeting at Kathalguri in Nowgong some people from the community assembled to discuss various issues and formed KARBI ADORBAR, the first organisation of the Karbis . Sarsing Teron(Langkung Habe) and Semsonsing Ingti became the President and Secretary respectively. That same year Semsonsing Ingti got married to Labongolota Barua and settled in Nowgong. His house turned into the head office of Karbi Adorbar. And fortunate enough for the organisation, just after a few months of its formation the Assam Governor, Sir Robert Neil Reid passed through Karbi Anglong camping at Mohongdijua. Khorsing Terang, MLA and  resident of Mohongdijua arranged for his stay in a newly constructed and well designed bamboo hut. A memorandum, placed inside a beautifully decorated folder made of fine cane, was submitted to the Governor praying for special protection and development for the Karbis. It was read by Jotson Rongpi of Golaghat, dated 28th October 1940. Semsonsing Ingti , Sarsing Teron and Song Bey also accompanied the Governor as guides up to Golaghat via Malasi while Khorsing Terang and the Civil Sub-Divisional Officer turned back from the second camp due to ill health. During that long journey, Semsonsing Ingti, who had a good command over the English language, utilized that opportunity to present a clear picture of the deprivation of the Karbi people and their habitations.
                            Sarsing  Teron,Langkung Habe,Founder President,Karbi Adorbar
            For convenience Semsonsing Ingti resigned from his govt. Service in 1941  giving full time to his social work. He worked relentlessly to bring a change into the living conditions of his people. With the help of his associates, he campaigned for permanent settlement of the people  giving up their nomadic life and shifting cultivation , restriction on alcohol, reconstitution of large villages instead of small ones comprising of four five households, taking up modern way of cultivation and eradication of opium, the use of which was highly prevalent among the Karbi people then. Sarsing Teron Habe, one of his associates was also a licensed opium seller. But he too left that source of income for the betterment of society. They met the Lindokpo (traditional Karbi king) for the reformation of age old traditions and upliftment of social status of women was also taken up. Hitherto women were not allowed the use of umbrella and to walk in front of men. It was changed for good.  Thus work for social change went on quietly in the hills.
                       Semsonsing Ingti,Founder secretary,Karbi Adorbar
             Khorsing Terang as the MLA was immensely popular and famous as he tried even to help his people in his own capacity as their leader. Known as Khorsing Membor to all he was re-elected to the Provincial Assembly in 1945 as Indian National Congress candidate defeating independent candidates, Birendra Teron and Semsonsing Ingti. The total number of voters in that election was 294.  From 1945 onward there was a strong drive to form all Assam district committees of Karbi Adorbar. Barelong Terang who was member of Karbi Adorbar since 1941 took active part in its meetings organising its branch committees in Golaghat, Bokaghat, Nowgong, Dimapur, Haflong etc. In the meantime the political scenario changed. India was to get independence and a constitutional change was due. So in its annual meet at Kathalguri the issue of a district for the Karbi people was raised. In 1946, in its annual meeting at Habaipur around 2000 people attended. In the presence of Deputy Commissioner of Nowgong  R R Khound, Khorsing Terang, MLA, Asst Inspector of schools Bandhuram Kachari, all the Habes, Karbis from North Lakhimpur, Darrang, Nilip, Rongkhang and presided over by Professor Mahesh Goswami, Karbi Adorbar was reconstituted as political organisation to represent the Karbi people. The name of Khorsing Terang was proposed as President of Karbi Adorbar but he declined being an MLA. So  Sarsing Teron Habe of Hongkram was retained as President and Semsonsing Ingti, Nowgong, as Secretary. Treasurer was BirenTeron, Mouzadar, Duar Amla. The members were Harsing Ingti, Longre; Song Bey, Golaghat ; Thengkrong Rongpi, Mouzadar, Deithor; Bonglong Terang, Dilai; Reverent Hondrowell Millik, Putsari; Kat Tisso, Baghpani; John Kathar, Borthal; Khorsing Ronghang, Mouzadar, Bor Neuria; Langtuk Ingti, Gaobura, Silimkhua and Nihang Rongpi, Deihori. On the 1st of May 1947, the Karbi Adorbar submitted a memorandum to Sir Andrew Goulay Claw, ICS for due recognition to the association and prayed for its consultation in matters of reconstitution of the country. They visited Shillong and Delhi many times to place various demands for the Karbi people often with financial assistance from Khorsing Terang. They also met the Constituent Assembly to place the same demands.
                         Khorsing Terang,MLA and President Karbi Adorbar
            On 18th May 1947, Karbi Adorbar met Bordoloi Committee and submitted another memorandum. Khorsing Terang, Semsonsing Ingti, Song Bey, Barelong Terang, Soi Soi Terang, Chatrasing Teron, Bonglong Terang, Sarsing Teron presented themselves before the Committee placing their demand for a district comprising the areas occupied by the Karbi people. In the new district the Karbi people must have the right to self-rule and autonomy. Voting rights, preservation of culture, language, customary law etc. were enlisted in their demand. In the Border Determination Committee Semsonsing Ingti, Song Bey, Sarsing Teron, Khorsing Terang were selected as members for the formation of a district.
            In 1948, the preparation was on for the annual session of Karbi Adorbar to be held at Kasomari in Duar Amla. Semsonsing Ingti’s ceaseless work since 1934 affected his health and started showing signs. Just then the intimation of Boundary Determination Committee meeting reached Karbi Adorbar and they had to leave immediately for Shillong. But unfortunately soon after that the darkest hour for the Karbi people and Karbi Adorbar arrived. On 27th February 1948 Semsonsing Ingti died at his residence in Nowgong Christain Patty, a few days before the Karbi Adorbar session, to take place in the month of March, for which he had been so enthusiastically working. Semsonsing Ingti left for his heavenly abode without seeing the fulfilment of his cherished dreams.
            But Karbi Adorbar with heavy heart continued and worked on to realise that dream of a Karbi Land for the Karbi people. In 1951 Khorsing Terang became the President of the organisation.
            At last in 1951 the district of United Mikir and North Kachar Hills was formed. An Interim Committee was constituted in the conference of Karbi Adorbar at Kuligaon the same year. Special Officer C S Booth selected members to the Interim Committee for the new district till the election, in the presence of Kabon neli Timungpi Khongmen, MP, Shillong. The members were Khorsing Terang, Nihang Rongphar, Moniram Langneh, Barelong Terang, Sarsing Teron, Habe, Harsing Ingti, Davidlong Enghee, Birendra Teron, Longsing Tisso, John kathar and Dharmeswar Engleng. The committee continued in office till 1952.
            Karbi Adorbar as an ally of the Indian National Congress won the election to the District Council and formed the 1st   Autonomous District Council Body under the leadership of Khorsing Terang on 23rd June 1952 under the Sixth Schedule of the Indian Constitution. The elected members were Khorsing Terang CEM, Nihang Rongphar, Sarsing Teron,Habe, Harsing Ingti, Chandra Ingti, Nihang Tokbi, Soisoi Terang, Longsing Tisso, Raidang Ingti, Hondor Millik, Langtuk Ingti and Moniram Engleng.  Karbi Adorbar ruled karbi Anglong till 1978 when Janata supported govt formed the Council. During its long rule, spanning 26 years, it had initiated many progressive measures like road connectivity, establishment of schools, hospitals, model villages, etc. in the new district where so many things had to be done to make a new beginning. Some failures due to inexperience, internal feuds and politics from outside made Karbi Adorbar lose mandate from the people. After the election in 1989, the ASDC came to power ushering in a great change in Karbi Anglong. Karbi Adorbar gradually ceased as a political party, making a quiet exit, paving way for the INC to take over its mantle.
            Nevertheless the work of Karbi Adorbar , Semsonsing Ingti and Khorsing Terang will always be remembered. It cannot be ignored as past. It is of great significance for each and every Karbi even today. Its contribution in acquiring the recognition for the Karbis as a people (tribe) in the pre-independence era just cannot be set aside as it saved them from being completely wiped out in the process of assimilation with other larger communities. On the issues of social reformation and unification of the people also, Karbi Adorbar played a consequential role which should never dim in public memory. Everyone from the community must be grateful and owe their identity and self respect to all those great souls who toiled united as a force under the banner of Karbi Adorbar and the able leadership of Semsonsing Ingty and Khorsing Terang to create a homeland to call their own and unite them as a people. The legacy of Karbi Adorbar must live on and continue as long as the Karbis live.***

***Reference:1.Jana nayak Semsonsing Ingti by Samsing Hanse 2. Smritiprobah by Barelong Terang 3. Karbi Anglogor Rajnoitik Etihash by Borsing Rongphar 4.Abihambadi Jananeta Khorsing Terang by Longkam Teron 5.Karbi Anglong-Election Results Since 1937 by Borsing Romgphar